৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ । - RnewsIndia24
Skip to content
Rnewsindia24.com October 27/2022:-
1. চেলিব্ৰেটি আৰক্ষী বিষয়া আনন্দ মিশ্ৰক জৰিমনা।
গুৱাহাটীৰ ন পাৰ্কিং জ’নত গাড়ী ৰখাইছিল আনন্দ মিশ্ৰই।
যান-বাহন আৰক্ষীয়ে ২ হাজাৰ টকা জৰিমনা বিহে আনন্দ মিশ্ৰক।
2. বিশিষ্ট অভিনেতা নিপন গোস্বামীৰ দেহাৱসান। নেমকেয়াৰ হস্পিতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে।
3. মহানগৰীত বহিৰাগত কোম্পানীৰ কোটি কোটি টকাৰ কেলেংকাৰিৰ অভিযোগ।
উলুবাৰীৰ বৰা ৰ্চাভিছত Skillkits pvt.Ltd নামৰ কোম্পানীয়ে লুটিলে ৫০০ কোটি টকা।
টকা লুটি উধাও হৈছে কোম্পানীটোৰ CEO সুধাংশু চৌহানসহ আন কৰ্মচাৰী।
4. “ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হ’ব চিৰসেউজ অভিনেতা নিপন গোস্বামীৰ শেষকৃত্য” কামৰূপ মহানগৰ জিলা উপায়ুক্তক নিৰ্দেশ দিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
5. “আমাৰ সকলোৰে প্ৰিয় তাৰকা নিপনদাৰ বিয়োগত অতিশয় মৰ্মাহত হৈছোঁ। অসমৰ সাংস্কৃতিক জীৱনলৈ তেখেতে আগবঢ়াই থৈ যোৱা অৱদান চিৰস্মৰণীয় হৈ ৰ’ব।”- মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
6. “দিল্লীৰ প্ৰতিগৰাকী বিজেপিৰ মন জয় কৰিব লাগিব। কাজিয়াৰে নহয়, মৰমেৰে বুজাব লাগিব”- মন্তব্য অৰবিন্দ কেজৰিৱালৰ।
7. বদৰপুৰত জব্দ কৰা হৈছে ৫ কোটি টকাৰ ড্ৰাগছ।
জব্দকৃত ড্ৰাগছ খিনিৰ মূল্য ৫ কোটিতকৈও অধিক।
এখন এল্টো’ বাহনসহ আৰক্ষীয়ে জব্দ কৰিছে ৬২১ গ্ৰাম হেৰ’ইন।
8. “মিঞা জনগোষ্ঠীয়ে ভয় কৰিলে নহ’ব। মিঞা জনগোষ্ঠীক উত্থান কৰিবলৈ ত্যাগ কৰিবই লাগিব”- মন্তব্য বিধায়ক শ্বেৰমান আলীৰ।
9. যোৰাবাটত মহানগৰ আৰক্ষীৰ অভিযান।
যোৰাবাটত এখন ট্রাকৰ পৰা জব্দ কৰা হৈছে ২,৫০০ কিলোগ্রাম গাঞ্জা।
আৰক্ষীয়ে জব্দ কৰে ট্ৰাকখন।
মণিপুৰৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰিছিল গাঞ্জাখিনি।
10. হোজাইৰ যমুনামুখত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।
যমুনামুখৰ এৰাকপিলীৰ পৰা জব্দ কৰে নিচাযুক্ত ছিৰাপৰ বটল।
নীতাই দাস নামৰ এজন ধানৰ মিলৰ পৰা জব্দ কৰে ছিৰাপৰ বটল।
আৰক্ষীয়ে আটক কৰে এৰাকপিলীৰ পংকজ পাল নামৰ এজনক।
11. ছুইডেনৰ নাগৰিকক নামৰূপত গ্ৰেপ্তাৰ।
ভিছা উলংঘাৰ অভিযোগত আটক কৰে ছুইডেনৰ ৩ গৰাকী নাগৰিকক।
আচাবাম ঘিনাই অঞ্চলত এখন প্ৰাৰ্থনা সভাত অংশ লোৱাৰ অভিযোগ তিনিওৰে বিৰুদ্ধে।
টুৰিষ্ট ভিছা লৈ ধৰ্মপ্ৰচাৰ চলোৱাৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে।
৩ ছুইডেন নাগৰিকক গ্ৰেপ্তাৰ কৰাৰ পিছতে নামৰূপ থানাত উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে।
12. নগাঁৱৰ কচুৱাত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ।
আৰক্ষীৰ জালত দুটাকৈ ড্ৰাগছ সৰবৰাহকাৰী।
13.’হালাল’ অব্যাহত ৰাখিবলৈ বিজেপি নেতাই ব্যৱসায়ীৰ পৰা ধন লয় -বিজেপিৰ বিৰুদ্ধে আছাদুদ্দিন ওৱেছিৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে।
14. টিউটৰ কৰ্মচাৰী যৌথ মঞ্চৰ উদ্যোগত চাকৰি নিয়মিয়াকৰণৰ দাবীত লখিমপুৰত ৫ খন জিলাৰ প্ৰতিনিধিৰ প্ৰতিবাদী সভা ৰূপায়ন।
15. BTR ৰ নিবনুৱা যুৱক-যুৱতীলৈ সুখবৰ।
BTR ৰ হ’ব বৃহৎ নিযুক্তি প্ৰক্ৰিয়া।
শীঘ্ৰেই প্ৰকাশ পাব ৬ টা বিভাগৰ বিজ্ঞাপন।
এই বৃহৎ ঘোষণা প্ৰমোদ বড়োৰ।
16. কাজিৰঙাৰ এনিমেল কৰিডৰত জব্দ কৰা হৈছে ৭টাকৈ চোৰাং গৰু।
পৰ্যটক কঢ়িওৱা XYLO বাহনৰ পৰা জব্দ কৰি অনা হৈছে গৰুকেইটা।
নুমলীগড়ৰ বিহৰাৰ পৰা চামগুৰি অভিমুখী আছিল বাহনখন।
বাহনখনৰ সৈতে আটক কৰে দুই সৰবৰাহকাৰী ক্ৰমে- ছাইদুল ইছলাম, বাবুল হুছেইন ।
17. নলবাৰী মানাহ ৰাইনো ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছে দুটি শিশু।
উদ্ধাৰ হোৱা শিশু দুটিৰ নাম অজিত ৰয়, বিশাল ৰয়।
শিশু দুটা টংলাৰ পৰা মানাহ ৰাইনো ৰে’লেৰে আহি নলবাৰীত উপস্থিত হয়। RPF-এ উদ্ধাৰ কৰি অব্যাহত ৰাখিছে সোধা-পোছা।
18. হাটশিঙিমাৰীত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে।
ছুপাৰ মাৰ্কেটৰ পৰা হেৰ’ইন জব্দ কৰে আৰক্ষীয়ে।
১৪ গ্ৰাম হেৰ’ইন ৫ টা কট্ৰেইনাৰত ভৰাই অনা হৈছে।
হেৰ’ইনখিনিৰ মূল্য প্ৰায় ৫ লাখ টকা।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে এই ড্ৰাগছ সৰবৰাহকাৰিক।
19. শিৱসাগৰৰ আমগুৰিত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে ।
আমগুৰিৰ পৰিবহণ বাছ আস্থানৰ সন্মুখত ট্রেইলাৰ আৰু ট্রাকৰ মাজত মুখামুখি সংঘৰ্ষ ফলত সংঘটিত হৈছে এই ঘটনা।
দুৰ্ঘটনাত ট্ৰাকখনৰ চালক-হেণ্ডিমেন গুৰুতৰ ভাৱে আহত হয়।
20. গোলাঘাটৰ এৰেঙাপাৰাৰ ৰূপজ্যোতি নগৰত বন বিভাগৰ অভিযান।
জান শইকীয়া নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ মূল্যবান কাঠ।
দিগন্ত দত্তৰ বিৰুদ্ধে চোৰাং কাঠ সৰবৰাহৰ অভিযোগ উথাপন হৈছে।
প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।