দশম মিচিং যুৱ মহোৎসৱ

দশম মিচিং যুৱ মহোৎসৱ ২০২৬

Spread the love

® দশম মিচিং যুৱ মহোৎসৱ।

২৬ জানুৱাৰী তাৰিখৰ পৰা ৩০ তাৰিখলৈ পাঁচ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে টাকাম মিচিং পৰিণ কৗবাঙৰ উদ্যোগত আৰু মিচিং স্বায়ত্বশাসিত পৰিষদৰ পৃষ্ঠপোষকতাৰে ধেমাজিৰ কাৰেং চাপৰিত “দশম মিচিং যুৱ মহোৎসৱ” অনুষ্ঠিত কৰে।

দ্বিতীয় দিনৰ কাৰ্যসূচীঃ

TMPKৰ পতাকা উত্তোলন কৰে সভাপতি তিলক দলেয়ে আৰু মহোৎসৱৰ পতাকা উত্তোলন কৰে বিশিষ্ট লোকশিল্পী তথা মিচিং যুৱ মহোৎসৱৰ প্ৰাক্তন সভাপতি বৰ্তমানৰ উপদেষ্টা একলব্য গামে।

অমৰ শ্বহীদ সকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে MMK সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাং, TMPKৰ সম্পাদক চান পাংগিং আৰু TMMKৰ সম্পাদিকা শৰ্মিলা পায়েঙে।

মিচিং উকুম শুভ উদ্বোধন কৰে মিচিং বানে কেবাঙৰ সভাপতি তথা মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া আৰু TMMKৰ সভানেত্ৰী ইন্দিৰা চিন্তে কুম্বাঙে।

আদি উকুম শুভ উদ্বোধন কৰে আদি বানে কেবাঙৰ সভাপতি টানন টাটাকে।

গাল’ উকুম শুভ উদ্বোধন কৰে GWSৰ সভাপতি টলি বাছাৰ, সম্পাদক নায়কাৰ ৰাকেশ্বপ, গালো মিচিং সমন্বয় সমিতিৰ সভাপতি কেনিয়াম ডাবিয়ে।

নিছি উকুম শুভ উদ্বোধন কৰে নিছি এলাইট ছ’চাইটিৰ সম্পাদক নৱম টাকাৰে।

টাগিন উকুম শুভ উদ্বোধন কৰে টাগিন সাংস্কৃতিক সমাজৰ সাধাৰণ সম্পাদক তিউটাৰ ডুলমে।

আপাতানি উকুম শুভ উদ্বোধন কৰে তানি চঃপুন দঃকুনৰ সভাপতি পোৰা চাম্ব্যোৱে।

মিচিং লোকগীত আৰু নৃত্য প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে বিশিষ্ট লোকশিল্পী তথা সংগীত নাটক একাডেমী বঁটা প্ৰাপক তৰাৱতী মিলি বড়িয়ে।

তৃতীয় দিনত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীঃ

মিচিং পৰম্পৰাগত ফেশ্বন শ্ব’, পৰম্পৰাগত জীৱনশৈলীৰ ওপৰত প্ৰতিযোগিতা, ক্ৰীড়া, কবি সন্মিলন, আলোচনা চক্ৰ আৰু বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

আলোচনা চক্ৰৰ শুভ উদ্বোধন কৰে ভাৰত গৌৰৱ, অৰণ্য মানৱ, পদ্মশ্ৰী যাদৱ পায়েঙে।

(ক) নদীৰ পাৰৰ পৰিৱেশ ব্যৱস্থাৰ সংৰক্ষণ: প্ৰত্যাহ্বান, কৌশল আৰু বহনক্ষম সমাধান” শীৰ্ষক বিষয়ৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে নেৰ্চাছ বেকনৰ সঞ্চালক সৌম্যদ্বীপ দত্ত আৰু বিশিষ্ট পৰিৱেশবিদ তুখেশ্বৰ মিৰি।

(খ) “২১ শতিকাৰ দক্ষতাৰ ওপৰত আলোচনা” শীৰ্ষক বিষয়ৰ সমল ব্যক্তি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰীৰ OSD ড° পজুল লয়িং।

আনহাতে, মিচিং আৰু অসমীয়া কবিতাৰ কবি সন্মিলন শুভ উদ্বোধন কৰে ONGCৰ সদৌ ভাৰতীয় অনুসূচিত জাতি/জনজাতি কৰ্মচাৰী কল্যাণ সংস্থাৰ কাৰ্যকৰী সভাপতি দম্বিৰাম পাংগিঙে।

সঞ্চালক হিচাপে উপস্থিত থাকে কবি তথা ধেমাজি জিলা পৰিষদৰ উপ-মুখ্য কাৰ্যবাহী বিষয়া নবীন কামান।

চতুৰ্থ দিনত অনুষ্ঠিত হোৱা কাৰ্যসূচীঃ

মিচিং লোকগীত প্ৰতিযোগিতা, মিচিং পৰম্পৰাগত বাদ্যযন্ত্ৰ প্ৰতিযোগিতা আদি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰে।

দশম মিচিং যুৱ মহোৎসৱৰ মুকলি অধিৱেশন শুভ উদ্বোধন কৰে CCTOAৰ মুখ্য সমন্বয়ক আদিত্য খাখলাৰীয়ে।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সুনীল কুমাৰ পেগু, AJYCPৰ সভাপতি পলাশ চাংমাইকে ধৰি সদৌ অসম জনজাতি যুৱ সংঘ, সদৌ বড়ো ছাত্ৰ সন্থা, সদৌ ৰাভা ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, সদৌ অসম দেউৰী ছাত্ৰ সন্থা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থা, সদৌ তিৱা ছাত্ৰ সন্থা, সদৌ অসম হাজং ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থা, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা, সদৌ অসম চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন, সদৌ মৰাণ ছাত্ৰ সন্থা, সদৌ অসম বঙালী ছাত্ৰ-যুৱ ফেডাৰেচনৰ প্ৰতিনিধিবৰ্গ।

NESOৰ সমন্বয়ক ইজান নগোলি, সদৌ ছিকিম ছাত্ৰ কল্যাণ মঞ্চৰ সভাপতি অনিশ শৰ্মা, খাচি ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ড’নাল্ড ভি থাবাহ, টুইপ্ৰা ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক হামালু জামাটিয়া, মিজু জিৰলাই পাউলৰ সাধাৰণ সম্পাদক চিনখানমাংগা থমটে, সদৌ অসম মণিপুৰি ছাত্ৰ সন্থাৰ সভাপতি ঙাছেপাম চানাহাল সিংহা, সদৌ নিছি যুৱ সন্থাৰ সভাপতি জামৰু ৰুজা,
সদৌ নিছি ছাত্ৰ সংন্থাৰ সভাপতি লেজেন ন্যাডি, ডিমাছা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰমিথ চেংয়ুং, আপাটানি যুৱ সন্থাৰ সভাপতি চোবো চালা, আপাটানি ছাত্ৰ সন্থাৰ সভাপতি মম হাংগু, অসম গাৰো ছাত্ৰ ফেডাৰেচনৰ সভাপতি দ্বীপচন চাংমা, সদৌ টাগিন ছাত্ৰ সন্থাৰ সভাপতি তাডাক পাকবা, হমাৰ যুৱ সংস্থাৰ সভাপতি লাল ৰোপ্যই হমাৰ, কুকি ছাত্ৰ সংস্থাৰ সাধাৰণ সম্পাদক লিয়েংগৌজাও চিংছন, গালো ছাত্ৰ সন্থাৰ সভাপতি বজিৰ বলে, আদি ছাত্ৰ সন্থাৰ সভাপতি জিৰবো জামোহ, গালো ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জুমৰিক বাগৰা, আদি বানে কেবাং যুৱ শাখাৰ সভাপতি অ’কি ড্যেই, ইদু-মিছমি ছাত্ৰ সন্থাৰ সভাপতি ড্ৰোন লিংগী, গাৰো ছাত্ৰ সন্থা সভাপতি মকট্ৰে দিল চাংমা, সদৌ টাই খামটি চিংফো ছাত্ৰ সন্থাৰ সভাপতি ব্ৰেংলিন ইঞ্জোৰ লগতে অন্যান্য বিষয়ববীয়া।

পঞ্চম দিনত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীঃ

সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ।

সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।

বিশেষ অতিথি হিচাপে উপস্থিত থাকে দেশৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মিচিং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, অধ্যক্ষ সুনীল কুমাৰ পেগু, সাংসদ প্ৰদান বৰুৱা, জোনাই বিধানসভা সমষ্টিৰ বিধায়ক ভূবন পেগু, ঢকুৱাখনা বিধানসভা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে, মাজুলী বিধানসভা সমষ্টিৰ বিধায়ক ভূৱন গাম, লখিমপুৰ বিধানসভা সমষ্টিৰ বিধায়ক মানৱ ডেকা।

 

উপস্থিত থাকে মিচিং স্বায়ত্বশাসিত পৰিষদৰ সমূহ কাৰ্য্যবাহী সদস্য/সদস্যা, সাধাৰণ সদস্য/সদস্যা, মিচিং জাতীয় সংগঠন MBK, MAK, MMK, TMMK, TMPKৰ কেন্দ্ৰীয়, জিলা, আঞ্চলিকৰ সমূহ বিষয়ববীয়া, অসমৰ বিভিন্ন সংগঠনৰ বিষয়ববীয়া, বিশিষ্ট ব্যক্তি, সমাজকৰ্মী, শিক্ষাবিদ, সাহিত্যিক, সমালোচক, সাংবাদিক, গাম আৰু অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজ।

প্ৰিয় পাঠক, মিচিং স্বায়ত্বশাসিত পৰিষদৰ দৈনন্দিন খবৰ সমূহৰ লগতে অন্যান্য খবৰৰ বাবে নিয়মীয়াকৈ পৰিদৰ্শন কৰিব আমাৰ ৱেবছাইট Rnewsindia24.com

লগতে Facebook Page – https://www.facebook.com/share/1CPt4foZn4/

YouTube Channel  – https://youtube.com/@rnewsindia24?si=kJAXRgy4cKWci0qC

Follow – Subscribe কৰিবলৈ নাপাহৰিব।

ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *