৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com December 2/2022:-

1. গুৱাহাটীৰ পাণ্ডুত উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা।ভূমিস্খলনৰ বাবে কেইবামাহ ধৰি বন্ধ হৈ আছিল কামাখ্যা-পাণ্ডু সংযোগী পথটো।
আজি পথটো পৰিদৰ্শন কৰিলে মুখ্যমন্ত্ৰী গৰাকীয়ে।
মুখ্যমন্ত্ৰীৰ লগত থাকে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু PWD ৰ বিষয়াসকল।

2. ৰেগিঙক লৈ কঠোৰ হ’ব অসম আৰক্ষী।
মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে কঠোৰ স্থিতি ।
“কেৱল জগৰীয়া কৰিয়েই এৰি দিয়া নহ’ব।
প্ৰয়োজনত গ্ৰেপ্তাৰ কৰা হ’ব বিষয়াকো।
সভ্য সমাজত ৰেগিঙৰ স্থান নাই, সহ্য কৰা নহ’ব”- মন্তব্য DGP ভাস্কৰজ্যোতি মহন্তৰ।

3. যোৰহাট জে বি কলেজৰ ৰেগিং কাণ্ডৰ বিৰুদ্ধে কঠোৰ অধ্যক্ষ।
ঘটনাত জড়িত ১২ জনকৈ ছাত্ৰৰ বিৰুদ্ধে দাখিল কৰা হৈছে এজাহাৰ।
ইয়াৰ ভিতৰত আছে এজন প্ৰাক্তন ছাত্ৰও।
এজাহাৰ দাখিল কৰা অধিকাংশই হোষ্টেলৰ আবাসী।

4. আজি অসম দিৱস।
ৰাজ্যজুৰি উদযাপিত হৈছে চ্যুকাফা দিৱস।
সোণাৰিত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় চ্যুকাফা দিৱসৰ কাৰ্যসূচী।
দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা অনুষ্ঠানৰ সাংস্কৃতিক অনুষ্ঠানত উপস্থিত থাকে জুবিন গাৰ্গ।
অনুষ্ঠানত জুবিন গাৰ্গক চুকাফা সমন্বয় সাংস্কৃতিক বঁটা প্ৰদান কৰে।

5. নগাঁৱৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী অসীম কুণ্ডুৰ দেহাৱসান।
নিশা নগাঁৱ চহৰৰ জ্যোতিনগৰৰ নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে আলোকচিত্ৰ শিল্পী গৰাকীয়ে।

6. নিবনুৱা সকলৰ বাবে সু-খবৰ।
‘জানুৱাৰীত দিয়া হ’ব ১০ হাজাৰ নিযুক্তি’।
নিযুক্তিক লৈ বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।

7. কালিৰে পৰা নাগালেণ্ডৰ কিছামা ভিলেজত অনুষ্ঠিত হৈছে ২৩ সংখ্যক হৰ্ণবিল ফেষ্টিভেল।
অআুষ্ঠানত উপস্থিত থাকে উপৰাষ্ট্ৰপতি জগদীপ ধনখড়।
হৰ্ণবিল ফেষ্টিভেল খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে উপৰাষ্ট্ৰপতি গৰাকীয়ে।

8. গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জনপ্ৰিয় কণ্ঠশিল্পী জুবিন ন’টিয়াল।
শুকুৰবাৰে পুৱা নিজ বাসগৃহৰ চিৰিৰ পৰা পৰি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কণ্ঠশিল্পীগৰাকী।
শিল্পীগৰাকীয়ে সোঁহাতৰ বাহুত আঘাত পোৱাৰ লগতে মূৰ’তো কিছু পৰিমাণে আঘাত পাইছে বুলি জানিব পৰা গৈছে।

9. “৪০ বছৰৰ পাছতহে পৰিয়ালৰ হেঁচাত বিয়াত বহে হিন্দুয়ে আৰু ৪০ বছৰ বয়সৰ পাছতহে সন্তান জন্ম দিয়ে”- মন্তব্য বদৰুদ্দিন আজমলৰ।

10. “তই যে সংগীতানুষ্ঠানত ৬-৭ লাখ টকা বিচাৰ’।
যদি পৃথিৱীখনেই নাথাকে ক’ৰ পৰা টকা পাবি।
সেয়ে তইয়ো গান গাই গান গাই গছপুলি ৰুব লাগিব। আৰু আনকো গছ পুলি ৰোবলৈ ক’ব লাগিব”।
গছপুলি ৰোবলৈ জুবিন গাৰ্গ, বৰষাৰাণী বিষয়াক আহ্বান জনাই অৰণ্যমানৱ যাদৱ পায়েঙে।

11. নলবাৰীত অসমৰ প্ৰথমটো 3D তাৰকাগৃহ।
এই 3D তাৰকাগৃহ মুকলি কৰিব মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
অত্যাধুনিক 3D আৰু কাৰিকৰী কৌশল আছে তাৰকাগৃহটোত।

12 ২০২৩ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা।
সম্পূৰ্ণ সাজু হৈছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ।

13. অষ্ট্ৰেলিয়া বনাম ওৱেষ্ট ইণ্ডিজৰ মাজত চলি থকা মেচৰ মাজতে হঠাৎ অসুস্থ হৈ পৰিল প্ৰাক্তন ক্ৰিকেটাৰ ৰিকী পণ্টিং।
মেচখনত কমেট্ৰি কৰি থকাৰ সময়তে বুকুৰ বিষ অনুভৱ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে।
তাৰ পাছতেই তেওঁক হাস্পতাললৈ লৈ যোৱা হয়।
বৰ্তমান ক্ৰিকেটাৰগৰাকীৰ স্বাস্থ্য সুস্থ বুলি জানিব পৰা গৈছে।

14. কাছাৰৰ কালাইনৰ লক্ষীপুৰত ভয়ংকৰ ঘটনা সংঘটিত হৈছে।
ইটাভাটাৰ চিমনী ভাগি শিশুসহ দুজনৰ মৃত্যু হয়৷
২০ জনৰো অধিক লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়।
ভগা চিমনীৰ তলত আবদ্ধ হৈ আছে আন কেইবাজনো লোক৷
SABI নামৰ ইটাভাটাত সংঘটিত হৈছে এই ঘটনাটো৷

15. চৰাইদেউৰ সোণাৰিত আৰক্ষীৰ ড্ৰাগছবিৰোধী অভিযান।
আৰক্ষীৰ অভিযানত জব্দ কৰে ৩৮টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ।
চহৰৰ ৭নং ৱাৰ্ডৰ কবৰস্থানপট্টিৰ পৰা জব্দ কৰে ড্ৰাগছখিনি।

16. জুৰীয়াত অব্যাহত ড্ৰাগছৰ লগতে আৰক্ষীৰ জুৱাবিৰোধী অভিযান।
ফুৰহানিআটিত অভিযান চলাই জুৱাৰী চক্ৰক উত্খাত কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৫ জুৱাৰীক।
লগতে জব্দ কৰে ৪ হাজাৰ ৫৯০ টকা।

17. যোৰাবাটত বৃহৎ পৰিমাণৰ মূল্যৱান বাৰমিজ শেগুণ কাঠ জব্দ কৰা হৈছে।
UP 21 BN 3071 নম্বৰৰ ১০ চকীয়া বৃহৎ কন্টেইনাৰ ট্ৰাকৰ পৰা জব্দ কৰা হয় কাঠখিনি।
গোপন সূত্ৰে যোৰাবাট আৰক্ষীয়ে জব্দ কৰে কাঠখিনি।

18. আজিৰে পৰা আৰম্ভ হ’ল উত্তৰ গুৱাহাটী আউনীআটী সত্ৰৰ নামঘৰ সমাৰোহ।
হৰি নামৰ ধ্বনিৰে মুখৰিত হৈছে উত্তৰ গুৱাহাটীস্থিত আউনী আটী সত্ৰ।
নামঘৰক প্ৰতীকপদ হিচাপে লৈ আয়োজন কৰা হৈছে নামঘৰ কেন্দ্ৰিক অসমৰ এক সৰ্ববৃহৎ অনুষ্ঠান ‘নামঘৰ সমাৰোহ’।
উপস্থিত থাকে সত্ৰাধিকাৰ জনাৰ্দন দেৱ গোস্বামী।
তেখেতে প্ৰতিটো নামঘৰতে নাম-প্ৰসংগ কৰিবলৈ আহ্বান জনাই।

19. ১৫২ নং CRPFৰ দ্বাৰা গোৱালপাৰাত প্ৰশিক্ষণৰ শুভাৰম্ভণি অনুষ্ঠান।
শিক্ষিত যুৱক-যুৱতী সকলক বিনামূলীয়া কৈ প্ৰশিক্ষণ দিয়া হয়।
আজিৰে পৰা ১৫ ডিচেম্বৰলৈকে প্ৰশিক্ষণ দিয়া হ’ব।
আদৰণি মূলক ভাষনেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে নামনি অসমৰ উপ মহাপৰিদৰ্শক জয়দেৱ কেশৰীয়ে।

20. কাজিৰঙাত চোৰাং কাঠৰ ৰমৰমীয়া বেহা।
অসাধু কাঠৰ ব্যৱসায়ীয়ে ন ন পন্থা অৱলম্বন কৰি অব্যাহত কাঠৰ চোৰাং ব্যৱসায়।কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ জালত পৰিল চোৰাং কাঠ সৰবৰাহ কৰা এখন কাঠ ভৰ্তি ট্ৰাক।
তিনিচুকীয়াৰ পৰা অহা ট্ৰাকখন বাগৰীত ৰখাই থোৱা অৱস্থাতে অভিযান চলাই জব্দ কৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বাগৰী বনাঞ্চলিক বিষয়া কৰ্মচাৰীৰ এটা দলে।
বৰ্তমান ট্ৰাকখনৰ চালকক সোধা-পেচা অব্যাহত ৰাখিছে।

 

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ ।

 

Mising Autonomous Council
মিচিং স্বায়ত্বশসিত পৰিষদৰ ক্রীড়া বিভাগৰ আঁচনি ৰ বিষয়ে জানিবলৈ চাওঁক এই বিজ্ঞাপন।

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ। 

 

Leave a Reply

Your email address will not be published. Required fields are marked *