বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, প্ৰাচ্যতত্ত্ববিদ, ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাধিনায়ক মহেশ্বৰ নেওগৰ জীৱন যাত্ৰা ।
মহেশ্বৰ নেওগঃ অসমৰ এগৰাকী বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি, প্ৰাচ্যতত্ত্ববিদ, ভাষা, সাহিত্য, সংস্কৃতিৰ সৰ্বাধিনায়ক।
তেওঁক বেজবৰুৱা আৰু বাণীকান্ত কাকতিৰ বৌদ্ধিক উত্তৰাধিকাৰী বুলি কোৱা হয়।
তেওঁক অসমত শংকৰদেৱ চৰ্চাৰ এক বৃহৎ প্ৰেক্ষাপট নিৰ্মাতা বুলি কোৱা হয়।
তেখেতৰ ‘শ্ৰীশ্ৰীশংকৰদেৱ’ গ্ৰন্থই শংকৰদেৱক বিজ্ঞানসন্মত ভাৱে প্ৰতিষ্ঠা কৰিছিল।
তেখেতে পুৰণি শিলালিপিৰ পৰা আধুনিক কবিতালৈকে, শাস্ত্ৰীয় নৃত্য-গীতৰ পৰা লোকশিল্পলৈকে, প্ৰাচ্যতত্ত্বৰ পৰা নন্দন তত্ত্বলৈকে, ইতিহাসৰ পৰা দৰ্শন আৰু ধৰ্মলৈকে -বহল পৰিসৰত তেওঁ বিচৰণ কৰিছিল আৰু তথ্যৰ আসোঁৱাহ নথকাকৈ এই বিষয়সমূহ তেওঁৰ গৱেষণাৰ অন্তৰ্ভুক্ত কৰিছিল।
তেওঁ সম্পাদনা কৰি থৈ যোৱা গ্ৰন্থসমূহ অসমীয়া সাহিত্যৰ বুৰঞ্জীত এক মহৎ সংযোজন বুলিব পাৰি।
অসমত ‘পাঠ-সমীক্ষা-তত্ত্ব’ক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা শিক্ষাবিদ্গৰাকী আছিল মহেশ্বৰ নেওগ।
নেওগ আছিল জাতীয় চিন্তানায়ক।
সৰ্বক্ষণ তেওঁৰ চিন্তা-চৰ্চা অসম-অসমীয়া-মাতৃভাষা, অসমীয়া সাহিত্য আৰু সংস্কৃতি কেন্দ্ৰিক আছিল।
জানো আহক মহেশ্বৰ নেওগ দেৱৰ জীৱনযাত্ৰাৰ বিষয়েঃ
তেওঁৰ জন্ম হৈছিল ১৯১৫ চনৰ ৭ ছেপ্টেম্বৰত শিৱসাগৰ জিলাৰ কমাৰফদীয়া গাঁৱত।
পিতৃ আছিল মাণিক চন্দ্ৰ নেওগ আৰু মাতৃ আছিল চন্দ্ৰপ্ৰভা নেওগ।
তেখেতৰ শিক্ষাৰম্ভ হয় শিৱসাগৰৰ ১১৩ নং কমাৰফদীয়া স্কুলত।
উত্তৰ লখিমপুৰত প্ৰাথমিক শিক্ষা আৰু যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা ষ্টাৰ নম্বৰসহ প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।
১৯৩৬ চনত কটন কলেজৰ পৰা আই এছ চি প্ৰথম বিভাগত উত্তীৰ্ণ হয়।
১৯৩৯ চনত ইংৰাজী বিষয়ত সন্মান সহকাৰে স্নাতক পৰীক্ষাত আৰু ১৯৮৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা আধুনিক ভাৰতীয় ভাষা বিষয়ত প্ৰথম শ্ৰেণীৰ প্ৰথম বিভাগত স্নাতকোত্তৰ পৰীক্ষাত উত্তীৰ্ণ হয়।
১৯৫৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ‘ডি ফিল’ উপাধি লাভ কৰে।
তেখেতৰ কৰ্মজীৱন আৰম্ভ হয় যোৰহাট মিশ্যন হাইস্কুল, শিৱসাগৰ ফুলেশ্বৰী হাইস্কুল আৰু যোৰহাট হাইস্কুলত, শিক্ষকতাৰে।
১৯৪৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ট্ৰাষ্ট ব’ৰ্ডত ক্ৰমে কাৰ্যালয় সচিব তথা কাৰ্যাধক্ষ্য হিচাপে কাৰ্যনিৰ্বাহ কৰে।
১৯৪৮ চনত, গুৱাহাটী বিশ্ববিদ্যালয়ত অসমীয়া বিভাগৰ অধ্যাপক হিচাপে।
১৯৫৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰিডাৰ।
১৯৫৭ ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ জৱাহৰলাল নেহৰু আসন শুৱনি কৰি সেই পদতে ১৯৭৮ চনলৈ কাৰ্যনিৰ্বাহ কৰে।
১৯৭৮ ৰ পৰা ১৯৮৩ চনলৈকে পাটিয়ালাৰ পঞ্জাবী বিশ্ববিদ্যালয়ত শংকৰদেৱ আসনৰ অধ্যাপক।
১৯৭৪ৰ পৰা ১৯৭৭ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ কলাগুৰু অৰ্থাৎ ডীন অৱ ফেকাল্টি অৱ আৰ্টছ ৰূপে কাৰ্যনিৰ্বাহ কৰে।
১৯৭০ চনত বক্তৃতা প্ৰদান আৰু পাৰস্পৰিক সদভাৱ বঢ়োৱাৰ লক্ষ্যেৰে তেখেতে ভাৰত চৰকাৰৰ আমন্ত্ৰণ ক্ৰমে হাংগেৰী, ৰোমানিয়া আৰু পূৱ জাৰ্মেনি ভ্ৰমণ কৰিছিল।
১৯৫০-৫১ চনলৈকে তেওঁ ৰামধেনুৰ সম্পাদক আছিল।
১৯৩৪- ৯৪ চনলৈকে তেওঁ প্ৰায় আঢ়ৈশ টা কবিতা ৰচনা কৰিছিল।
১৯৪৮ চনত প্ৰতিষ্ঠা হোৱা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰথমজন প্ৰবক্তা হিচাপে নিযুক্তি লাভ কৰে।
১৯৭২ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।
১৯৭৪ চনত অসম সাহিত্য সভাৰ সভাপতি আছিল।
অসম সাহিত্য সভাই তেওঁক ‘সদস্য মহীয়ান’ সন্মান যাচিছিল।
১৯৮৯ চনত অসম চৰকাৰে শংকৰদেৱ বঁটা প্ৰদান কৰে।
১৯৯৫ চনত সঙ্গীত নাটক একাডেমীৰ জলপানি লাভ কৰিছিল।
১৯৫৫ চনত তেওঁৰ গৱেষণা -গ্ৰন্থ ‘Sankardeva and His Times’ৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয় ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল।
তেখেতৰ গ্ৰন্থ সমূহৰ ভিতৰত উল্লেখযোগ্য গ্ৰন্থকেইখন হৈছে –
পৰ্ব সমীক্ষা, অৰুণোদয়,
বেজবৰুৱা পত্ৰলেখা,
ভক্তিগীতপদ সংকলন,
চন্দ্ৰকান্ত অভিধান সংশোধন, শ্ৰীশ্ৰী শংকৰদেৱ,
ডাৱৰৰ সিপাৰে ধুনীয়া দেশ,
পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি, অসমীয়া গীতি সাহিত্য, অসমীয়া প্ৰেমগাঁথা,
অসমীয়া সাহিত্যৰ ৰূপৰেখা, ভক্তি-প্ৰদীপ, বংশীগোপালদেৱৰ চৰিত্ৰ,
উষা পৰিণয়, আচাৰ্য সংহতি,
লৱ-কুশৰ যুদ্ধ, গীতি-ৰামায়ণ ,
কীৰ্তন-ঘোষা, নামঘোষ আদি।
তেখেতৰ আত্মজীৱনী খন হৈছে – জীৱনৰ দীঘ আৰু বাণি।
ইংৰাজী গ্ৰন্থকেইখন হ’ল- Sankaradeva And His Predecessors,The Art Of Painting In Assam,
Sankaradava And His Time, Rhythm In The Vaishnava Music Of Assam.
তেখেতে অসমীয়া সাহিত্যলৈ বহুতো অৱদান আগবঢ়াই গৈছে।
তেওঁৰ সৃষ্টিৰাজী আৰু কৰ্মৰাজী সমূহৰ বাবে চিৰস্মৰণীয় হৈ থাকিব।
১৯৯৫ চনৰ ১৩ ছেপ্টেম্বৰত তেখেতৰ মৃত্যু হয়।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ চাই থাকিব Rnewsindia24.com
সংগীতা দত্তৰ প্ৰতিবেদন R News India 24