ড° আম্বেডকাৰ ফেল’শ্বিপ এৱাৰ্ড প্ৰাপ্ত অন্নদা শইকীয়াৰ জীৱনযাত্ৰাঃ

Spread the love

 

তেখেত জন্ম হৈছিল ১৯৩৩ চনৰ ২ নৱেম্বৰ তাৰিখে শিবসাগৰ জিলাত।

তেওঁ বোকাখাতৰ এগৰাকী সমাজসেৱী আৰু সাহিত্যিক আছিল।

পিতৃ নাম যোগানন্দ লেখাৰু আৰু মাতৃ নাম সুমিত্ৰা লেখাৰু।

তেওঁ চাৰিং তেলীয়াল এল,পি স্কুলৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰে।

১৯৪৮ চনত গুৱাহাটীৰ পাণবজাৰ বালিকা উচ্চ ইংৰাজী বিদ্যালয়ৰ পৰা প্ৰৱেশিকা পাছ কৰে।

তাৰপিছত শ্বিলং লেডীকীন কলেজৰ পৰা ১৯৫১ চনত আই.এ. পাছ কৰে।

ইয়াৰ পাছত ১৯৬১ চনত প্ৰাইভেটকৈ পঢ়ি তেওঁ বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়।

১৯৬৩ চনত বি.টি. ডিগ্ৰী লয়।
১৯৬৮ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা শিক্ষা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

১৯৫৯- ৬৯ চনলৈ তেখেতে বোকাখাত বলিকা এম.ই. স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী হিচাপে কাৰ্যনিবাহ কৰিছিল।

তাৰপিছত তেখেতে “যোগানন্দ দেৱ সত্ৰাধিকাৰ মহাবিদ্যালয়’’ত শিক্ষা বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে যোগদান কৰে আৰু অৱসৰৰ কাললৈ তাতেই নিযুক্ত হৈ থাকে।

শিক্ষকতা জীৱন আৰম্ভ কৰাৰ লগে লগে তেখেতে সামজিক কৰ্মতো আত্মনিয়োগ কৰে।

বোকাখাতৰ মইনা পাৰিজাত, মহিলা সমিতি আদি গঠনত আগভাগ লৈ পিছলৈ অসম লেখিকা সমাৰোহৰ সৈতে জড়িত হৈ পৰে আৰু অসম লেখিকা সমাৰোহৰ কৰ্ণধাৰ সমিতিৰ বিষয়ববীয়া হৈ কাৰ্যনিৰ্বাহ কৰে।

লেখিকা সমাৰোহৰ স্থানীয় শাখা হিচাপে বোকাখাতত ’সন্ধানী লেখিকা সমাৰোহ সমিতি’ গঠনত আগভাগ লয়।

বোকাখাতৰ ’পুঁৱতি সাহিত্য সভা’ আৰু গোলাঘাট জিলা সাহিত্য সভাত তেখেতে সভাপতিৰ পদ অলংকৃত কৰিছিল।

সাময়িকভাৱে তেখেতে ৰাজনীতিতো যোগদান কৰিছিল যদিও কম সময়ৰ পিছতে অন্নদা শইকীয়াই ৰাজনীতিৰ ক্ষেত্ৰ ত্যাগ কৰে।

১৯৫২ চনৰ ১৩ ফেব্ৰুৱাৰীত বোকাখাতৰ চিদানন্দ শইকীয়াৰ লগত তেখেতৰ বিবাহ পাশত আবদ্ধ হয়।

তেওঁলোকৰ তিনিজন পুত্ৰ আৰু চাৰিগৰাকী কন্যা আছিল।

তেখেতে অসংখ্য আলোচনী সম্পাদনা কৰিছিল।
ইয়াৰ উপৰিও কেইবাখনো পুথি ৰচনা কৰে।

সেইবোৰৰ ভিতৰত – এমুঠি কবিতা, অভিলাষ, সেউজী গীতৰ সুৰ, সমন্বয়ৰ সুঁতিৰ কাষত আদি কবিতাপুথি, স্নেহ দেৱীৰ ৰচনা সম্ভাৰ, জনতাৰ পদূলিত আৰু ’বন্ধ কোঠাৰ জুই’ নামে এখনি স্ব-ৰচিত গল্প পুথি প্ৰকাশ কৰে।

জীৱনীগ্ৰন্থ – নাৰী কাননৰ এঘাৰ পাহি পাৰিজাত।

অন্নদা শইকীয়াই বিভিন্ন সময়ত স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠান পৰা সন্মানিত হোৱাৰ উপৰি সন্ধানী লেখিকা সমাৰোহ সমিতিয়ে “প্ৰেৰণাময়ী’’ বঁটা প্ৰদান কৰে।

২০০৩ চনত অসম চৰকাৰৰ সাহিত্যিক পেন্সন ।

২০০৪ চনত ড° আম্বেডকাৰ ফেল’শ্বিপ এৱাৰ্ড লাভ কৰে।

পুঁৱতি সাহিত্য সভাই তেখেতক “সেৱাব্ৰতা’’ আৰু সদৌ অসম লেখিকা সমাৰোহ সমিতিয়ে “সদস্যাৰত্না’’ উপাধি প্ৰদান কৰে।

২০২২ চনৰ ২৯ মে’ত তেখেতৰ মৃত্যু হয়।

তেখেতৰ সৃষ্টিৰাজী আৰু কৰ্মৰাজী সদায় অতুলনীয় হৈ থাকিব।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

ধন্যবাদ
আপোনাৰ বহুমূলীয়া সময় আমাৰ ৱেবচাইটত দিয়াৰ বাবে।

 

News Editor Sangita Dutta  R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *