৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com November 24/2022 :- 

1. “লাচিত দিৱস”।
দিল্লীত লাচিতৰ ৪০০বছৰীয়া জন্মজয়ন্তী উদযাপন।
অনুষ্ঠানত উপস্থিত থাকে গৃহমন্ত্ৰী অমিত শ্বাহ, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী পিযুষ হাজৰীকা আৰু বহু সাংসদ, বিধায়ক।
জালুকবাৰীতো আয়োজন কৰা হৈছে লাচিত দিৱস।
অনুষ্ঠানত অংশগ্ৰহন কৰে ৰাজ্যপাল প্ৰফ্ৰেচৰ জগদীশ মুখীয়ে।
জালুকবাৰীস্থিত লাচিতৰ প্ৰতিমূৰ্তিত মাল্যাপৰ্ণ কৰিলে ৰাজপাল গৰাকীয়ে।

2. ২৬ নৱেম্বৰত অসমলৈ আহিব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দে।
তেওঁৰ লগত আহিব কেইবাগৰাকী মন্ত্ৰী, সাংসদ, বিধায়ক।
চৰকাৰ গঠনৰ কৃতজ্ঞতা স্বৰূপে কামাখ্যা দৰ্শনৰ উদ্দেশ্যে আহিব মুখ্যমন্ত্ৰী গৰাকী।

3. ৰাহুল গান্ধীৰ সৈতে ভাৰত জোড়ো যাত্ৰাত অংশগ্ৰহণ কৰে প্ৰিয়ংকা গান্ধীয়ে।
বটদ্ৰৱাতো কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰা।
APCCৰ সভাপতি ভূপেন বৰাৰ লগতে গৌৰৱ গগৈ, প্ৰদ্যুত্‍ বৰদলৈ, স্থানীয় বিধায়ক শিৱামণি বৰা, নুৰুল হুদাৰো অংশগ্ৰহণ কৰে এই যাত্ৰাত।

4. আজি অংগৰাগ পাপন মহন্ত জন্মদিন।
১৯৭৫ৰ ২৪ নৱেম্বৰত নগাঁৱত জন্মগ্ৰহণ কৰিছিল পাপনে।
৪৮ বছৰীয়া হ’ল শিল্পীজন।
অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী, পদ্মশ্ৰী সাহিত্যিক ইমৰান শ্বাহৰ ৯০ বছৰীয়া জন্মদিন।
শিৱসাগৰ জিলা সাহিত্য সভাৰ উদ্যোগত নিজা বাসগৃহত সাহিত্যিকগৰাকীৰ জন্মদিন উদযাপন কৰা হয়।

5. ৩ দিনৰ মূৰত বৈঠালাংছ’ৰ স্বগৃহলৈ অনা হ’ল বনকৰ্মী বিদ্যাছিং লেকথেৰৰ মৃতদেহ।
তাৰ পাছতেই সৃষ্টি হৈছে এক অবৰ্ণনীয় পৰিৱেশ।
বিদ্যাছিঙে এৰি থৈ গৈছে দুটিকৈ কণমানি সন্তানৰ লগতে পত্নীক।
কাৰ্বি স্বায়ত্ত পৰিষদৰ তৰফৰ পৰা ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্রদানৰ লগতে পত্নীক সংস্থাপনৰ প্রতিশ্রুতি দিছে।

6. দেৰগাঁও আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণা।
লাচিত বৰফুকনৰ নামেৰে পৰিচিত হ’ব প্ৰশিক্ষণ কেন্দ্ৰটো।
দিল্লীত আয়োজন কৰা লাচিত দিৱসৰ অনুষ্ঠান ঘোষণা কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

7. “সাতভনীৰ কথা বুজি নাপায় সীমান্তবাসীয়ে, যাৰ বাবে সীমান্তত হৈছে হিংসাত্মক ঘটনা।
লাচিতৰ তেজ থকাৰ পাছতো সহিব লাগে অসমীয়া জাতিয়ে “- প্ৰতিক্ৰিয়া দিছপুৰৰ বিধায়ক অতুল বৰাৰ।

8. “লাচিত বৰফুকন এজন দূৰদৰ্শী নেতা আছিল” – মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

9. পল্টনবজাৰত গ্ৰেপ্তাৰ কৰা হৈছে ৩টা ড্ৰাগছ সৰবৰাহকাৰীক।
১২ পেকেট ব্রাউন ছুগাৰ, নগদ ৩ লাখ ৭০ হাজাৰ টকা জব্দ কৰে আৰক্ষীয়ে।

10. GMC বোকা কেলেংকাৰীৰ প্ৰথমজন অভিযুক্ত অভিমণ্যু মেধীক জামিন মঞ্জুৰ কৰা হৈছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে মঞ্জুৰ কৰে জামিন।
এই কেলেংকাৰীত জড়িত থকা মুঠ ১৩ জন গ্ৰপ্তাৰ হৈছে।

11. পাঞ্জাবাৰীৰ দুৰ্বিত্তৰ হাতত হত্যা হৈছিল ৰঞ্জিত বৰা।
বৰ্তমান হত্যাকাৰীৰ সন্ধান বিচাৰিছে আৰক্ষীয়ে।
মহানগৰ আৰক্ষীয়ে ২ লাখ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব হত্যাকাৰী সন্ধান দিওঁতাক।

12. গুৱাহাটীত বৃহত্‍ পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে।
হাতীগাঁৱৰ সিজুবাৰীৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৩ সৰবৰাহকাৰী ক্ৰমে- মনিভূষণ কুমাৰ, ৰত্নেশ কুমাৰ, ফাৰুক আহমেদ।

13. গহপুৰৰ ছয়দুৱাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী।
শিক্ষা বিষয়া হৰি প্ৰসাদ দাসক লৈ এই প্ৰতিবাদ কৰা হৈছে।
শিক্ষকে বন্ধ কৰি দিলে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ মুখ্যগেট।

14. যোৰহাটৰ কলেজীয়া ছাত্ৰক আক্ৰমণৰ ঘটনাৰ মূল অভিযুক্ত সিদ্ধাৰ্থ বৰাক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।
৫ জনীয়া দলে চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল যোৰহাট বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ ৩গৰাকী ছাত্ৰক।

15. বৰপেটাৰোডৰ কালপানী গাৱৰ ৰবিৰাম বসুমতাৰী নামৰ মাছমৰীয়াজনে ৫০ টকীয়া লটাৰীৰ এটা কুপন ক্ৰয় কৰি লাভ কৰিলে ১৮ লাখ ৫০ হাজাৰ টকা মূল্যৰ এখন টয়টা ইন’ভা বাহন।

16. বোকাখাতৰ কমাৰগাঁও বচাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনা।
ৰাষ্ট্রীয় পথৰ ডিভাইদাৰত খুন্দা মাৰে K10 বাহনে।
থিতাতে নিহত হয় বাহনখনৰ চালক ৰঞ্জন বৰা।

17. “গুৱাহাটীৰ দায়িত্ব এতিয়া চোৰ ডকাইতে লৈছে”- ৰাজ্যৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ।

18. গোলাঘাট আৰক্ষীৰ জালত পৰিছে ৮জনীয়া অপৰাধীৰ দল।
গোলাঘাটৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে ৬ অপৰাধীক।
গোলাঘাটৰ বিভিন্ন স্থানত হোৱা চুৰিকাণ্ডৰ সনৰ্ভত অভিযান চলাইছিল আৰক্ষীয়ে।

19. অসমত কংগনা ৰানাৱট।
“ইমাৰজেন্সি”ৰ ছবি শ্বুটিং চলিছে বোকাখাতৰ আমটেঙা বজাৰত।
বৰ্তমান শ্বুটিংস্থলীত হাজাৰ হাজাৰ লোক।

20. “প্ৰকৃত জাতীয়তাবাদ কি কনৰাড চাংমাই দেখুৱাই দিছে”- মন্তব্য লুৰীণজ্যোতি গগৈৰ।

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *