৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com October 6/2022:- 

১/ ফ্রান্সৰ এনি এৰ্নক্সলৈ ২০২২ বৰ্ষৰ সাহিত্যৰ নোবেল বঁটা প্ৰদান।

২/ কৰ্ণাটকত কংগ্ৰেছৰ ‘ভাৰত জড়ো যাত্রা’ত ৰাহুল গান্ধীৰ সৈতে পদযাত্ৰাত অংশ ললে ছোনিয়া গান্ধীয়ে।ৰাহুল গান্ধী ছোনিয়া গান্ধী
অসুস্থতাৰ বাবে বিগত কিছুদিন আঁতৰি আছিল ছোনিয়া গান্ধী।
বৃহস্পতিবাৰে তেওঁ দিল্লীলৈ উভতাৰ পাছত ছোনিয়া গান্ধীৰ ঠাইত ৰাহুল গান্ধীক পদযাত্ৰাত শুক্ৰবাৰে সংগী দিব প্ৰিয়ংকা গান্ধীয়ে ।

৩/ অনুপ চেতিয়াৰ কন্যা বন্যা বৰুৱাৰ সৈতে বিয়াত বহিল বাংলাদেশৰ অনিৰ্বাণ।
স্কুলত পঢ়ি থকাৰ সময়তেই ঢাকাত হৈছিল প্ৰেম।
বাংলাদেশৰ যুৱকৰ সৈতে আলফা নেতাগৰাকীৰ কন্যাৰ বিয়াক লৈ চলিছে চৰ্চা।অনুপ চেতিয়া

৪/ প্ৰতিভাবান শিল্পী তেজস্বিতা বৰুৱা অকাল মৃত্যুত মাজুলীত শোকৰ ছাঁ।তেজস্বিতা বৰুৱাৰ বাসগৃহত উপস্থিত স্বাস্থ্যমন্ত্রী কেশৱ মহন্ত।
পিতৃ-মাতৃক সাক্ষাৎ কৰি সমবেদনা জনালে মন্ত্ৰী কেশৱ মহন্তই।
মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষক অমূল্য গোস্বামীক নিলম্বন।
মাজুলীৰ প্ৰতিভাৱান শিশু শিল্পী তেজস্বিতা বৰুৱাৰ মৃত্যুৰ পিছতে এই শাস্তিমূলক ব্যৱস্থা।
ডাঃ কিশোৰ বৰ্মনক নতুনকৈ দিয়া হৈছে অধীক্ষকৰ দায়িত্ব।

৫/ কাইলৈ গুৱাহাটীলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা।
অমিত শ্বাহৰ উপস্থিতিত গঠন কৰা হব বিজেপিৰ ক’ৰ কমিটি।
দেৰগাঁৱত হ’ব লগা আৰক্ষী অধীক্ষকসকলৰ সন্মিলনতো অংশ ল’ব মন্ত্ৰী গৰাকীয়ে।

৬/ বিশ্ব স্বাস্থ্য সংস্থাই “মেইডেন ফাৰ্মাচিউটিকেল অৱ ইণ্ডিয়া”ৰ দ্বাৰা তৈয়াৰী ৪ কফ চীৰাপলৈ জাৰি কৰিলে ‘মেডিকেল প্ৰডাক্ট এলাৰ্ট’ ।
এই কফ চীৰাপৰ ফলতেই বৃক্কৰ সংক্ৰমণ হৈ ইতিমধ্যেই গাম্বিয়াত ৬৬ টা শিশুৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই ।

৭/ নতুন দিল্লীত উপস্থিত হয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা। অসম হাউছত মন্ত্ৰী গৰাকী দীপশিখা হাজৰিকাৰ পিতৃ গোলাপ হাজৰিকাৰ সৈতে বাৰ্তালাপ।

৮/ মিজোৰামত বুজন পৰিমাণৰ হেৰ’ইনসহ অসমৰ দুজনক গ্ৰেপ্তাৰ।
১.২৮৯ কেজি হেৰ’ইন জব্দ কৰা হৈছে।

৯/ আফগানিস্তানৰ ৰাজধানী চহৰ কাবুলৰ এটা মছজিদত সংঘটিত হোৱা এক বিস্ফোৰণত ৪ জন লোকৰ মৃত্যু হৈছে আৰু অতি কমেও ২৫ জনলোক আহত হৈছে।

১০/ মঙলদৈত শ্বহীদ মোজাম্মিল হকৰ স্মৃতি দিৱস পালন।
তেওঁৰ স্মৃতিত মঙলদৈ অসামৰিক চিকিৎসালয় খন শ্বহীদ মোজাম্মিল হকৰ নামেৰে নামকৰণ কৰাৰ আহ্বান দল সংগঠনৰ।

১১/ ২২ অক্টোবৰৰ পৰা অষ্ট্ৰেলিয়াত অনুষ্ঠিত হ’ব T20 বিশ্বকাপ।
T20 বিশ্বকাপত প্ৰথম খেলত পাকিস্তানৰ বিৰুদ্ধে নামিব ভাৰতীয় দল।
২৩ অক্টোবৰত মেলব’ৰ্নত ভাৰত-পাকিস্তানৰ খেল ।

১২/ মেক্সিকোত অচিনাক্ত বন্দুকধাৰীৰ তাণ্ডৱ।
নিৰ্বিচাৰ গুলীচালনাত ১৮ জনৰ মৃত্যু ।
মেক্সিকোৰ মেয়ৰৰ মৃত্যু হয় গুলীচালনাত।

১৩/ এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ দেশ ।
এখন পৰ্যটক কঢ়িয়াই নিয়া বাছ আৰু কেৰালা ৰাজ্যিক পথ পৰিবহণ নিগমৰ বাছৰ মাজত সংঘটিত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত  মৃত্যু হৈছে ৯ জন লোকৰ ।

১৪। অসম ৰাইফলছৰ হাতত ধৰা পৰিছে DNLTৰ দুই সক্ৰিয় কেডাৰ।
দুই কেডাৰৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰসহ গোলা-বাৰুদ।
আটকাধীন দুয়ো জনকে গতাই দিয়া হয় মাইবং আৰক্ষী থানাক।

১৫/ চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ গোলাঝাৰত জুৱাখেলৰ আড্ডা।
মেলাস্থলীত জুৱা খেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।

১৬/ ৰাষ্ট্রীয়-আন্তঃৰাষ্ট্রীয় পৰ্যায়ত সন্মান বুটলিবলৈ সক্ষম হোৱা পৰিচালক বিশ্বজিৎ বৰাৰ নতুন ছবি ‘বেলকনিত ভগৱান’।
শুকুৰবাৰে ছবিগৃহলৈ আহিবলগীয়া চিনেমাখনৰ প্রিমিয়াৰ শ্ব’ উপভোগ কৰে কৃষিমন্ত্রী অতুল বৰাই।

১৭/ ৩ দিনত গুৱাহাটীত ১৬ কোটি ৮০ লাখ টকাৰ সুৰা বিক্ৰী হল।
১ অক্টোবৰত ষষ্ঠীৰ দিনটোত ৬ কোটি ৭৫ লাখ টকাৰ সুৰা বিক্ৰী আৰু
৩ অক্টোবৰত অষ্টমীৰ দিনটোত ৪ কোটি ৮০ লাখ টকাৰ সুৰা বিক্ৰী।
৪ অক্টোবৰ নৱমীৰ দিনা ৫ কোটি ২৫ লাখ টকা সুৰা বিক্ৰী।

১৮/ ICU ত মৃত্যুৰ সৈতে যুঁজি আছে তদানীতন্ত্ৰ মুখ্যমন্ত্ৰী মুলায়ম সিং যাদৱ।

১৯/ ওৰাং ৰাষ্ট্ৰীয় উদ্যান ও ব্যাঘ্ৰ প্ৰকল্পৰ সৌজন্যত ৬৮ সংখ্যক বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰে।
প্ৰতিবছৰেই উদ্যান খনত অক্টোবৰ মাহৰ ১ তাৰিখৰ পৰা ৭ তাৰিখলৈ উদযাপন হয় বন্যপ্ৰাণী সপ্তাহ আৰু
বিশ্বনাথ চাৰিআলিতো বন্যপ্ৰাণী সপ্তাহ উদযাপন কৰা হয়।
বন বিভাগৰ সজাগতামূলক বাইক ৰেলী।
বন্যপ্ৰাণীৰ সংৰক্ষণ, নিৰাপত্তাৰ হকে সজাগতা ৰেলী।

২০/ লোকসভাৰ নিৰ্বাচনলৈ সাজু হৈছে সকলো।
ধুবুৰী, বৰপেটা, কৰিমগঞ্জত অকলে যুঁজিব AIUDF এ।
কংগ্ৰেছৰে হিয়া দিয়া নিয়া নকৰে AIUDF এ।
ইফালে বিজেপিয়ে ক’লে- ২০২৪ ত আকৌ ভাই-ককাই হ’ব কংগ্ৰেছ-AIUDF

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *