Mising Autonomous Council

Kapé MAC

Spread the love

 

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ ‘টাবুৰাম শিক্ষাজ্যোতি আৰু শিক্ষা সাৰথি’ আঁচনিৰ অধীনত আৰ্থিক সাহাৰ্য্য প্ৰদান।

শৈক্ষিক ক্ষেত্ৰখনৰ অন্যতম বিদ্বান পুৰুষ, ভাষাতত্ত্ববিদ, শিক্ষাবিদ, আধুনিক মিচিং ভাষাৰ পিতৃ স্বৰূপ, মিচিং আগম কৗবাঙৰ প্ৰতিষ্ঠাপক সভাপতি আগম মিগাং অধ্যাপক টাবুৰাম টাইদে জীৱনজোৰা প্ৰজ্ঞাৰ নিৰলস সাধনাৰে শৈক্ষিক আৰু ভাষা-সাহিত্য, লোকসংস্কৃতিৰ ক্ষেত্ৰখনলৈ আগবঢ়াই থৈ যোৱা অমূল্য অৱদান তথা সৃষ্টিৰাজীক বিশেষভাৱে সন্মান জনাই তেওঁৰ নামেৰে নামাংকিত কৰা মিচিং স্বায়ত্বশাসিত পৰিষদৰ কল্যাণকামী আঁচনি “টাবুৰাম টাইদ শিক্ষাজ্যোতি আঁচনি আৰু শিক্ষা সাৰথি আঁচনি”ৰ অধীনত উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক এককালীন আৰ্থিক সাহাৰ্য্য বিতৰণ কাৰ্য্যসূচী ৪০খন পৰিষদীয় সমষ্টিত সম্পন্ন কৰে।

৫০৫৭ গৰাকী ছাত্ৰ-ছাত্ৰী তথা উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২৬৫৭ গৰাকীক ৫০০০ টকাকৈ মুঠ ১,৩২,৮৫০০০ টকা আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ ২৪০০ গৰাকী ছাত্ৰ-ছাত্ৰীক ৭০০০ টকাকৈ মুঠ ১,৬৮,০০,০০ টকা সৰ্বমুঠ ৩,০০,৮৭,০০০ টকাৰ উদগনি মূলক এককালীন আৰ্থিক সাহাৰ্য্য প্ৰদান কৰে।

আনহাতে পৰিষদীয় এলেকাৰ পৰা ক্ৰীড়া ক্ষেত্ৰত ৰাষ্ট্ৰীয়/ৰাজ্যিক/জিলা পৰ্য্যায়ত বিভিন্ন পদক পাবলৈ সক্ষম হোৱা উদিয়মান খেলুৱৈ সকলক উদগনি মূলক এককালীন আৰ্থিক সাহাৰ্য্যৰ লগতে জীৱন জীৱিকা অভিযানৰ অধীনত ২০২৬ বৰ্ষৰ প্ৰশিক্ষণ প্ৰাপ্ত প্ৰশিক্ষাৰ্থীক উক্ত অনুষ্ঠানত আনুষ্ঠানিকভাৱে প্ৰমাণ-পত্ৰ প্ৰদান কৰে।

অনুষ্ঠানত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু আৰু মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াকে ধৰি সকলো কাৰ্য্যবাহী-সাধাৰণ সদস্য-সদস্যাই নিজ নিজ সমষ্টিত উপস্থিত থাকি ছাত্ৰ ছাত্ৰী, খেলুৱৈ আৰু জীৱন জীৱিকা অভিযানৰ প্ৰশিক্ষাৰ্থী সকলক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে।

® MACৰ চাৰিদিনীয়া মীন পালন প্ৰশিক্ষণৰ সফল সামৰণি।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত লখিমপুৰ ছিয়াজুলি মধুকুল্য একুৱেটিক পামত অনুষ্ঠিত হোৱা বিজ্ঞানসন্মত চাৰিদিনীয়া মীন পালন প্ৰশিক্ষণ সফলতাৰে সামৰণি পৰে।

উক্ত প্ৰশিক্ষণ‌ সম্পূৰ্ণ মহিলা মীন পালকৰ বাবে সংৰক্ষিত আছিল আৰু ৪৯ গৰাকী মহিলা প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে।

সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক মীন পালনৰ জৰিয়তে কেনেকৈ স্বাৱলম্বী হ’ব পাৰি সেই সম্পৰ্কে বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উপস্থিত থাকে টাকাম মিচিং মিমৗ কৗবাঙৰ উপদেষ্টা নন্দিতা পেগু ডাঙৰীয়ানী, মধুকুল্য একুৱেটিক পামৰ স্বত্বাধিকাৰী তথা মুখ্য প্ৰশিক্ষক বিকুল গোস্বামী আৰু পৰিষদৰ অন্যান্য বিষয়া-কৰ্মচাৰী।

® গোগামুখ মিংমাং বদতিত সংঘটিত হোৱা গুলীচালনাত আঘাত প্ৰাপ্ত ব্যক্তি সকলৰ বাসগৃহত উপস্থিত MACৰ CEM ।

১০ আগষ্ট তাৰিখে অসম-অৰুণাচল সীমান্তৰ গোগামুখ মিংমাং বদতি আৰু হিমে বস্তিৰ মাজত ভূমিৰ সীমা বিবাদক লৈ সংঘটিত হোৱা গুলীচালনাত আঘাতপ্ৰাপ্ত হোৱা ব্যক্তি সকলৰ বাসগৃহত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উক্ত কাৰ্যসূচীত মুখ্য কাৰ্যবাহী সদস্য গৰাকীক সংগ দিয়ে গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজে।

® মিংমাং সমষ্টিৰ সাংগঠনিক সমাৰোহ।

২৭/০৮/২০২৬ তাৰিখে মিচিং স্বায়ত্বশাসিত পৰিষদৰ ১৭ নং মিংমাং পৰিষদীয় সমষ্টি কমিটিৰ উদ্যোগত বৰলা দঃঞি পঃল‌‌‌ কৃষ্টি ভৱনত “সমষ্টিৰ সাংগঠনিক সমাৰোহ” অনুষ্ঠিত কৰে।

উক্ত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি MAC নিৰ্বাচন সম্পৰ্কে আৰু বহু গুৰুত্বপূৰ্ণ বিষয়ত সাৱলীলভাৱে বক্তব্য আগবঢ়াই মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, গণশক্তিৰ সাধাৰণ সম্পাদক (প্ৰশাসনিক) ৰমা পাইত, গণশক্তি, MMK, TMMK, TMPK কেন্দ্ৰীয়, জিলা, আঞ্চলিক পৰ্য্যায়ৰ অন্যান্য বিষয়ববীয়া আৰু সমষ্টিবাসী ৰাইজ।

® TANI: AO-2 ৰ Trailer শুভ উন্মোচন।

মা অঞ্জলি প্ৰডাকচনৰ দ্বাৰা নিৰ্মাণ কৰা মিচিং ভাষাৰ বোলছবি “TANI: AO 2” ৰ Trailer আনুষ্ঠানিক ভাৱে শুভ উন্মোচন কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

অনুষ্ঠানত উপস্থিত থাকে গোগামুখ পৰিষদীয় সমষ্টিৰ সাধাৰণ সদস্য ৰাজু পেগু, মা অঞ্জলি প্ৰডাকচনৰ স্বত্বাধিকাৰ তথা অভিনেতা সত্যজিৎ মৰাঙকে ধৰি TANI: AO-2 চলচ্চিত্ৰখনৰ লগত জড়িত সমূহ শিল্পী, কলা-কুশলী, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® ৰঙাচাহী আৰু ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী মহাবিদ্যালয়ত নৱাগত আদৰণি সভা।

বৰ্ণাঢ্য কাৰ্যসূচীৰে মাজুলীৰ অন্যতম আগশাৰীৰ শিক্ষানুষ্ঠান ৰঙাচাহী মহাবিদ্যালয় আৰু ইউনাইটেড ট্ৰাইবেল ডিগ্ৰী মহাবিদ্যালয়ত নৱাগত আদৰণি সভা অনুষ্ঠিত কৰে।

উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ উজ্জ্বল ভৱিষ্যত কামনাৰ্থে বহু গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায় মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন গাম।

উপস্থিত থাকে পৰিষদৰ
সাধাৰণ সদস্যদ্বয় নীলকান্ত দলে, ত্ৰৈলোক্য পামেগাম, ৰঙাচাহী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° নৱ কুমাৰ গাম, ঘনকান্ত নাথ, সদৌ অসম ছাত্ৰ সন্থাৰ মাজুলী জিলাৰ সভাপতি প্ৰাঞ্জল শইকীয়া, গণশক্তি, বিজেপি, মিচিং জাতীয় সংগঠন MBK, MAK, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *