৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com October 22/2022:- 

1. বৰপেটা সত্ৰৰ সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ দেহাৱসান।
১১ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল সত্ৰীয়াগৰাকী।
GMCH ত শেষ নিশ্বাস ত্যাগ কৰে।

2. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদ্বোধন কৰিলে PM ৰোজগাৰ মেলা।
১০ লাখ নিৱনুৱাক চৰকাৰী চাকৰি দিয়াৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে মোদী চৰকাৰে।
আজি কেন্দ্ৰীয় অধিনস্ত ৩৮ টা বিভাগত ৰোজগাৰ মেলাৰ জৰিয়তে ৭৫ হাজাৰ নিৱনুৱাক নিযুক্তি দিয়া হয়।
গুৱাহাটীত নিযুক্তি পত্ৰ প্ৰদান কৰিলে সৰ্বানন্দ সোণোৱালে।

3. ম’বাইল হেকাৰৰ কবলত পৰিছে যোৰহাটৰ জিলাৰ উপায়ুক্ত।
DC অশোক কুমাৰ বৰ্মনৰ ফটো ব্যৱহাৰ কৰি ধন দাবী কৰিছে হেকাৰে।
DC গৰাকীৰ ফটো ব্যৱহাৰেৰে ৱাটছচেপত একাউণ্ট খুলি ধনৰ দাবী কৰিছে।
যোৰহাটবাসীক সাৱধান হোৱাৰ আহ্বান জনাইছে উপায়ুক্ত গৰাকীয়ে।

4. GMCৰ পৰা অপসাৰণ কৰা হ’ল বাবুলাল শৰ্মাক।
OSD হিচাপে নিযুক্ত হৈছিল ACS বিষয়া বাবুলাল শর্মা। বোকা নিষ্কাশনৰ ধন লুটপাতৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে শৰ্মাক।

5. “প্ৰধানমন্ত্ৰী মোদীৰ কাৰ্যকালত দেশৰ প্ৰতিজন নাগৰিক উপকৃত হৈছে”- মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

6. কাছাৰত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান।
জিৰিঘাটৰ দিগলী বাহাদুৰপুৰত জব্দ কৰা হৈছে ১০ লাখ টকাৰ হেৰ’ইন।
১৮ টা চাবোনৰ বাকচত সৰবৰাহ কৰা হৈছিল হেৰ’ইন খিনি।
হেৰ’ইনসহ আৰক্ষীৰ জালত পৰিছে বিক্ৰম সিং নামৰ এটা সৰবৰাহকাৰী।

7. নগাঁৱৰ ত্ৰিনয়ন হাস্পতালত প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি হৈছে।
চিকিৎসকৰ গাফিলতিৰ বাবে প্ৰসূতিগৰাকীৰ মৃত্যু হৈছে বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে।
মৃত প্ৰসূতিগৰাকীৰ নাম দীপিকা বৰা।

8. দক্ষিণ শালমাৰাত পিষ্টলসহ গ্রেপ্তাৰ কৰা হৈছে ছাদ্দাম হুছেইন নামৰ এজন লোকক।
আৰক্ষীয়ে উদ্ধাৰ কৰে এজাই সক্রিয় গুলী।
ভাৰত বাংলাদেশ সীমান্তৰ মুটাখোৱা অঞ্চলৰ পৰা গ্ৰপ্তাৰ কৰা হৈছে ছাদ্দাম হুছেইনক।

9. অভয়াপুৰীত কম্পিউটাৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
নিশা অভয়াপুৰীৰ ‘স্কাইনেট নামৰ’ কম্পিউটাৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰূপম বৰা আৰু দ্বীপজ্যোতি বৰুৱাক আটক কৰে আৰক্ষীয়ে।

10. ৰাষ্ট্ৰীয় শক্তি উত্তোলন প্ৰতিযোগিতাত চাৰিটাকৈ স্বৰ্ণ পদকৰে মহাৰাষ্ট্ৰত উজ্বলিল দুলীয়াজানৰ জয়া নগৰৰ ৬১ বছৰীয়া মহিলা বিদ্যা ফুকন।
২০২২ চনৰ ভাৰতৰ শ্ৰেষ্ঠ শক্তি উত্তোলক খিতাপ লাভ কৰিবলৈ সক্ষম হৈছে।

11. চিলাপথাৰৰ গোলাইত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে।
গুৱাহাটী জোনাই মুৰ্কংচেলেক অভিমুখি লাচিত এক্মপ্ৰেছে খুন্দিয়াই এপে নামৰ বাহনখনক।
ৰে’ল চিৰিৰ পৰা ৩০ ফুট তলত বাগৰি পৰিল বাহনখন।
বাহনখন গৈ থকা অৱস্থাত ৰেল ষ্টেচ’নৰ মাজত গাড়ীৰ ষ্টাৰ্ট বন্ধ হৈ সংঘটিত হয় এই ঘটনা।
কথমপি প্ৰাণ ৰক্ষা পৰিল চালকসহ দুজন যুৱক।

12. যোৰাবাটত ড্রাগছ বিৰোধী অভিযান।
কৃষ্ণ সিং নামৰ এজন যুৱকৰ বাসগৃহত অভিযান চলাই আৰক্ষীয়ে।
অভিযানত জব্দ কৰা হৈছে ১৬ গ্রাম হেৰ’ইন।
দীৰ্ঘদিন ধৰি যুৱক জনে ঘৰৰ পৰাই ড্রাগছৰ ব্যৱসায় চলাই থকাৰ অভিযোগ।

13. কলিয়াবৰৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত বাগৰি আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে গৰুভৰ্তি এখন ট্ৰাক।
১৯ টা গৰু কঢ়িয়াই আনিছিল ট্ৰাকখনে।
বোকাখাতৰ বিহৰা বজাৰৰ পৰা নগাৱৰ চামগুৰিলৈ সৰবৰাহ কৰিছিল গৰু কেইটা।

14. মধ্য প্রদেশৰ ৰেৱা জিলাত শোকাৱহ পথ দুৰ্ঘটনাত প্রাণ হেৰুৱালে ১৫ জনকৈ শ্ৰমিকে।
হায়দৰাবাদৰ পৰা গোৰখপুৰ অভিমুখী বাছখনত আছিল ১০০ জন যাত্ৰী।
বাছখনত অধিকাংশই আছিল শ্ৰমিক, দীপাৱলীৰ বাবে ঘৰলৈ উভতিছিল শ্ৰমিক সকল।
এতিয়া চিকিৎসাধীন হৈ আছে প্রায় ৪০ গৰাকী।
ঘটনাক লৈ দুখ প্রকাশ কৰিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।

15. ৰাজ্যত প্রান্তে প্রান্তে এতিয়া দীপাৱলীৰ উছাহ।
ভিন্ন ৰঙী মাটিৰ চাকি, লাইটেৰে পোহৰাই তুলিব ৰাজ্যৰ চৌদিশ।
ব্যস্ত মৃৎ শিল্পীসকল।
তেলৰ দামবৃদ্ধিয়ে মাটিৰ চাকিৰ চাহিদা হ্রাস কৰিছে যদিও এতিয়াও পূৰ্ব পুৰুষৰ পৰম্পৰা ধৰি ৰাখিছে ৰাজ্যৰ ভিন্ন প্রান্তৰ মৃৎ শিল্পীসকলে।

16. আজমল আৰু AIUDFক বিজেপিৰ এজেণ্ট আখ্যা দি বিভ্রান্তিৰ সৃষ্টিৰ উদ্দেশ্যে AIUDF-এ এনে মন্তব্য কৰা বুলি দাবী লুৰীণজ্যোতি গগৈৰ।

17. “উকা কাগজত লিখি দিম, কোনোবাই যাচি দিলেও মোৰ ছাত্ৰই এটকাও নাখায়”। ২০৩০ ৰ ভিতৰত ১লাখ চাকৰি দিয়াৰ লক্ষ্য ভিক্টৰ দাসৰ।

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

18. কাৰ্বি আংলঙৰ ধনশিৰি সংৰক্ষিত বনাঞ্চলত অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে।
ডিফু আৰক্ষীয়ে হাতীকেম্প এলেকাত উদ্ধাৰ কৰে ২টা গ্ৰেনেড, AK47ৰ এটা মেগজিনসহ ৬৯ জাই গুলী।

19. সোণাপুৰত অব্যাহত চোৰাং কাঠৰ ৰমৰমীয়া বেহা।
নিশা হ’লেই অসম মেঘালয় সীমান্তৰ পৰা সোণাপুৰ হৈ বিভিন্ন অঞ্চললৈ চোৰাং কাঠ সৰবৰাহ কৰে অসাধু চক্ৰই।

20. “গছত গৰু উঠা কথা কৈছে AIUDF-এ। AIUDFৰ সমৰ্থন আমাক কেতিয়াও নালাগে”- মন্তব্য অখিল গগৈৰ।

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

Leave a Reply

Your email address will not be published. Required fields are marked *