সকলোৰে জীৱনত সন্মূখীন হোৱা এক জলন্ত শাৰিৰীক সমস্যা কঁকাল বিষ কি কি কাৰনে হয় আৰু নিৰাময়ৰ উপায় কি ?

Spread the love

প্ৰায় মানুহৰ মুখে মুখে শুনা যায় কঁকাল বিষৰ কথা।

বহুলোকে ডাক্তৰৰ ওচৰলৈ যোৱা দেখা যায় আৰু বহুলোকে বয়সৰ বেমাৰ বুলি চিকিৎসা নকৰে।

বহুলোকে এই বিষ লৈয়ে কাম কৰি থাকে।

আজি জানো আহক কঁকাল বিষৰ কাৰনসমূহঃ

এংকাইল’চিং স্পণ্ডেলাইটিছ, হাওলি কাম কৰিলে, বেছি ওজন দাঙিলে, আঘাতৰ বাবে বিশেষকৈ দুৰ্ঘটনাত পতিত হ’লে, শ্লিপডিস্ক হ’লে, কোষ্ঠকাঠিন্য, মহিলাসকলৰ মাহেকীয়া অনিয়মীয়া হলে, অষ্টিঅ’পৰোছিছ ৰোগৰ বাবে, হাড়ৰ সংক্ৰমণৰ বাবে, খাদ্যত কেলচিয়াম আৰু মেগনেছীযামৰ অভাব হলে আদি বিভিন্ন কাৰনত কঁকাল বিষ হব পাৰে।

কঁকাল বিষ নিৰাময় কৰাৰ উপায়ঃ

1. নহৰু বিষ নিৰাময়ৰ বাবে এক উত্তম ঔষধ ।
কঁকাল বিষ হলে নহৰু বা তিল তেলে মালিচ কৰিলে সুফল পোৱা যায়।

2. হালধি আৰু ইলাচি গৰম গাখীৰৰ লগত নিতৌ ৰাতি শোৱাৰ সময়ত খালে কঁকালৰ বিষ কমি যায় ।

3. শুকান আদা আৰু পিপলী মিলাই এচামুচকৈ গৰম পানীৰ লগত সদায় খালে সুফল পোৱা যায়।

5. কৰ্পূৰ নাৰিকল তেলত উতলাই সেই তেলেৰে ৰাতি শোৱাৰ সময়ত মালিচ কৰিব লাগে।

6. পুষ্টিকৰ আহাৰ সেৱন কৰিব লাগে।
উপযুক্ত পৰিমাণৰ কেলচিয়াম আৰু ভিটামিন থকা খাদ্য খাব লাগে।

7. সদায় ৩০ মিনিট পোন হৈ খোজ কাঢ়িলে বিষ ভাল হয়।

8. মেথি আৰু নহৰু ভজা তেলেৰে মালিচ কৰিলে ভাল হয়।

9. তুলসী পাত সিজাই চাহৰ দৰে খালে কঁকাল বিষৰ লগতে নানাবিধ ৰোগৰ পৰা উপশম পোৱা যায়।

10. কঁকাল বিষত বিশ্ৰাম অতি প্ৰয়োজন।
বেছি কোমল বিচনাত শোৱ নালাগে।

11. অত্যধিক গাড়ী বা বাইক চলোৱাৰ পৰা বিৰত থাকক।

12. বিষ হৈ থাকিলে কঁকালত নিয়মীয়াকৈ বেল্ট ব্যৱহাৰ কৰিব লাগে।

গতিকে আজিৰ পৰা এইকেইটা উপায়েৰে কঁকালৰ বিষ ভাল কৰোঁ আহক।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *