Kapé MAC - R News India 24
Skip to content
® MAC ৰ পুঁজিৰে নিৰ্মাণ কৰা শ্ৰেণীকোঠাৰ শুভ উদ্বোধন।
২২/০৯/২০২৬ তাৰিখে
মিচিং স্বায়ত্বশাসিত পৰিষদৰ আৱণ্টিত পুঁজিৰে ৭ নং চিমেন চমকং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত শেনচোৱা জেউতি প্ৰাথমিক বিদ্যালয়, ৬নং অৱাং জ’নাই পৰিষদীয় সমষ্টিৰ বদলপুৰ বৰ্মন গাওঁ প্ৰাথমিক বিদ্যালয় আৰু ৪নং দেবিং ডেটাক পৰিষদীয় সমষ্টিৰ ২নং সুকান নালা প্ৰাথমিক বিদ্যালয়ৰ নৱনিৰ্মিত শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
আনহাতে, ৭ নং চিমেন চমকং পৰিষদীয় সমষ্টিৰ শেনচোৱা গাৱঁৰ হৰিমন্দিৰৰ আধাৰশিলা স্থাপন কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে।
উক্ত শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্যদ্বয় নৰেশ্ব কুম্বাং, পদুম ৰায়, কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, সাধাৰণ সদস্যদ্বয় ববিকান্ত পেগু, ৰাজু পেগু, গণশক্তি উপ-সভাপতি হিৰণ্য দত্ত, গণশক্তিৰ অন্যান্য বিষয়ববীয়া, বিদ্যালয়ৰ সমূহ শিক্ষকবৃন্দ, পৰিচালনা সমিতিৰ বিষয়ববীয়া, অভিভাৱক সকল, ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় ৰাইজ।
® ২৪নং ৰঙানদী পৰিষদীয় সমষ্টিত নতুনকৈ মেৰামতি কৰা বিদ্যালয় গৃহৰ শুভ উদ্বোধন।
২৮/০৯/২০২৬ তাৰিখে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ পুঁজিৰে ২৪নং ৰঙানদী পৰিষদীয় সমষ্টিৰ মেৰামতি কৰা শিঙৰা প্ৰাথমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে।
শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে TMMKৰ সভানেত্ৰী হেমলতা মিলি পাৱে, TMPK লখিমপুৰ জিলা সমিতিৰ সদস্য বিপিন চন্দ্ৰ মিলি, উক্ত বিদ্যালয়ৰ শিক্ষকবৃন্দ, পৰিচালনা সমিতি, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া।
® মিচিং আগম কৗবাঙৰ ২৫ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশন।
২৫/০৯/২০২৬ তাৰিখে Silapothar, Do:nyi-Po:lo Dírbí Lottaত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং আগম কৗবাং (মিচিং সাহিত্য সভা)ৰ ২৫ সংখ্যক ত্ৰি-বাৰ্ষিক সাধাৰণ অধিৱেশন অনুষ্ঠিত কৰে।
বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, বিশিষ্ট সাহিত্যিক আগম মিগাং নাহেন্দ্ৰ পাদুন, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু।
উপস্থিত থাকে মিচিং আগম কৗবাঙৰ প্ৰাক্তন সভাপতি/সম্পাদক, মিচিং জনগোষ্ঠীৰ জাতীয় সংগঠন MBK, MMK, MDK, TMMK, TMPKৰ কেন্দ্ৰীয় সভাপতি/সম্পাদক সকলৰ লগতে অন্যান্য বিষয়ববীয়া আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী আৰু সাধাৰণ সদস্য সদস্যা, মিচিং আগম কৗবাঙৰ কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিকৰ সমূহ বিষয়ববীয়া।
® বিনামূলীয়া মাছৰ দানা বিতৰণ।
২৬/১০/২০২৬ তাৰিখে মিংমাং যুটীয়া কৃষি সমবায় সমিতিৰ উদ্যোগত সমিতিৰ সদস্য/সদস্যা সকলক বিনামূলীয়াকৈ মাছৰ দানা বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰে।
উক্ত বিতৰণ কাৰ্য্যসূচীৰ শুভাৰম্ভণী কৰে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।
উপস্থিত থাকে গণশক্তি, মিচিং জাতীয় সংগঠন MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া।
প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক Rnewsindia24.com