ৰাষ্ট্ৰীয় হিন্দী দিৱস

আমতলা উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাষ্ট্ৰীয় হিন্দী দিৱস উদযাপন।

Spread the love

ভাৰতবৰ্ষ এখন বহুভাষিক আৰু ভিন্ন লিপিৰে সমৃদ্ধ দেশ।

হিন্দী” ভাৰতৰ ৰাষ্ট্ৰীয় ভাষা।

“হিন্দী” কেৱল এটা ভাষা নহয়, ই ভাৰতৰ আত্মা আৰু সাংস্কৃতিক স্পন্দন।

ইয়াৰ উৎপত্তি, বিকাশ আৰু বৰ্তমানৰ ৰূপ এক দীঘলীয়া ঐতিহাসিক যাত্ৰাৰ ফল।

হিন্দী দিৱসে হিন্দী ভাষাৰ গুৰুত্বৰ কথা সোঁৱৰাই দিয়াই নহয়, এই কথাও সোঁৱৰাই দিয়ে যে ই বিশ্বৰ অন্যতম পুৰণি আৰু চহকী ভাষাৰ আধুনিক ৰূপ।

হিন্দী ভাষা বিশ্বৰ প্ৰায় ২৫.৮ কোটি জনতাৰ মাতৃভাষা আৰু বিশ্বৰ সকলোতকৈ বেছি ব্যৱহাৰ হোৱা ভাষা সমূহৰ ভিতৰত চতুৰ্থ ভাষা।

১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰ‌ তাৰিখে ভাৰতৰ সংবিধান প্ৰস্তাৱনা সমিতিয়ে দেৱনাগৰী লিপিৰে লিখা হিন্দীক ভাৰত চৰকাৰৰ চৰকাৰী ভাষা ৰূপে স্বীকৃতি দিয়ে।

এই কথা সংবিধানৰ ৩৪৩ নং দফাত উল্লেখ কৰা হৈছে।

১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে সংবিধান গ্ৰহণ কৰাৰ লগে লগে হিন্দী ভাৰত চৰকাৰৰ অন্যতম চৰকাৰী ভাষা ৰূপে স্বীকৃতি লাভ কৰে।

উল্লেখযোগ্য যে, বৰ্তমান ভাৰতত ২২টা সংবিধান স্বীকৃত ভাষা আছে।

তাৰে ভিতৰত হিন্দী আৰু ইংৰাজী ভাৰত চৰকাৰৰ চৰকাৰী ভাষা।

হিন্দীৰ উৎপত্তি দিল্লীৰ খৰিবুলি ভাষাৰ সৈতে আৰবী, পাৰ্চী আৰু তুৰ্কীৰ সংমিশ্ৰণত হৈছিল।

মুছলমান শাসন উত্তৰ ভাৰতলৈ বিয়পিবলৈ আৰম্ভ কৰাৰ লগে লগে পাৰ্চী শব্দবোৰ স্থানীয় ভাষাত প্ৰৱেশ কৰিবলৈ আৰম্ভ কৰে।

হিন্দী ভাষাও সেই সময়ত খৰিবুলিৰ পৰা উদ্ভৱ হৈছিল।

সময়ৰ পৰিপ্ৰেক্ষিতত, উৰ্দুক আজি এক সুকীয়া ভাষা হিচাপে ঘোষণা কৰা হৈছে, কিন্তু প্ৰধান উৰ্দু লেখকসকলে উনবিংশ শতিকাৰ আৰম্ভণিলৈকে তেওঁলোকৰ ভাষাক হিন্দী বা হিন্দৱী বুলি উল্লেখ কৰি আহিছে।

ভাৰতৰ উপৰিও নেপাল, মৰিছাছ আৰু ফিজিতত এই ভাষা প্ৰচলিত।

আমেৰিকা যুক্তৰাষ্ট্ৰ, চৌদি আৰৱ, মালয়েছিয়া, চিংগাপুৰ, সংযুক্ত আৰব আমিৰাত, অষ্ট্ৰেলিয়া, ম্যানমাৰ, পাকিস্তান, আফগানিস্তান, দক্ষিণ আফ্ৰিকা, উগাণ্ডা, নিউজিলেণ্ড, কানাডাত ভাষিক গোষ্ঠীৰ মাজত এই ভাষাৰ প্ৰচলন আছে।

প্ৰতি বছৰে আজিৰ দিনটোতে অৰ্থাৎ ১৪ ছেপ্টেম্বৰ তাৰিখে ভাৰতবৰ্ষৰ প্ৰতিখন শিক্ষানুষ্ঠান, কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত হিন্দী দিৱস উদযাপন কৰি আহিছে।

১৯৫৩ চনৰ ১৪ ছেপ্টেম্বৰত আনুষ্ঠানিকভাৱে হিন্দী দিৱস উদযাপন কৰা হৈছিল।

১৯৫৩ চনত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে পণ্ডিত জৱাহৰলাল নেহৰুৱে ১৪ ছেপ্টেম্বৰক সংসদ ভৱনত ৰাষ্ট্ৰীয় হিন্দী দিৱস হিচাপে উদযাপন কৰাৰ কথা ঘোষণা কৰে ।

ৰাষ্ট্ৰীয় ভাষা প্ৰচাৰ সমিতিৰ পৰামৰ্শ অনুসৰি ১৯৫৩ চনৰ ১৪ ছেপ্টেম্বৰৰ পৰা হিন্দী দিৱস উদযাপন কৰা হয় ।

আনহাতে, ১০ জানুৱাৰী তাৰিখে সমগ্ৰ বিশ্বতে “বিশ্ব হিন্দী দিৱস” উদযাপন কৰা হয়।

ভাৰতৰ ৰাষ্ট্ৰভাষা হিন্দীৰ সন্মানাৰ্থে আৰু হিন্দী ভাষাৰ প্ৰচাৰ-প্ৰসাৰৰ অৰ্থে এই দিৱস উদযাপন কৰা হয়।

ৰাজেন্দ্ৰ সিনহা, হাজাৰী প্ৰসাদ দ্বিবেদী, কাকা কালেনকাৰ, মৈথিলী চৰণ গুপ্ত, শেঠ গোবিন্দ দাস আদি মহান মনীষী সকলৰ ঐকান্তিক প্ৰচেষ্টাৰ ফলতেই হিন্দী ভাষাই ভাৰতৰ আনুস্থানিক চৰকাৰী তথা ৰাষ্ট্ৰীয় ভাষাৰূপে স্বীকৃতি লাভ কৰিছিল।

মহান মনীষী ৰাজেন্দ্ৰ সিনহাৰ পঞ্চাশ সংখ্যক জন্মদিনতেই অৰ্থাৎ ১৯৪৯ চনৰ ১৪ ছেপ্টেম্বৰৰ দিনাই ভাৰতৰ সংবিধান সভাই হিন্দীক ভাৰতৰ চৰকাৰী তথ ৰাষ্ট্ৰীয় ভাষা হিচাপে স্বীকৃতি প্ৰদান কৰিছিল আৰু হিন্দী ভাষাৰ উত্তৰণৰ বাবে দেহে-কেহে খাটি থকা ব্যক্তিসকলৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছিল।

সেয়ে ভাৰতত দুবাৰকৈ হিন্দী দিৱস পালন কৰা হয়।

হিন্দী ভাষাই ভাৰতীয়সকলৰ লগতে বিদেশত বাস কৰা ভাৰতীয়সকলক একত্ৰিত কৰে ।

হিন্দী” ভাৰতৰ পৰিচয় আৰু গৌৰৱ।

তাৰে অংশ স্বৰূপে আজি ইংৰাজী ১৪/০৯/২০২৬ তাৰিখে দিনযোৰা বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে আমতলা উচ্চ মাধ্যমিক বিদ্যালয়ত “ৰাষ্ট্ৰীয় হিন্দী দিৱস” উদযাপন কৰে।

পুৱা বন্তি প্ৰজ্বলন কৰে আমতলা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক দম্বৰু দাসে।

সভাপতিত্ব কৰে সহকাৰী শিক্ষক তৰুণ হাজৰিকাই।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি হিন্দী দিৱস সম্পৰ্কে সাৱলীলভাৱে বক্তব্য আগবঢ়াই গণেশ শইকীয়া, হিন্দীৰ বিষয় শিক্ষয়িত্ৰী মীনা গোস্বামী আৰু প্ৰাক্তন ছাত্ৰী তথা R NEWS INDIA 24ৰ সম্পাদিকা সংগীতা দত্তই।

উক্ত অনুষ্ঠানত হিন্দী বিষয়ৰ ওপৰত বক্তৃতা, গীত, নৃত্য প্ৰদৰ্শন কৰে।

উপস্থিত থাকে বিদ্যালয়ৰ সহকাৰী শিক্ষক ক্ৰমে – মুহিৰাম দাস, প্ৰহ্লাদ চন্দ্ৰ নেওগ, ৰমেশ দাস, সেউতী দলে, ঘনকান্ত গগৈ, গৌতম ৰাজখোৱা, ললিত দাস, ভৱ নাথ, ৰাজু মিলি, বিমৰিচা কলিতা, কল্যাণ দাস, অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰী।

উল্লেখ্য যে, উক্ত অনুষ্ঠানতে হিন্দী বিষয়ত লেটাৰ নম্বৰ লাভ কৰা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীক বিশেষভাৱে সম্বৰ্দ্ধনা জনাই শিক্ষয়িত্ৰী মীনা গোস্বামীয়ে।

 

 

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে বিভিন্ন খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *