ন’বেল বটা প্ৰাপ্ত, মানৱ সেৱাৰ হকে জীৱন উচৰ্গা কৰা ভাৰত ৰত্ন মাদাৰ টেৰেছাৰ জীৱনযাত্ৰা।
“মানুহ স্বার্থপৰ,
যুক্তিহীন আৰু অবিবেচক হ’ব পাৰে,
তৎসত্ত্বেও তেওঁলোকক ভাল পাই থাকিবা”।
মানৱ সেৱাৰ বাবে জীৱন উচৰ্গা কৰা এগৰাকী মহিয়সীৰ নাৰীৰ নাম যি বিশ্বই পাহৰিব নোৱাৰে।
যাৰ প্রেম, দয়া আৰু কৰুনাৰে বিশ্বৰ সকলাে অসহায় আৰু নিপীড়িত মানুহৰ অন্তৰ জয় কৰিছিল আৰু ভােকাতুৰ, ৰােগী, অসহায়, আশাহীন—সকলােকে সহায় আৰু শুশ্রুষাৰে জীয়াই থকাৰ প্রেৰণা দিছিল তেওঁ হৈছে মাদাৰ টেৰেছা।
তেওঁৰ আন এটি নাম হৈছে- এগ্নেছ গোন্জা বোজাজিউ।
তেওঁ এগৰাকী কেথ’লিক খ্ৰীষ্টান পন্থীয় নান আছিল।
তেখেত মূলতঃ এলবেনিয়ান জাতিৰ ব্যক্তি আছিল পাছলৈ এখেতে ভাৰতীয় নাগৰিকত্ব গ্ৰহণ কৰিছিল।
মাদাৰ টেৰেছাৰ জীৱনযাত্ৰাঃ
তেখেত ১৯১০ চনৰ ২৬ আগষ্টত যুগোশ্লাভিয়াৰ আদ্ৰিয়াটিক সাগৰৰ পাৰত স্কোপজ চহৰত জন্ম হৈছিল।
তেওঁৰ পিতৃ নাম আছিল নিকোলা আৰু মাতৃ নাম আছিল দ্ৰনদা।
পিতৃয়ে ডাক্তৰৰ সহকাৰী হিচাপে কাম কৰিছিল।
তেওঁ স্কোপজ প্ৰাথমিক স্কুলৰ শিক্ষা লাভ কৰে।
স্কুলত পঢ়া দিনৰে পৰা টেৰেছা মেধা শক্তিৰ আছিল।
সুখ্যাতিৰে প্ৰাথমিক শিক্ষা শেষ কৰি তেওঁ চাৰ্বয়ান উচ্চ বিদ্যালয়ত নামভৰ্তি কৰিছিল।
সৰুতে তেওঁৰ প্ৰিয় বিষয় আছিল সংগীত, ভূগোল আৰু বুৰঞ্জী।
তেওঁ সুন্দৰকৈ মেণ্ডোলিনো বজাব পাৰিছিল।
তেওঁ সময়ে সময়ে গীৰ্জাৰ গায়ক দলৰ লগতো যোগদান কৰিছিল আৰু গান পৰিবেশন কৰিছিলি কনচাৰ্টত।
তেওঁৰ সৰুৰে পৰা অন্তৰত মানৱ সেৱাৰ ভাব এটা উদয় হৈছিল।
তেওঁ বাঞ্চা কৰিছিল সন্নাসিনী আৰু মিছনেৰী জীৱন।
এই আকাংক্ষা বাস্তৱত ৰূপ দিবলৈ তেওঁ স্থানীয় জেচুইট পাদ্ৰী সকলক লগ কৰে।
কাৰণ এই জেচুইট পাদ্ৰীসকলে ভাৰতত থাকি মিছনত কাম কৰিছিল।
জেচুইট পাদ্ৰীসকলে তেওঁক আয়াৰলেণ্ডৰ লৰেটো সন্ন্যাসিনী সকলৰ লগত যোগদান দিবলৈ পৰামৰ্শ দিলে।
তেতিয়া তেওঁৰ বয়স মাত্ৰ ১২ বছৰ আছিল।
এই ১২ বছৰীয়া ছোৱালী গৰাকীয়ে যীশুৰ বাণী বাহিৰত প্ৰচাৰ কৰিছিল।
১৯২৮ চনত তেওঁ আয়াৰলেণ্ডৰ ৰাজধানী ডাবলিনৰ লৰেটো মঠত উপস্থিত হল।
মঠত তেওঁৰ নাম হল- টেৰেছা।
১৯২৯ চনত মদাৰ টেৰেছা ভাৰতলৈ আহে আৰু কলিকতাত থাকিবলৈ লয়।
কলিকতাৰ চেণ্টমেৰী হাইস্কুলত তেওঁ শিক্ষকতা জীৱন আৰম্ভ কৰে।
১৯২৯ চনৰ পৰা ১৯৪৮ চনলৈ তেওঁ শিক্ষকতা কৰে।
তেওঁ শ্ৰেণীত ভূগোল আৰু বুৰঞ্জীৰ পাঠদান কৰিছিল।
শেষলৈ সেই বিদ্যালয়ৰ অধ্যক্ষাৰ পদৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল।
সেইসময়ত কলিকতাৰ মানুহৰ মাজত এক ভীষণ হাহাকাৰ।
চাৰিওফালে অভাৱ, দৰিদ্ৰ্য, মানুহক আগুৰি ধৰিছিল বেমাৰ-আজাৰে।
তাৰ প্ৰতিকাৰৰ কোনো প্ৰচেষ্টা নাই।
মাদাৰ টেৰেছাৰ এই শোকাৱহ দৃশ্যবোৰে অন্তৰত খলকনি তুলিলে।
এদিনৰ এটা বিশেষ ঘটনাই তেওঁৰ অন্তৰত দুখ দিলে।
এখন হাস্পাতালৰ সন্মুখত এগৰাকী মৰো মৰো হোৱা তিৰোতা বাগৰি আছিল আৰু চেষ্টা কৰিও মাদাৰ টেৰেছাই চিকিৎসালয়ৰ চিকিৎসা দিবলৈ অসমৰ্থ হৈছিল।
শেষত ৰোগীগৰাকীৰ তেনেকৈ মৃত্যু হল।
সেইদিনাই তেওঁ উপলদ্ধি কৰিলে এটি মানৱ সেৱা সংস্থাৰ।
তেওঁ তেওঁৰ ইচ্ছাৰ কথা পোপক জনালে।
১৯৫০ চনত মাদাৰ টেৰেছাই দ্য ছোচাইটি অফ দ্য মিছনেৰীজ অৱ চেৰিটি নামৰ এটা সংস্থা গঠন কৰিলে।
তেওঁলোকে ঘৰ এটা ভাড়া লৈ কলিকতাৰ বাটে-ঘাটে পৰি থকা, হাস্পাতাল আদিয়ে স্থান নিদিয়া ৰোগীবোৰক মাদাৰ টেৰেছাই বিচাৰি আনিলে আৰু তাত ৰাখি চিকিৎসা সেৱা দিবলৈ ধৰিলে।
১৯৫২ চনত কালিঘাট মন্দিৰৰ কাষত থকা ধৰ্মশালা এটাও তেওঁ দখল কৰিলে আৰু তাৰ নাম দিলে নিৰ্মল হৃদয়।
সেইটোও ৰোগীৰে উপচি পৰিল।
কালিঘাটৰ প্ৰধান পূজাৰীৰ পুত্ৰ এজনৰ কলেৰা হল।
তাক কোনেও হাতেৰে চোৱা নাছিল।
কিন্তু মাদাৰ টেৰেছাই তেওঁক হাতেৰে তুলি নি চিকিৎসা কৰা দেখি টেৰেছাৰ প্ৰতি সকলোৱে সহানুভূতিৰে চাবলৈ ললে।
মাদাৰ টেৰেছাই কলিকতাৰ ৰাজপথৰ পৰা বুটলি আনি হাজাৰ হাজাৰ ৰোগীক চিকিৎসা সেৱা আগবঢ়ালে।
প্ৰায় ২৯,০০০ ৰোগীয়ে আৰোগ্য লাভ কৰিলে।
যিবিলাক শিশু অভাৱ আৰু অনাশ্ৰয়ত ৰাজপথে ৰাজপথে ঘূৰি ফুৰিছিল, সেই শিশুসকলৰ মংগলৰ কাৰণেও তেওঁ চিন্তাত নিমগ্ন হৈছিল।
তেওঁলোকৰ চিকিৎসা আৰু সংস্থাপনৰ কাৰণে কলিকতাত তেওঁ আৰম্ভ কৰিছিল–নিৰ্মল শিশু ভৱন।
এই আশ্ৰয় গৃহত থাকি হাজাৰ হাজাৰ শিশুৱে মানুহ হোৱাৰ পথ বিচাৰি পাইছিল।
কেৱল শিশুৰ সেৱাৰ বাবেই তেওঁ দেশ-বিদেশত এনে কুৰিটা আশ্ৰয় গৃহ নিৰ্মাণ কৰিছিল।
সেই আশ্ৰয় গৃহ বিলাকৰ যোগে তেওঁ শিশুৰ মংগল সাধন কৰিবলৈ সমৰ্থ হৈছিল।
কুষ্ঠা, যক্ষ্মা, কলেৰা আৰু টাইফয়েড ৰোগীসকলৰ কাৰণে বিশেষভাবে চিন্তা কৰিছিল।
এই ৰোগীসকলক তেওঁ নিজে চিকিৎসা কৰাৰ উপৰিও ডাক্তৰ আৰু নাৰ্ছসকলে তেওঁক সহায় কৰিছিল।
আৰোগ্য নোহোৱা কুষ্ঠ ৰোগীসকলক শান্তি নগৰ নামে ঠাই সংস্থাপনৰ ব্যৱস্থা কৰিছিল।
শান্তি নগৰত ৩৪ একৰ মাটি আছিল, তেওঁ তাতে অনেক বাংলাদেশী ভগনীয়াকো স্বাস্থ্য-সেৱা আগবঢ়ায়।
মাদাৰ টেৰেছাই বিশ্বত জনসাধাৰণৰ সেৱাৰ নামত প্ৰতিষ্ঠা কৰিছে ৬০খন স্কুল, ২০০ৰো অধিক চিকিৎসালয়, ৫৪খন কুষ্ঠাশ্ৰম, ২০ খনতকৈ বেছি অনাথ গৃহ, ৩৩৫খন চলন্ত ডিচপেনচাৰী, ২৮টা পৰিয়াল সেৱা কেন্দ্ৰ, এটা যক্ষ্মা ক্লিনিক, ৬খন দাঁন্তব্য চিকিৎসালয় আৰু অনেক কমাৰ্চিয়েল স্কুল।
২০০৮ চনলৈকে মুঠ ৪৩,০০০ কুষ্ঠৰোগী তেওঁৰ চিকিৎসালয়ত সেৱা লৈছে, ২০০০ শিশুৱে তেওঁৰ শিশুভৱনত আশ্ৰয় পাইছে আৰু ১৬,০০,০০০ ৰোগীক তেওঁৰ ডিচপেনছাৰীয়ে চিকিৎসা কৰি আছে।
তেওঁ জীৱনত অনেক খ্যাতি লাভ কৰিছে।
মানৱ সেৱাৰ শ্ৰেষ্ঠ সন্মান মেগছেছে বঁটা, পোপ জন শান্তি বঁটা, গুড চামাৰিটান বঁটা আৰু জন কেনেডি আন্তঃৰাষ্ট্ৰীয় বঁটা, ন’বেল বটা,
তদুপৰি তেওঁ জৱাহৰলাল নেহেৰু পুৰস্কাৰ, টেম্পলটন পুৰস্কাৰ, মেটাৰেট মেগৰষ্ট্ৰা পুৰস্কাৰ আৰু চিৰিচ মেডেল আদি সন্মানো লাভ কৰিছিল।
বিশ্বভাৰতীয়ে তেওঁক দেশীকোত্তম উপাধি প্ৰদান কৰিছে।
ভাৰত চৰকাৰে তেওঁক “পদ্মশ্ৰী” আৰু ১৯৮০ চনত “ভাৰত-ৰত্ন” উপাধিৰে সন্মানিত কৰিছে।
১৯৯৭ চনৰ ৫ ছেপ্তেম্বৰত কলকাতাত তেখেত মৃত্যু হয়।
পোপ জন পল দ্বিতীয়-ই এখেতক মৃত্যুৰ পাছত “কলিকতাৰ স্বৰ্গীয় টেৰেছা” সন্মানেৰে বিভূষিত কৰে।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবলৈ চাই থাকিব Rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24