“লৌহমানৱ” ভাৰত ৰত্ন চৰ্দাৰ বল্লভভাই পেটেলৰ জীৱনযাত্ৰাঃ
১৮৭৫ চনৰ ৩১ অক্টোৱৰ তাৰিখে গুজৰাটৰ খেদা জিলাৰ কৰমচাঁদ গাঁৱত চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম হয়।
তেখেত স্বাধীন ভাৰতৰ প্ৰথম উপ-প্ৰধানমন্ত্ৰী আছিল।
তেওঁৰ পিতৃৰ নাম ঝাভেৰ ভাই পেটেল আৰু মাকৰ নাম আছিল লাড়বাঈ।
তেখেতক সৰুতেই গাঁৱৰ প্ৰাথমিক বিদ্যালয়ত মাক-দেউতাকে নাম ভৰ্তি কৰি দিছিল।
নাদিয়াদৰ হাইস্কুলৰ পৰা তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয়।
মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত ঘৰুৱা অৱস্থা টনকিয়াল নোহোৱা বাবে তেওঁ সিমানতে পঢ়া জীৱনৰ সামৰণি মাৰিবলগীয়া হয়।
কিছুদিনৰ পিছত আৰ্থিক অৱস্থা সচ্ছল হোৱাত, তেওঁ ইংলেণ্ডলৈ গৈ বেৰিষ্টাৰী পঢ়াৰ ইচ্চা কৰিলে।
তেওঁ ইংলেণ্ডৰ মিডল টেম্পল কলেজত বেৰিষ্টাৰী পঢ়িবলৈ লয়।
এই কলেজত ৰোমান আইনৰ বিষয়ত পৰীক্ষা দি প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হয়।
তেওঁ আদালতত এজন ভাল উকীলৰূপে পৰিচিত হয়।
ফৌজদাৰী মোকৰ্দমা চলোৱাত তেওঁ বিশেষ সুখ্যাতি অৰ্জন কৰিছিল।
১৯১২ চনত ইংলেণ্ডৰ মিডল টেম্পল কলেজত বেৰিষ্টাৰী সমাপ্ত কৰি তেওঁ ভাৰতলৈ আহি আহমেদাবাদত ওকালতি কৰিবলৈ লয়।
তথাপিও ওকালতিৰ মাজেৰে দৰিদ্ৰজনৰ মাজত সোমাই পৰে আৰু তেওঁলোকৰ সেৱাত মনোনিবেশ কৰে।
হাইস্কুলত পঢ়ি থকা কালতে মাত্ৰ ১৮ বছৰ বয়সতে তেওঁক মাক-পিতাকে বিয়া কৰাই দিছিল।
তেওঁৰ পত্নীৰ নাম আছিল ঝবেৰবাই।
বিয়াৰ সময়ত ঝবেৰ বাইৰ বয়স আছিল দহবছৰ।
১৯১৭ চনত ছৰ্দাৰ বল্লভভাই পেটেল আহমেদাবাদ মিউনিচিপালিটীৰ সদস্য হৈ মিউনিচিপালিটীৰ স্বায়ত্ত্ব শাসনৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ যুঁজ দিয়াৰ উপৰিও চহৰখন নিকা কৰিবলৈ আৰু নাগৰিক সকলৰ কৰ্তব্যনিষ্ঠাৰ প্ৰতি সজাগ হ’বলৈ আহ্বান জনাইছিল।
১৯৩৬-৩৭ চনত কংগ্ৰেছ পাৰ্লিয়ামেণ্টৰী শাখা কমিটীৰ চেয়াৰমেন নিযুক্ত হয় চৰ্দাৰ বল্লভভাই পেটেল।
১৯৪২ চনৰ ৮ আগষ্টত বোম্বাইত বহা জাতীয় কংগ্ৰেছৰ অধিবেশনে ভাৰত-ত্যাগৰ প্ৰস্তাৱ গৃহীত কৰে।
৯ আগষ্টৰ দিনা মহাত্মা গান্ধী, সৰোজিনী নাইডু, ছৰ্দাৰ বল্লভভাই পেটেল আদি নেতা সকলক গ্ৰেপ্তাৰ কৰা হয়।
১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰত স্বাধীন হোৱাৰ পিছত জৱাহৰলাল নেহৰুৰ প্ৰধানমন্ত্ৰিত্বত আৰু চৰ্দাৰ বল্লভভাই পেটেলে গৃহমন্ত্ৰীৰ দায়িত্ব পালন কৰে।
কৰাচীত অনুষ্ঠিত হোৱা জাতীয় কংগ্ৰেছৰ অধিবেশনত তেখেতে সভাপতিত্ব কৰিছিল।
১৯৯১ চনত “ভাৰত-ৰত্ন” সন্মান লাভ কৰে।
তেওঁক চৰ্দাৰ উপাধিৰে জনা যায়, যাৰ অৰ্থ হিন্দী আৰু উৰ্দু ভাষাত দলপতি।
তাৰোপৰি তেওঁক ভাৰতৰ “লৌহ পুৰুষ” বুলি জনা যায়।
গুজৰাট ৰাজ্যৰ নৰ্মদা জিলাত অৱস্থিত ১৮২ মিটাৰ উচ্চতাৰ পৃথিৱীৰ আটাইতকৈ উচ্চ মূৰ্তি একতাৰ মূৰ্তি বা ষ্টেচু অফ ইউনিটি তেওঁৰ নামত উছৰ্গিত এক স্মৃতিসৌধ।
১৯৫০ চনৰ ১৫ ডিচেম্বৰত বোম্বাইত তেওঁ মৃত্যু হয়।
তেখেতৰ কৰ্মৰাজী সদায় অতুলনীয় হৈ থাকিব।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।
News Editor Sangita Dutta R News India 24