কলমৌ শাকত কি কি ভিটামিন আৰু ঔষধি গুণ আছে ?

Spread the love

কলমৌ শাক ঔষধি গুণেৰে পৰিপূৰ্ণ

এইবিধ শাক আমাৰ স্বাস্থ্য বাবে অতি উপকাৰী।

কলমৌ শাকে আমাক বহু বেমাৰৰ পৰা বচাই ৰাখে।

কলমৌ শাকক ইংৰাজীত water spinach, river spinach আদি বিভিন্ন নামেৰে জনা যায়।

ইয়াৰ বৈজ্ঞানিক নাম Ipomia aquatica .

কলমৌ শাকত ভিটামিন A, ভিটামিন B যৌগ, ভিটামিন C,
আইৰণ, আঁহ, কেলচিয়াম,
মেগনেছিয়াম, মেংগানিজ,
পটাছিয়াম, ফচফৰাছ,
ছডিয়াম, জিঙ্ক আদিৰে ভৰপূৰ।

 

জানো আহক কলমৌ শাকৰ ঔষধি গুণ সমূহঃ

1. কলমৌ শাকে চুলিৰ সৌন্দৰ্য বৰ্ধন কৰাত সহায় কৰে আৰু এই শাকে ছালৰ উজ্বলতা বঢ়ায় ৷

2. কলমৌ শাক দৃষ্টিশক্তিৰ বাবে উপকাৰী ৷

3. কলমৌ শাক খৰ,খজুৱতি,এথলেট ফুট আৰু আন চৰ্মৰোগৰ চিকিৎসাত সহায়ক ৷

4. কলমৌ শাকে পুৰুষৰ শুক্ৰাণু বৃদ্ধি কৰে।

5. কলমৌ শাকে মহিলা মহিলাৰ স্তনৰ গাখীৰ বৃদ্ধি কৰে।

6. কলমৌ শাকৰ ৰস আৰু গাখীৰ খালে নিদ্ৰাহীনতা দূৰ হয়।

7. কলমৌ শাক জণ্ডিচ আৰু অন্যান্য লিভাৰজনিত ৰোগৰ বাবে উত্তম।

8. মেদবহুলতা, উচ্চ ৰক্তচাপত ভোগা লোকৰ বাবে কলমৌ শাক উপকাৰী।

9. কলমৌ শাক কোষ্ঠ কাঠিন্য ৰোগত উপকাৰী।

10. কলমৌ শাকে গৰ্ভৱতী মহিলাৰ ডায়েবেটিজ ৰোগৰ উপশম ঘটায় ৷

11. মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষত কলমৌ শাক খালে সুফল পোৱা যায়।

12. কলমৌ শাকত প্রচুৰ পৰিমাণৰ কেলচিয়াম বাবে ই হাড় আৰু দাঁত মজবুত কৰাত সহায় কৰে।

13. কলমৌ শাকে শৰীৰত ৰোগ প্রতিৰোধ ক্ষমতা বৃদ্ধি কৰি থাকে।

14. কলমৌ শাক বসন্ত ৰোগৰ প্রতিষেধক হিচাবে কাম কৰে।

15. কলমৌ শাক নিয়মীয়াকৈ খালে ধাতু ৰোগ ভাল হয়।

 

মিচিং স্বায়ত্ত শাসিত পৰিষদ  Mising Autonomous Council
মিচিং স্বায়ত্বশাসিত পৰিষদৰ স্বাস্থ্য বিভাগৰ আঁচনিৰ বিষয়ে সবিশেষ জানিবলৈ চাওঁ ক আমাৰ এই বিজ্ঞাপন ।

 

কাংকান কায়োম ৰ প্ৰতিবেদন R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *