1. আজি মৰিগাঁও জিলাৰ ভাৰতীয় জনতা পাৰ্টি, মৰিগাঁও জিলা সমিতিৰ নৱনিৰ্মিত কাৰ্যালয় ভৱনটো উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত আজি মৰিগাঁও জিলাত প্ৰায় ৯১০.১৩ কোটি টকাৰ নিৰ্ধাৰিত পুঁজিৰে ১২টা গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।
অনুষ্ঠানত মন্ত্ৰী পীযুষ হাজৰীকা, কেশৱ মহন্ত, জয়ন্ত মল্লবৰুৱা, বিধায়ক ৰমাকান্ত দেউৰী, শশীকান্ত দাস, ড° আচিফ মহম্মদ নাজৰ, দীপ্লু ৰঞ্জন শৰ্মা আৰু বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।
2. হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সময়সূচী ঘোষণা ।
৩ মাৰ্চৰ পৰা ২০ মাৰ্চলৈ অনুষ্ঠিত হ’ব পৰীক্ষা।
৩ মাৰ্চত অনুষ্ঠিত হব ইংৰাজী বিষয়ৰ পৰীক্ষা, ৬ মাৰ্চত গণিত বিষয়, ৯ মাৰ্চত সমাজ বিজ্ঞান, ১৩ মাৰ্চত সাধাৰণ বিজ্ঞান, ১৫ মাৰ্চত অসমীয়া, ২০ মাৰ্চত ঐশ্চিক বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হ’ব।
3. ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ উত্তৰ অসম প্ৰান্তৰ হাজংবৰী, চন্দ্ৰপুৰস্থিত বিদ্যাভাৰতী বহুমুখী শৈক্ষিক প্ৰকল্পত ৯ ডিচেম্বৰৰ পৰা ১১ ডিচেম্বৰলৈ তিনিদিনীয়া “প্ৰেৰণা শিবিৰ” শীৰ্ষক এক কাৰ্যকৰ্তা শিবিৰ অনুষ্ঠিত হ’ব।
এই কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যৰে ১০ডিচেম্বৰত অসমত উপস্থিত হৈ ১১ ডিচেম্বৰত RSS প্ৰধান মোহন ভাগৱত উপস্থিত থাকিব উক্ত অনুষ্ঠানত৷
8. গুজৰাটত ১০ অথবা ১১ ডিচেম্বৰত নতুন চৰকাৰৰ শপতগ্ৰহণ।
মটেৰাৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত হ’ব শপতগ্ৰহণ সমাৰোহ ।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও উপস্থিত থকাৰ সম্ভাৱনা আছে ।
‘নৰেন্দ্ৰ মোডীৰ প্ৰতি গুজৰাটৰ জনতা যথেষ্ট বিশ্বাস আছে’- মন্তব্য ৰাজনাথ সিঙৰ।