৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love

Rnewsindia24.com December 18/2022:- 

1. আজি উত্তৰ-পূব পৰিষদৰ সোণালী জয়ন্তী অনুষ্ঠান। মেঘালয়ৰ শ্বিলঙত আয়োজন কৰা হৈছিল এই অনুষ্ঠানৰ।
অনুষ্ঠানত উপস্থিত থাকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, ড’নাৰ মন্ত্ৰী জি কিষাণ ৰেড্ডী, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা।
উক্ত অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহে ৮ বছৰ পূৰ্বৰ NE এতিয়াৰ NEৰ মাজত আকাশ-পাতাল পাৰ্থক্য আছে বুলি মন্তব্য কৰে আৰু ইয়াৰ লগতে সকলো উগ্ৰপন্থী সংগঠনক মূলসুঁতিলৈ অহাৰ আহ্বান জনাই গৃহমন্ত্ৰী গৰাকীয়ে।Narendra Modi

2. “২০২৭ চনত আমি গুজৰাটত চৰকাৰ গঠন কৰিম”- মন্তব্য অৰবিন্দ কেজৰিৱালৰ।

3. দুদিনীয়া কাৰ্যসূচীৰে মৰাণৰ মদাৰগুৰীত তিহাৰ বিদায় সন্মিলন।
মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে মন্ত্ৰী বিমল বৰাই।

4. ‘প্রতিদিন টাইম’-এ আয়োজন কৰা ‘ট্রেণ্ডছ প্রতিদিন টেলেণ্ট হাণ্ট’ প্রতিযোগিতাৰ আজি ফলাফল ঘোষণা কৰা হল।
এই প্রতিযোগিতাত শ্রেষ্ঠত্ব অৰ্জন কৰে কাকজান ডুলীয়া গাঁৱৰ পৰিমল প্রবাহ বৰাই।
দ্বিতীয় স্থানত যোৰহাটৰ কলাখোৱা গাঁৱৰ আকাংক্ষা প্রিয়দৰ্শনী আৰু তৃতীয় স্থানত চতিয়াৰ বৰভূঞা গাঁৱৰ অলকানন্দা ভূঞা।
বিজয়ী তিনি প্রতিযোগীক বঁটা প্রদান কৰে হাৰ্টথ্র’ব জুবিন গাৰ্গে।

5. ১০ জানুৱাৰীত বৰ্ষাপাৰাত ভাৰত-শ্ৰীলংকাৰ এদিনীয়া মেচ৷
আজিৰ পৰা BookMyShowত উপলব্ধ হৈছে মেচৰ টিকট৷
টিকটৰ সৰ্বনিম্ন দৰ ৪৭৫ টকা আৰু সৰ্বোচ্চ দৰ ৬,০০০ টকা৷
অফলাইনত টিকট সংগ্ৰহৰ কোনো ব্যৱস্থা নাই৷
প্ৰথম পৰ্যায়ত সৰ্বমুঠ টিকটৰ ৫০%হে বিক্ৰীৰ ব্যৱস্থা৷

6. Assam Textile Instituteৰ শতবৰ্ষ উদযাপন৷
দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আজি অন্তিমটো দিন৷
শতবৰ্ষ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে ৰাজ্যপাল জগদীশ মুখীয়ে৷
অনুষ্ঠানত পুৰণি দিনৰ স্মৃতি সোঁৱৰিলে প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলে।

7. ‘মাতৃভূমিৰ যুৱ শক্তিৰ প্ৰতি মোৰ ভৰসা আছে।
এদিন আমিও ফুটবল বিশ্বকাপত ত্ৰিৰংগ উৰুৱাম”- মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ।

8. তিনিচুকীয়া আৰক্ষীৰ জালত পৰিল ১০ টা ডকাইত।
ডকাইত কেইটা ক্ৰমে- অৰূপজ্যোতি বৰা, মনোজ প্ৰসাদ, অভিমান্যু তাঁতী, অমন তাঁতী, মানৱ মৰাণ, কুশ দাস, মঞ্জিত শইকীয়া, ধৰণী বৰা, ৰিদিপ বৰা, চেলিম আনচাৰী।
ডকাইতকেইটাৰ পৰা দুখন বাহনো জব্দ কৰে আৰক্ষীয়ে।

9. বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক নবীন বৰুৱালৈ সন্তোষ কুমাৰ কৰ্মকাৰ সোঁৱৰণী বঁটা।
শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ উদ্যোগত কটন এলামনাই ভৱনত বঁটা প্ৰদান অনুষ্ঠান।
এই বিশেষ বঁটাটি প্ৰদান কৰে উচ্চশিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰে।

10. বিলাসীপাৰাৰ নয়াহাট খৰখৰীয়াত গাঞ্জাৰ খেতি৷
ধুবুৰীৰ SP অপৰ্ণা নটৰাজনৰ নিৰ্দেশত চলিল অভিযান৷
ধ্বংস কৰা হ’ল প্ৰায় ২০০ জোপা গাঞ্জাৰ গছ।
লগতে জব্দ কৰে ২৭৩ কেজি নিষিদ্ধ গাঞ্জা৷

11. গোৱালপাৰাৰ কৃষ্ণাইত ATMত গ্ৰাহকক লুটিবলৈ আহি আটক হল ৩ চোৰ।
ATM এজনৰ সৈতে কাৰ্ড সলোৱাৰ চেষ্টা কৰিছিল তিনিও জনে।
লোকজনে উভতি ধৰাত পলায়নৰ চেষ্টা কৰে দুৰ্বৃত্ত তিনিটাই।
উপস্থিত একাংশ ৰাইজে খেদি খেদি কৰায়ত্ত্ব কৰে এই দুধৰ্ষকেইটাক।
তিনিওৰে পৰা আৰক্ষীয়ে জব্দ কৰিছে ২১খন বিভিন্ন বেংকৰ ATM কাৰ্ড।

12. গোৱালপাৰাৰ কৃষ্ণাইত ড্ৰাগছসহ ব্যৱসায়ী আটক কৰে।
কৃষ্ণাই বজাৰৰ ঘাইপথৰ কাষত আৰক্ষীয়ে চলাইছিল এই অভিযান।
ধৃত ড্ৰাগছ বেপাৰীটোৰ নাম ৰাকিদুল ইছলাম।
ৰাকিদুলৰ পৰা ৫.২০ মিঃগ্ৰাঃ ড্ৰাগছ, ৩৬টা কন্টেইনাৰ জব্দ কৰে।

13. ঢকুৱাখনাৰ ঘিলামৰাত জে এছ বি সোঁৱৰণী ৰাজ্যিক ফুটবল প্ৰতিযোগিতা।
ঘিলমাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৭ ডিচেম্বৰৰ পৰা ২৭ ডিচেম্বৰলৈকে অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতাখন।
প্ৰথম দিনাৰ খেলত অংশগ্ৰহণ কৰে ডিব্ৰুগড় আৰু ধেমাজি দলে।

14. আমিনগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে নাৰ্কটিক বিভাগৰ অভিযান।
অভিযানত জব্দ কৰে পিষ্টল হেৰ’ইন, গাঞ্জা, নিচাযুক্ত টেবলেট আৰু ছিৰাপৰ বটল।
গ্ৰেপ্তাৰ কৰে জিতুল আলী নামৰ এজনৰ লগতে আন দুজনক।

15. ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান।
আৰক্ষীয়ে জব্দ কৰিলে ৬ লাখ ২০হাজাৰ য়াবা টেবলেট।
এখন ট্ৰাকৰ পৰা জব্দ টেবলেটখিনি।

16. তেজপুৰৰ নপামত নকল সোণসহ ৩ জনক আটক কৰে।
ক্ৰমে – নাবেদ আলী, ছাহিদ আলি, মজিবুৰ ৰহৰান।
যোৰহাটৰ এজন লোকক বিক্রীৰ বাবে আনিছিল এই নকল সোণ খিনি।

17. নিউজ লাইভৰ নিউজ এডিটৰ সুনীল বৰালৈ বৈদ্যুতিন মাধ্যমৰ বৰ্ষ শ্ৰেষ্ঠ সাংবাদিকতা বঁটা।
গুৱাহাটী প্ৰেছ ক্লাবত পাব্লিক প্ৰেছ সংবাদ প্ৰতিষ্ঠানে প্ৰদান কৰিলে এই বিশেষ বঁটাটি।

18. হাইলাকান্দিত গ্ৰেপ্তাৰ হয় ব্যক্তিগত চিকিৎসালয়ৰ স্বত্বাধিকাৰী৷
আৰক্ষীৰ গ্ৰেপ্তাৰ কৰে শ্বিফা হাস্পতাল আৰু ৰিছাৰ্চ চেণ্টাৰৰ স্বত্বাধিকাৰী মবজিল হুছেইন বৰভূঞাক।
শিলচৰৰ মেহেৰপুৰৰ পৰা গ্ৰেপ্তাৰ কৰে মবজিল হুছেইনক৷
আয়ুষমান ভাৰতত সংঘটিত কেলেংকাৰিৰ প্ৰধান অভিযুক্ত মবজিল৷
হাইলাকান্দিত সংঘটিত হৈছিল কোটি টকাৰ কেলেংকাৰি৷
ৰোগীৰ নামত লাখে লাখে টকা আত্মসাৎ কৰাৰ অভিযোগ মবজিলৰ বিৰুদ্ধে৷

19. “মই আৰ্জেণ্টিনাক সৰ্মথন কৰিছোঁ যেতিয়া আৰ্জেণ্টিনাই জিকিব”- ফনীধৰ চৌধুৰী।

20. বিজেপিৰ সংবাদ বিভাগৰ কাৰ্যালয়ৰ উদ্বোধনী অনুষ্ঠান।
বশিষ্ঠস্থিত এই কাৰ্যালয়টো ফিটা কাটি উদ্বোধন কৰে মুখ্য মুখপাত্ৰ কামাখ্যা তাছাই।

 

Mising Autonomous Council
Mising Autonomous Council .

 

প্ৰতি দিনে নিয়মীয়াকৈ পঢ়িবলৈ নাপাহৰিব ধন্যবাদ।

 

Leave a Reply

Your email address will not be published. Required fields are marked *