Mising Autonomous Council

Kapé MAC

Spread the love

® মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন।

১৫/০৮/২০২৬ তাৰিখে পৰিষদৰ উদ্যোগত পৰিষদৰ সচিবালয় চৌহদত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে দেশৰ ৮০ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰে।

স্মৃতি তৰ্পণ কৰে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

জাতীয় পতাকা উত্তোলন কৰি মিচিং স্বায়ত্বশাসিত পৰিষদে যোৱা ১০ বছৰত ৰূপায়ণ কৰা আঁচনি আৰু NDA সংকল্প পত্ৰৰ বিষয়ে বিশ্লেষণাত্মকভাৱে বক্তব্য আগবঢ়াই পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

অনুষ্ঠানত ২০২৬ বৰ্ষৰ ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰাপক ৰীতি দলে, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক টুকেশ্বৰ মিলি, ৰাষ্ট্ৰীয় ভাৰোত্তোলন ব্ৰঞ্জৰ পদক প্ৰাপক জয়শ্ৰী পাতিৰক ১ লাখ টকাৰ আৰ্থিক সাহাৰ্য্যৰ চেক প্ৰদানৰ লগতে বিশেষভাৱে সম্বৰ্দ্ধনা জনাই।

আনহাতে, মিচিং জনগোষ্ঠীৰ পৰা উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ কলা শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰা মানৱজ্যোতি কুটুম, বিজ্ঞান শাখাত সৰ্বোচ্চ নম্বৰ লাভ কৰা দেৱৰজোন দলে, NEET পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা অনুভৱ পেগু, উচ্চ মাধ্যমিক চুড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা নিশিতা দলে, JEE পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰা গুমিন পেগু, শ্ৰেষ্ঠ দুগ্ধ উৎপাদক জুৱেল পেগু, AICRP বঁটা প্ৰাপক ভৱেশ দলে, কৃষি আৰু ফল প্ৰক্ৰিয়াকৰণ উদ্যোগী সঞ্জয় লাগাছু, Best farmers producer company অৰ্থাৎ Bordoloni Agro Fed producer company limited ক ৫০ হাজাৰ টকাৰ আৰ্থিক সাহাৰ্য্যৰ চেক প্ৰদান কৰাৰ লগতে সম্বৰ্দ্ধনা জনাই।

অনুষ্ঠানত জ্ঞানজ্যোতি একাডেমীৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা দেশপ্ৰেমমূলক নৃত্য প্ৰদৰ্শন কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ সমূহ কাৰ্য্যবাহী সদস্য/সদস্যা, সাধাৰণ সদস্য/সদস্যা, কৰ্মচাৰী, গণশক্তি, বিভিন্ন দল সংগঠনৰ বিষয়ববীয়া, মিচিং জাতীয় সংগঠনৰ বিষয়ববীয়া, বিশিষ্ট অতিথিৰ লগতে স্থানীয় বিদ্যালয় সমূহৰ শিক্ষকবৃন্দ আৰু ছাত্ৰ ছাত্ৰী।

® MACৰ তৰফৰ পৰা ১০০ টা পৰিয়ালক তিৰপাল বিতৰণ।

বোকাখাত সম জিলাৰ দূসূতিমুখ পঞ্চায়তৰ ভয়াৱহ ঘূৰ্ণীবতাহত ক্ষতিগ্ৰস্ত হোৱা ৫ খন গাওঁ আৰু উত্তৰ টেমেৰা পঞ্চায়তৰ দুখন গাওঁ পৰিদৰ্শন কৰি ১০০ টা পৰিয়ালক তিৰপাল বিতৰণ কৰে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগুৱে।

উক্ত কাৰ্যসূচীত সহযোগিতা আগবঢ়াই পৰিষদৰ কাৰ্যবাহী সদস্য পুৰুষোত্তম দলে, সাধাৰণ সদস্যদ্বয় ৰাজু পেগু আৰু নিলকান্ত দলে, TMPKৰ প্ৰাক্তন উপ-সভাপতি ৰাহুল লয়িং, জিতু বড়ি, মনেশ্বৰ কুটুম, গোপাল মিলি, টিখেশ্বৰ দলে, তৃষ্ণা কুটুম, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজে।

® MACৰ উদ্যোগত বিনামূলীয়া মীন পালনৰ প্ৰশিক্ষণ। 

মিচিং স্বায়ত্বশাসিত পৰিষদীয় এলেকাৰ নিবনুৱা যুৱক সকলক মীন পালনৰ জৰিয়তে স্বাৱলম্বী কৰাৰ উদ্দেশ্যেৰে পৰিষদৰ পৃষ্ঠপোষকতাত প্ৰতিবছৰে বিনামূলীয়া প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।

তাৰে অংশ স্বৰূপে ১৭/০৮/২০২৬ তাৰিখে লখিমপুৰ ছিয়াজুলি মধুকল্যা একুৱেটিক পামত অনুষ্ঠিত হোৱা বিজ্ঞানসন্মত ৩০ জনীয়া গোটৰ চাৰিদিনীয়া মীন পালন প্ৰশিক্ষণৰ শুভাৰম্ভণি কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উল্লেখ্য যে, উক্ত গোটক সামৰি বৰ্তমানলৈ মুঠ ১৫২ টা গোট প্ৰশিক্ষণ প্ৰদান কৰিছে আৰু সৰ্বমুঠ ৪৫০০ গৰাকী মীন পালক প্ৰশিক্ষিত হৈছে।

আনহাতে, প্ৰশিক্ষণ প্ৰাপ্ত ১০০ গৰাকী সফল মীন পালকক অসমৰ উত্তম মীন পাম পৰিদৰ্শনৰ বাবে লৈ যোৱা হ’ব আৰু পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ উন্নত মীন পাম আৰু Fish Cluster সমূহ পৰিদৰ্শনৰ কাৰ্যসূচী গ্ৰহণ কৰা হ’ব বুলি প্ৰশিক্ষাৰ্থী সকলক অৱগত কৰে মুখ্য কাৰ্য্যবাহী সদস্য গৰাকীয়ে।

শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য বিজু পেগু, মধুকল্যা একুৱেটিক পামৰ স্বত্বাধিকাৰী তথা মুখ্য প্ৰশিক্ষক বিকুল গোস্বামী আৰু পৰিষদৰ অন্যান্য বিষয়ববীয়া।

® অধ্যাপক টাবুৰাম টাইদ সপ্তম বাৰ্ষিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান।

১৭/০৮/২০২৬ তাৰিখে টাবুৰাম টাইদ স্মৃতি ন্যাসৰ উদ্যোগত মিচিং স্বায়ত্বশাসিত পৰিষদ আৰু গোগামুখ মহাবিদ্যালয়ৰ সহযোগত অধ্যাপক টাবুৰাম টাইদৰ সপ্তম বাৰ্ষিক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰে।

অনুষ্ঠানৰ আঁত ধৰে টাবুৰাম টাইদ স্মৃতি ন্যাসৰ সদস্য সচিব নবীন কামানে।

অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বৰেণ্য ব্যক্তি গৰাকীলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বহু গুৰুত্বপূৰ্ণ তথা বিশ্লেষণাত্মক বক্তব্য আগবঢ়াই মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, দঃঞি পঃল‌‌‌ য়েলাম কেবাঙৰ সভাপতি একলব্য গাম, MAKৰ সভাপতি হৰিনাৰায়ণ পেগু, অধ্যাপক টাবুৰাম টাইদ মিচিং সাহিত্য বঁটা প্ৰাপক কালিনাথ পাংগিং, গোগামুখ শাখা সাহিত্য সভাৰ সভাপতি ৰণজিৎ গগৈ।

স্মৃতিচাৰণ অনুষ্ঠানত নির্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ডিব্রুগড় বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° অৰবিন্দ ৰাজখোৱা, মিচিং গম্পিৰ কুমচুঙৰ সহকাৰী সম্পাদক জয়ন্ত কামান, নর্থ লখিমপুৰ বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ খগেন পেগু।

কাব্যাঞ্জলি (মিচিং আৰু অসমীয়া ভাষাৰ কাব্যানুষ্ঠান)ৰ শুভ উদ্বোধন কৰে মৰাণ মহিলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ড° নিৰোদ গোহাঁইয়ে।

আমন্ত্রিত কবি হিচাপে উপস্থিত থাকে ভূপেন গগৈ, মানসী গগৈ, ৰয়েল পেগু, ভাস্কৰ টায়েং, হেমচন্দ্ৰ কছাৰী, প্রবীণ কুমাৰ মিলি, মিন্টু দাস, জয়প্রকাশ পেগু, অনুজ য়েইন, ভৱ দলে, তপন লাল’, দুষ্যন্ত নৰহ।

সাংস্কৃতিক অনুষ্ঠানত কাবান পৰিৱেশন কৰে শিল্পী সূৰুয কুমাৰী মেদক আৰু টাবুৰাম টাইদদেৱৰ গীত পৰিৱেশন কৰে শিল্পী ৰূপালী পায়েং আৰু শিল্পী চন্দ্র পাটগিৰিয়ে।

আনহাতে, চংকিত অপে ধেমাজিৰ দ্বাৰা লোকবাদ্য সুৰ সমলয় অনুষ্ঠান পৰিৱেশন কৰে।

উক্ত অনুষ্ঠানত উপস্থিত থাকে গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দিলীপ কুমাৰ ঝা, টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ সভাপতি হৰিপ্ৰসাদ মিলি, TMMKৰ উপদেষ্টা নন্দিতা পেগু, গোগামুখ অঞ্চলৰ বিশিষ্ট তথা গণ্যমান্য ব্যক্তিসকল, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

® MACৰ উদ্যোগত দ্বিতীয় পৰ্যায়ৰ কেশকাৰ প্ৰশিক্ষণ।

মিচিং স্বায়ত্বশাসিত পৰিষদৰ উদ্যোগত গোগামুখ চেতিয়া গাঁৱস্থিত RLRC ত পৰিষদীয় অঞ্চলতৰ নিৱনুৱা যুৱকসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে দ্বিতীয় পৰ্যায়ৰ “কেশকাৰ প্ৰশিক্ষণ” আৰম্ভ কৰিছে ।

১৭/০৮/২০২৬ তাৰিখে ২০২৬ বৰ্ষৰ প্ৰথমটো গোটৰ প্ৰশিক্ষণ শুভাৰম্ভণী কৰে পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

উক্ত অনুষ্ঠানত উপস্থিত থাকে পৰিষদৰ কাৰ্য্যবাহী সদস্য বিজু পেগু, সাধাৰণ সদস্য ৰাজু পেগু, গোগামুখ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ দিলীপ কুমাৰ ঝা, RLRCৰ সঞ্চালক চত্ৰ মেদক, প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীৰ লগতে পৰিষদৰ অন্যান্য বিষয়ববীয়া।

® মিংমাং বদতিত সংঘটিত হোৱা গুলীচালনাত আহত ব্যক্তিক সাক্ষাৎ MAC ৰ CEM পৰমানন্দ চায়েঙীয়াৰ।

১২/০৮/২০২৬ তাৰিখে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা অৰ্থাৎ অসম-অৰুণাচল সীমান্তৰ গোগামুখ মিংমাং বদতিত সংঘটিত হোৱা গুলীচালনাত আহত ব্যক্তিসকলক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই।

লগতে চিকিৎসক আৰু চিকিৎসাধীন হৈ থকা ব্যক্তি সকলৰ অভিভাৱক তথা পৰিয়ালবৰ্গৰ সৈতে বিশেষভাৱে মত বিনিময় কৰে মুখ্য কাৰ্যবাহী সদস্য গৰাকীয়ে।

আনহাতে, ১৩/০৮/২০২৬ তাৰিখে ধেমাজি জিলা আয়ুক্তৰ কাৰ্যালয়ত উক্ত গুলীচালনা ঘটনাৰ সম্পৰ্কে এক বিশেষ বৈঠক অনুষ্ঠিত কৰে।

ঘটনাৰ সম্পূৰ্ণ তদন্ত তথা সমাধান সম্পৰ্কে বক্তব্য আগবঢ়াই অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সীমান্ত সুৰক্ষা আৰু উন্নয়ন মন্ত্ৰী অতুল বৰাই।

বৈঠকত উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, চিচিবৰগাঁও সমষ্টিৰ বিধায়ক জীৱন গগৈ, জিলা আয়ুক্ত জাভিৰ ৰাহুল সুৰেশ, আৰক্ষী উপ-মহাপৰিদৰ্শক সুধাকৰ সিং, জ্যেষ্ঠ আৰক্ষী অধীক্ষক প্ৰকাশ সোণোৱাল, TMPKৰ সভাপতি তিলক দলে, সাধাৰণ সম্পাদক ছান পাংগিং, পৰিষদৰ কাৰ্য্যবাহী/সাধাৰণ সদস্য/সদস্যা, গণশক্তি, TMPK, MMK আৰু TMMK ৰ অন্যান্য বিষয়ববীয়া।

১৫/০৮/২০২৬ তাৰিখে গোগামুখ মিংমাং বদতি গাঁৱত মন্ত্ৰী ডাঃ ৰণোজ পেগুৱে মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগুৰ উপস্থিতিত ভোক্তভোগী প্ৰতিটো পৰিয়ালক ২ লাখ টকাকৈ আৰ্থিক সাহাৰ্য্যৰ চেক প্ৰদান কৰে।

উপস্থিত থাকে পৰিষদৰ সাধাৰণ সদস্য ৰাজু পেগু, সাধাৰণ সদস্যা লাৱণ্য মিলি, TMPKৰ কেন্দ্ৰীয় সভাপতি তিলক দলে, TMMKৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদিকা শৰ্মিলা পায়েং, ধেমাজি জিলাৰ জিলা আয়ুক্ত, জিলা আৰক্ষী অধীক্ষক, গণশক্তি, বিজেপি, অগপ, TMPK, MMK, TMMKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

 ® MAC পুঁজিৰে বামুণগঞা প্ৰথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা আৰু তাতিয়ামৰা জংকাপ প্ৰথমিক বিদ্যালয়ৰ পকীবেৰা নিৰ্মাণ।

১৪ আৰু ১৫/০৮/২০২৬ তাৰিখে মিচিং স্বায়ত্ত্বশাসিত পৰিষদৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ পুঁজিৰে নিৰ্মাণ কৰা ২৪নং ৰঙানদী পৰিষদীয় সমষ্টিৰ তাতিয়ামৰা জংকাপ প্ৰথমিক বিদ্যালয়ৰ পকীবেৰা আৰু বামুণগঞা প্ৰথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাৰ শুভ উদ্বোধন কৰে পৰিষদৰ কাৰ্য্যবাহী সদস্য দেৱৰঞ্জন মৰাঙে।

শুভাৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে দুয়োখন বিদ্যালয়ৰ শিক্ষকবৃন্দ, পৰিচালনা সমিতি, গণশক্তি, MMK, TMMK, TMPKৰ অন্যান্য বিষয়ববীয়া আৰু স্থানীয় ৰাইজ।

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰক Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *