Mising Autonomous Council

Kapé MAC

Spread the love

 

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত APSC-UPSC Sponsorship Coaching Programme ৰ Pre-Screening Test Seminar অনুষ্ঠান।

০৬/০৮/২০২৬ তাৰিখে গোগামুখ চেতিয়া গাঁৱস্থিত RLRC প্ৰেক্ষাগৃহত মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত আৰু Compition Care ৰ সহযোগত পৰিষদীয় এলেকাৰ ৩য় বেট্‌চৰ APSC-UPSC Sponsorship Coaching Programme ৰ Pre-Screening Test Seminar অনুষ্ঠিত কৰে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উক্ত Seminar ত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ACS বিষয়া পাৰ্থপ্ৰতিম নেওগ, Compition Careৰ Founder তথা CEO অংশুমান গগৈ।

উপস্থিত থাকে MD ৰাজ পল্লৱ গগৈ, প্ৰশিক্ষকদ্বয় মানস নৰহ, আশীষ ঘোষ, পৰিষদৰ কাৰ্য্যবাহী সদস্যদ্বয় অনিল পায়েং, বিজু পেগু, কাৰ্য্যবাহী সদস্যা ভৱানী দুৱৰা, সাধাৰণ সদস্য ক্ৰমে – ৰাজু পেগু, মুকুল পেগু, নিলকান্ত দলে, দিলীপ পেগু, সাধাৰণ সদস্যা নিভা পেগু মিলি, RLRC ৰ সঞ্চালক চত্ৰ মেদক, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু ছাত্ৰ-ছাত্ৰী সকল।

® শ্বহীদ অঞ্জনা কাপ ২০২৬।

০৫/০৮/২০২৬ তাৰিখে “শিক্ষক দিৱস” উপলক্ষে শ্বহীদ অঞ্জনা কাপ সমিতি আৰু মিংমাং আঞ্চলিক TMPKৰ উদ্যোগত আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ সহযোগত মিংমাংস্থিত কঠালগুৰি খেলপথাৰত “শ্বহীদ অঞ্জনা কাপ ২০২৬”ৰ চুড়ান্ত প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

উক্ত চূড়ান্ত প্ৰতিযোগিতাত ১-০ গ’লৰ ব্যৱধানত গা-ডাঙৰচুক দলক পৰাজিত কৰি গেৰমে এফ চি দলে “অঞ্জনা কাপ ২০২৬”ৰ বিজয়ৰ খিতাপ অৰ্জন কৰে।
শ্ৰেষ্ঠ খেলুৱৈ ট্ৰফী গেৰমে এফ চি ৰ ভৱেশ পেগু, শ্ৰেষ্ঠ গ’লৰক্ষক ট্ৰফী বসন্ত টাইদ, শ্ৰেষ্ঠ স্কোৰ ট্ৰফী ৰাহুল পাতিৰে লাভ কৰে।

আনহাতে, শ্বহীদ অঞ্জনা কাপৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা ভলীবল প্ৰতিযোগিতাত চেম্পিয়ন ট্ৰফী লাভ কৰে কে ভি চি চি দলে আৰু ৰানাৰ্ছ আপ ট্ৰফী লাভ কৰে মহৰিকেম্প ভলীবল ক্লাপে।

কাবাডী প্ৰতিযোগিতাত চেম্পিয়ন ট্ৰফী লাভ কৰে নামৰূপ দলে আৰু ৰানাৰ্ছ আপ ট্ৰফী লাভ কৰে গোগামুখ দলে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি প্ৰতিযোগিতাৰ কিক্-অফ কৰে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন পেগু আৰু পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

উপস্থিত থাকে সাধাৰণ সদস্য ক্ৰমে- ৰাজু পেগু, নিলকান্ত দলে, দিলীপ পেগু, মুকুল পেগু, লাৱণ্য মিলি, TMPKৰ উপ-সভাপতি টুনিৰাম পাংগিং, TMMKৰ সম্পাদিকা শৰ্মিলা পায়েং, শ্বহীদ অঞ্জনা পেগুৰ পৰিয়ালবৰ্গ, শ্বহীদ অঞ্জনা কাপৰ পদক আৰু বিভিন্ন সামগ্ৰীৰ দাতাসকল, গণশক্তি, মিচিং জাতীয় সংগঠন MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

® অভিৰুচি ক্ৰীড়া দিৱস উদযাপন।

ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ কিংবদন্তি, এচিয়ান গেমছত স্বৰ্ণ পদক আৰু “অৰ্জুন বঁটা” বিজয়ী প্ৰথমজন অসমীয়া শ্ৰী ভোগেশ্বৰ বৰুৱাৰ পৱিত্ৰ ওপজা দিনটোৰ সন্মানাৰ্থে ৰাজ্যত উদযাপন কৰে “অভিৰুচি ক্ৰীড়া দিৱস”।

তাৰে অংশ স্বৰূপে ৩/০৯/২০২৬ তাৰিখে সন্ধান গ্ৰুপৰ উদ্যোগত গোগামুখ মহাবিদ্যালয়ৰ খেলপথাৰত অসম ভিত্তিত প্ৰাইজমানি দৌৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

উক্ত প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলিপ কুমাৰ ঝা, সন্ধান গ্ৰুপৰ সভাপতি কৈলান গগৈ আৰু অন্যান্য বিষয়ববীয়া সকল, গোগামুখ অঞ্চলৰ বিশিষ্ট ক্ৰীড়া সংগঠক, সমাজ কৰ্মীৰ লগতে অন্যান্য দল সংগঠনৰ বিষয়ববীয়া।

 

 

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *