বিশিষ্ট বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ স্বৰ্ণকুমাৰী দেৱীৰ জীৱন যাত্ৰা ।
স্বৰ্ণকুমাৰী দেৱীঃ ভাৰতৰ এগৰাকী বাংলা কবি, ঔপন্যাসিকা, সংগীতজ্ঞ আৰু সমাজকৰ্মী আছিল।
তেখেতে বাংলা ভাষাত সাহিত্য চৰ্চা কৰি সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।
তেখেতে বহুকেইখন কাব্যগ্ৰন্থ, উপন্যাস, নাটক, প্ৰৱন্ধ লিখি উলিয়াইছে।
কলিকতা বিশ্ববিদ্যালয়ে তেখেতক “জগততাৰিণী সোণৰ পদক” প্ৰদান কৰিছে।
স্বৰ্ণকুমাৰী আছিল বাংলা ভাষাত উপন্যাস লিখা প্ৰথমগৰাকী বাংলা মহিলা৷
জানো আহক স্বৰ্ণকুমাৰী দেৱীৰ জীৱনযাত্ৰাৰ বিষয়েঃ
১৮৫৫ চনৰ ২৮ আগষ্টত জন্ম হৈছিল।
তেওঁৰ পিতৃৰ নাম আছিল দেবেন্দ্ৰনাথ ঠাকুৰ।
স্বৰ্ণকুমাৰী দেৱীৰ তিনিগৰাকী ভগ্নী আছিল ক্ৰমে- সৌদামিনী, সুকুমাৰী আৰু শৰৎকুমাৰী।
স্বৰ্ণকুমাৰীয়ে ঘৰতে শিক্ষাগ্ৰহণ কৰিছিল।
তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰতকৈ পাঁচবছৰে জ্যেষ্ঠ আছিল।
ৰবীন্দ্ৰনাথ ঠাকুৰে আত্মজীৱনীত লিখিছে, “বিদ্যালয়ৰ তুলনাত আমি ঘৰতহে অধিক শিকোঁ”৷
কম বয়সৰ পৰাই স্বৰ্ণকুমাৰীয়ে বাকীসকল ছোৱালীৰ লগত বন্ধুত্ব গঢ়ি তুলিব পৰাকৈ সক্ষম আছিল৷
১৮৬৮ চনত স্বৰ্ণকুমাৰী জানকীনাথ ঘোষালৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।
জানকীনাথ ঘোষাল আছিল এগৰাকী সুশিক্ষিত আৰু দৃঢ় মনোবলৰ ব্যক্তি।
জানকীনাথক পৰিয়ালৰ পৰা বৰ্জন কৰা হৈছিল৷
কাৰণ জানকীনাথে ব্ৰাহ্মধৰ্ম গ্ৰহণ কৰিছিল আৰু বিতৰ্কিত ব্ৰাহ্ম ৰীতিৰ “আনুষ্ঠানিকতা“ৰ মাজেৰে বিবাহ সম্পন্ন হৈছিল।
তেখেতক সকলোধৰণৰ উত্তৰাধিকাৰৰ পৰা বঞ্চিত কৰা হৈছিল৷
অৱশ্যে নিজৰ সামৰ্থ আৰু দৃঢ়তাৰ জোৰত তেখেতে ব্যৱসায় আৰম্ভ কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছিল৷
তেখেতে ‘ৰাজা‘ উপাধি লাভ কৰিছিল।
জানকীনাথে কম বয়সৰ পৰাই ভাৰতীয় জাতীয় কংগ্ৰেছৰ লগত সক্ৰিয়তা বৰ্তাই ৰাখিছিল৷
তেওঁলোকৰ তিনিটা সন্তান আছিল- হিৰন্ময়ী দেৱী, জ্যোৎস্নানাথ ঘোষাল, সৰলা দেৱী চৌধুৰাণী।
তেখেতৰ উপন্যাস সমূহ হ’ল-
স্নেহলতা বা পালিটা, ফুলেৰমালা, কাহাকে,বিচিত্ৰ,
স্বপ্নভূমি, মিলনৰাতি, ফুলেৰ মালা, দ্বীপ নিৰ্বাণ, মীবাৰ ৰাজ, ছিন্ন মুকুল, মালতী,
হুগলীৰ ইমাম বাড়ী, বিদ্ৰোহ।
নাটক সমূহঃ দ্য ৱেডিং টেংগল, কোনেই বাদল, পাক চক্ৰ, ৰাজকন্যা।
কাব্য গ্ৰন্থঃ গাঁথা, বসন্ত উৎসৱ
গীতিগুচ্ছ।
প্ৰবন্ধঃ পৃথিৱী
এনে মহান ব্যক্তি সকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
Sangita Dutta Reports R News India 24