ভাৰতৰ প্ৰথম প্ৰধান মন্ত্ৰী “ভাৰত ৰত্ন” জাৱহৰলাল নেহৰুৰ জীৱনযাত্ৰা।
জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯ চনৰ ১৪ নবেম্বৰ তাৰিখে উত্তৰ প্ৰদেশৰ এলাহাবাদত।
তেওঁ আছিল একেধাৰে ভাৰতৰ ৰাজনীতিবিদ, চিন্তাবিদ, লেখক আৰু স্বাধীন ভাৰতৰ প্রথম প্রধান মন্ত্রী।
প্ৰধানমন্ত্ৰী পদত একেৰাহে ১৭ বছৰলৈ কাৰ্যনিৰ্বাহ কৰিছিল।
শিশুসকলৰ স্বাধীনতা ,শিক্ষা, উন্নয়নৰ বাবে তেখেতে বিশেষ পন্থা হাতত লৈছিল।
তেখেতৰ ধাৰণা আছিল এনেধৰণৰ শিশুসকলেই দেশৰ প্ৰগতি, দেশৰ ধৰণী।
‘আজি শিশু কালিলৈ দেশৰ ভবিষ্যত ‘।
সেয়ে উঠি অহা প্ৰজন্মক নেহৰুৱে গুৰুত্ব প্ৰদান কৰিছিল।
শিশুসকলে পণ্ডিত নেহৰুক “নেহৰু খুড়া” বুলি সম্বোধন কৰিছিল।
শিশু সকলৰ প্রতি নেহেৰুৰ অকৃত্রিম ভালপোৱা আৰু আকাংখাৰ বাবে নেহেৰুৰ জন্মদিনটোত অৰ্থাৎ ১৪ নৱেম্বৰ দিনটো ‘শিশু দিৱস’ হিচাবে পালন কৰা হয় ।
তেওঁৰ পিতৃৰ নাম মতিলাল নেহৰু আৰু মাতৃ স্বৰূপ ৰাণী।
মতিলাল নেহৰু এজন আঢ্যৱন্ত লোক আছিল আৰু তেওঁৰ বৃত্তি আছিল ওকালতি।
তেওঁ আছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী আগশাৰীৰ দুৰ্ধৰ্ষ যুঁজাৰু আছিল।
১৭১৬ খীষ্টাব্দত উপৰিপুৰুষ ৰাজকাউল কাশ্মীৰৰ পৰা দিল্লীলৈ আহিছিল আৰু পিছত দিল্লীৰ পৰা তেওঁলোক এলাহাবাদলৈ স্থায়ী বসতিৰ কাৰণে থিতাপি লৈছিল।
ফাৰুক ছি য়াৰ নামৰ এজন মোগল সম্ৰাটে ৰাজ কাউলক এটা গড়খাৱৈৰ পাৰত থাকিবলৈ দিছিল।
উৰ্দু ভাষাত গড়খাৱৈক নাহাৰ বুলিছিল।
এই নাহাৰৰ পাৰত বসতি কৰাৰ কাৰণেই কালক্ৰমত তেওঁলোকৰ উপাধি হ’ল ‘নেহৰু’
কিছুদিনলৈ তেওঁলোক কাউল নেহৰু আৰু পিছলৈ নেহৰু নামেৰে খ্যাত হল।
নেহৰুৰ সৰুকালৰ শিক্ষা আৰম্ভ হয় এজন ঘৰুৱা শিক্ষকৰ দ্বাৰাই।
সৰুতে তেওঁক বিদ্যালয়ত দিয়া নাছিল।
পিতাকৰ উদ্দেশ্য আছিল সৰুৰে পৰা তেওঁক ইংৰাজী ল’ৰাৰ দৰে গঢ়ি তোলাৰ।
সেয়ে মতিলাল নেহৰুৱে চোৱা-চিতাৰ দায়িত্ব দিছিল এগৰাকী ইংৰাজ মহিলাক।
থেকাৰে, এইচ. জি. ওৱেলছ, স্কট, ডিকেন্স আদি আনেকলোকৰ মূল্যবান ৰচনা সম্ভাৰ তেওঁ পঢ়িছিল।
আন এজন শিক্ষকৰ ওচৰত তেওঁ সংস্কৃত, হিন্দী আৰু উৰ্দু ভাষাৰ জ্ঞান শিকিছিল।
ব্ৰুকচৰ তলতে ৰসায়ন, উদ্ভিদ, পদাৰ্থ বিদ্যাৰ গূঢ় কথাবোৰ তেওঁ হৃদয়ঙ্গম কৰিছিল আৰু বিশ্বৰ প্ৰতি জানিবলৈ কৌতূহল জাগিছিল।
মাত্ৰ তেৰ বছৰ বয়সত তেওঁ যোগদান কৰিছিল থিয়চফিকেল সংঘত আৰু এই সংঘৰ জৰিয়তে তেওঁ প্ৰাচীন ধৰ্মপুথিবোৰ পঢ়িছিল।
বিশেষকৈ উপনিষদ আৰু গীতাৰ আলোচনাবোৰে তেওঁক অনুপ্ৰাণিত কৰিছিল।
মুন্সী মোবৰকৰ পৰা শুনিছিল কৰিছিল চিপাহী বিদ্ৰোহ আৰু আৰৱীয় উপন্যাসৰ সাধু, ৰামায়ণ আৰু মহাভাৰতৰ লগতে নানা আখ্যান-উপাখ্যান।
ডেকা বয়সত তেওঁ হিমালয় পৰ্বতত ১১,৫০০ ফুট বগাইছিল।
১৯০৫ চনৰ মে মাহত তেওঁ ১৫ বছৰ বয়সত ইংলেণ্ডলৈ যায় আৰু ইংলেণ্ডৰ হেৰ’ পাব্লিক স্কুলত নাম ভৰ্তি কৰে।
সম্ভ্ৰান্ত ইংৰাজ পৰিয়ালৰ লৰা-ছোৱালীয়ে পঢ়া স্কুলৰ পৰিবেশটো মুঠেই ভাল নাপাইছিল।
হেৰ’ত পঢ়ি থকাৰ সময়ত তেওঁ ভাৰতৰ নানা ৰাজনৈতিক খবৰো ৰাখিছিল।
হেৰ’ৰ নিয়ম কানুনবোৰ অতি কঠিন হোৱা কাৰণে বহু সময়ত তেওঁৰ মন বিৰাগপূৰ্ণ হৈছিল।
সেয়ে তেওঁ হেৰ’ এৰাৰ মনস্থ কৰি পিতাকক সেই কথা জনাই কেম্ব্ৰিজৰ ট্ৰিনিটি কলেজত নাম ভৰ্তি কৰিছিল।
১৯১০ চনত তেওঁ ট্ৰিনিটিৰ পৰাই দ্বিতীয়া শ্ৰেণীৰ অনাৰ্ছসহ ডিগ্ৰী লৈ ভাৰতলৈ উভতি আহে।
তেওঁ শিক্ষা সমাপ্ত কৰি লণ্ডনৰ পৰা ভাৰতলৈ উভতি আহি ১৯১২ চনত ওকালতি আৰম্ভ কৰে।
লগে লগেই স্বাধীনতা সংগ্ৰামত সক্ৰিয় হয় আৰু সদস্য হয় জাতীয় কংগ্ৰেছ মহাসভাৰ।
১৯১৬ চনত তেওঁ পোন প্ৰথম বাৰৰ বাবে মহাত্মা গান্ধীক লগ পাইছিল লক্ষ্ণৌত।
তেওঁৰ দৃষ্টিত মহাত্মা গান্ধী আছিল বিশ্বৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ মানৱ।
তেওঁ কেইবাবাৰো কংগ্ৰেছৰ সভাপতি আছিল আৰু তেওঁৰ সভাপতিত্বতেই পূৰ্ণ স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল।
তেওঁ কংগ্ৰেছৰ সাধাৰণ সম্পাদকো আছিল।
১৯৪৬ চনৰ১৭ আগষ্টত গৱৰ্ণৰ জেনেৰেল ওৱাভেলে সেই সময়ৰ কংগ্ৰেছ সভাপতি জৱাহৰলালক অন্তৰ্ৱতী চৰকাৰ গঠন কৰিবলৈ আমন্ত্ৰণ জনোৱাৰ মৰ্মে তেওঁ অন্তৰ্ৱতী চৰকাৰ গঠন কৰি নেতা নিৰ্বাচিত হয় আৰু ১৯৪৭ চনৰ ১৫ আগষ্ট তাৰিখে ভাৰতৰ স্বাধীনতাৰ কথা ঘোষণা কৰি লৰ্ড মাউণ্ট বেটেনে স্বতন্ত্ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ৰূপে নিযুক্ত কৰিলে জৱাহৰলাল নেহৰুক।
স্বাধীনতা সংগ্ৰামত যোগদান কৰা কাৰণে তেওঁ কেইবাবাৰো জেল জীৱন কটাবলগীয়া হয়।
জালিয়ানৱালাবাগত নিৰ্দোষী অগণন ভাৰতবাসীক জেনেৰেল ডায়াৰে নিষ্ঠুৰভাবে হত্যা কৰাৰ পিছত ভাৰতত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি হয়।
তেতিয়াই ভাৰতবাসীৰ মাজত শান্তিৰ বাতাবৰণ ৰচনাৰ বাবে ইংলেণ্ডৰ ৰাজকুমাৰ প্ৰিন্স অব্ ৱেলচ ভাৰত ভ্ৰমণলৈ আহিছিল।
সেইদিনাই ৰাজকুমাৰৰ আগত ক’লা পতাকা দেখুৱালে মতিলাল নেহৰু আৰু জৱাহৰলাল নেহৰুৱে। ফলত ব্ৰিটিছ চৰকাৰে তেওঁলোকক জেললৈ পঠালে।
জৱাহৰলালাৰ সেয়া আছিল প্ৰথম জেল যাত্ৰা।
এইদৰে তেওঁ ১৯৪৫ চনলৈকে স্বাধীনতাৰ সংগ্ৰামৰ নানা পৰ্য্যায়ত অংশ গ্ৰহণ কৰাৰ বাবে অনেক দিন কাৰাবৰণ কৰিছিল।
ঘাইকৈ তেওঁ নৈনী, আলীপুৰ, ডেৰাডুন আৰু আহমেদাবাদৰ জেলত অধিক দিন কটাইছিল।
এই দীঘলীয়া জেল জীৱনতে তেও কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল।
ইণ্ডোনেছিয়াৰ বাণ্ডুং চহৰত ২৯খন দেশৰ সহযোগত পঞ্চশীল আৰু সহ অৱস্থানৰ বৈদেশিক নীতি ৰচনা কৰিলে আৰু ইয়াত মুখ্যভূমিকা গ্ৰহণ কৰিলে নেহৰু, টিটো আৰু নাচেৰে।
১৯১৬ চনত জৱাহৰলালে কমলা কৌলক বিয়া কৰায় আৰু ১৯১৭ চনৰ ১৯ নবেম্বৰত ইন্দিৰা গান্ধীৰ জন্ম হয়।
তেওঁৰ অপৰিসীম বৰঙনিৰ প্ৰতি শ্ৰদ্ধা জনাই দেশে তেওঁলৈ ১৯৫৫ চনত “ভাৰত-ৰত্ন” উপাধি প্ৰদান কৰিছিল।
তেখেতৰ গ্ৰন্থসমূহ হ’ল-
বিশ্ব ইতিহাসৰ জিলিঙনি, দ্য ডিস্কভাৰী অৱ ইণ্ডিয়া, আত্মকথা।
১৯৬৪ চনৰ ২৭ মে তাৰিখে নেহৰু মৃত্যু হয়।
তেখেতৰ কৰ্মৰাজী আৰু সৃষ্টিৰাজী সদায় অতুলনীয় হৈ থাকিব।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com