৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com December 23/2022:-
1. ইণ্টাৰমিডিয়েট পদত নিযুক্তি বন্ধ ৰাজ্য চৰকাৰৰ।
৪,৩৩০টা ইণ্টাৰমিডিয়েট পদত নিযুক্তি বন্ধ ঘোষণা।
মাধ্যমিক শিক্ষাৰ অধীনত ইণ্টাৰমিডিয়েট পদত নিযুক্তি দিয়া হ’ব।
ইয়াৰ বিপৰীতে ৪,৩৩০টা ঠিকাভিত্তিক শিক্ষক পদত নিযুক্তি দিব চৰকাৰে।
2. বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ অধীনত ১, ২২০.২১ কোটি টকা ব্যয় সাপেক্ষে আজি ধেমাজি জিলাত ২০টা প্ৰকল্পৰ ভূমিপূজন, শুভাৰম্ভ আৰু আধাৰশিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
উক্ত অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডা: ৰণোজ পেগু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভুবন পেগু, মিছিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল, জিলা পৰিষদৰ সভাপতি মোহন গগৈ, বড়ো-কছাৰী উন্নয়ন পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য মিহিনেশ্বৰ বসুমতাৰী, গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ সুভাষ দত্ত, উপায়ুক্ত অসীম কুমাৰ ভট্টাচাৰ্য আৰু বহু গন্যমান্য ব্যক্তি।
3. চলিত বৰ্ষত সাহিত্য অকাদেমি বঁটা ঘোষণা৷
নেপালী ভাষাৰ নাটক ‘চাইন’ৰ বাবে লামডিঙৰ “খৰ্গ বাহাদুৰ নেপালীলৈ” সাহিত্য অকাদেমি বঁটা।
4. “ৰাহুল গান্ধীৰ ভাৰত জোড়ো যাত্ৰালৈ ভয় খাই বিজেপিয়ে আকৌ ক’ভিডৰ নামত নাটক আৰম্ভ কৰিছে”- মন্তব্য বৰ্ণালী ফুকনৰ।
5. APSC CCE-২০২২ বৰ্ষৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বিজ্ঞাপন প্ৰকাশ কৰা হৈছে।
২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব আবেদন প্ৰক্ৰিয়া।
আবেদনৰ অন্তিম দিন ২০২৩ বৰ্ষৰ ২৬ জানুৱাৰী।
6. ৰাজ্যিক বিজেপিৰ নীতি গবেষণা বিভাগৰ ৰাজ্যিক অভিবৰ্তন।
বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হৈছে এই অভিবৰ্তন।
অনুষ্ঠান উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ সংগঠানিক সম্পাদক ফণী শৰ্মাৰ লগতে BJP নেতা মনোজ বৰুৱা, বনদীপ ডেকা, মিতানাথ বৰা, ডঃ প্ৰদীপ ঠকুৰীয়া, অশোক ভট্টৰায় আৰু যুগান্ত দাস আৰু বহু ব্যক্তি।
7. অহা কালিলৈ ডিব্ৰুগড়ত উপস্থিত থাকিব মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মা।
নাহৰকটীয়াত অনুষ্ঠিত হ’ব লগা বিশাল জনসভাত ১০০০ কোটিৰ অভিলাষী আচঁনিৰ কেন্দ্ৰীয়ভাবে শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে।
8. ৭ বছৰ উকলিল আদিবাসী নৰহত্যাৰ ঘটনা।
২০১৪ চনত আজিৰ দিনটোত ৬৪ জনকৈ আদিবাসী লোকক হত্যা কৰিছিল উগ্ৰপন্থীয়ে।
৭ বছৰ পিছতো ন্যায় নাপালে ভুক্তভোগী পৰিয়ালে।
যাৰ বাবে আজিৰ দিনটোত আদিবাসী ছাত্ৰ সন্থাই পালন কৰি আহিছে কলা দিৱস।
9. বটদ্ৰৱাৰ বেদখলকাৰীৰ কাষত তৃণমূল কংগ্ৰেছৰ ৰিপুন বৰা।
বটদ্ৰৱাত উপস্থিত হৈ বেদখলকাৰীৰ মাজত অত্যাৱশ্যকীয় সামগ্ৰী, খোৱা খাদ্য, কাপোৰ আদি বিতৰণ কৰে ৰিপুন বৰাই।
10. মৰিয়নিৰ চেলেংহাটৰ তৈলক্ষেত্ৰত উত্তাল প্ৰতিবাদ।
মুম্বাইৰ অইলমেস্ক নামৰ তৈল কোম্পানীটোৰ থলুৱা বঞ্চনাৰ বিৰুদ্ধে আটছাৰ চেলেংহাট উপশাখাৰ উদ্যোগত পালন তৈলক্ষেত্ৰ অৱৰোধ কাৰ্যসূচী।
11. মৰিগাঁৱত পেট্ৰল পাম্পে পাম্পে পৰিবহন আইন উলংঘাকাৰী বিৰুদ্ধে অভিযান।
এই অভিযান চলাই পৰিবহন বিভাগ, অৰাক্ষী আৰু যোগান বিভাগে।
অভিযানত হেলমেট পৰিধান নকৰা বহু কেইখন মটৰ চাইকেল জব্দ কৰে আৰক্ষীয়ে।
12. গহপুৰৰ মহিলা অপহৰণ কাণ্ডৰ লগত জড়িত ৭ অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
৩০ ঘণ্টীয়া ধাৰাবাহিক অভিযানৰ অন্তত গ্ৰেপ্তাৰ কৰে অপৰাধীকেইটাক ।
১৮ ডিচেম্বৰত গহপুৰ নগৰত সংঘটিত হৈছিল অপহৰণৰ ঘটনা।
বৰ্তমান আৰক্ষীয়ে জব্দ কৰিছে এখন বলেৰ’ আৰু এখন এল্ট’ বাহন।
13. নগাওঁ-কাৰ্বিআংলং সীমান্তৱৰ্তী পাৰ্কুপ পাহাৰত জব্দ কৰে চোৰাং কাঠ ভৰ্ত্তি এখন বাহন।
বনবিভাগৰ তহলদাৰি দলে নিশা হৃদহৃদী অঞ্চলত জব্দ কৰে কাঠ ভৰ্ত্তি বাহন খন।
বনবিভাগৰ লোকক দেখা পায় বাহন খন এৰি পলায়ন কৰে চালক-হেণ্ডিমেনে।
14. ‘নামনি অসমত বানপানীৰ অন্যতম কাৰণ চৰ অঞ্চলৰ লোকসকল।
চৰ অঞ্চলৰ লোকসকলে ব্ৰহ্মপুত্ৰক ভেটা দি আহিছে।
এই বিষয়সমূহ চালি-জাৰি চোৱাৰ প্ৰয়োজন আছে’- মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ।
15. বাণিজ্যিক বাহন ব্যক্তিগতকৰণ কৰি DTOৰ জালত পৰিছে ৩ জন লোক।
গুৱাহাটীত নিশা আটক কৰে মিজোৰামৰ ৩ জন লোকক।
আৰক্ষী আয়ুক্ত-পৰিবহণ বিভাগৰ তালাচীত পোহৰলৈ আহিল জালিয়াতি।
16. মহানগৰীৰ ভিন্ন প্ৰান্তত ক্ৰাইম ব্ৰান্সৰ অভিযান।
উলুবাৰী, দক্ষিণ শৰণীয়া, গান্ধীবস্তিত চলিল অভিযান।
জব্দ কৰা হৈছে ডেৰশতকৈয়ো অধিক ড্ৰাগছভৰ্তি কণ্টেইনাৰ।
অভিযানত জব্দ কৰে ৩০ হাজাৰ নগদ ধন।
ঘটনাৰ সন্দৰ্ভত এজনক আটক কৰে।
17. সোণাপুৰ বিজেপি মৰ্চাৰ উদ্যোগত কাবাদী প্ৰতিযোগিতা।
সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়া প্ৰাংগনত অনুষ্ঠিত হৈছে এই প্ৰতিযোগিতা।
প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে মুঠ ৩৬ টা দলে।
18. নুমলীগড় শোধনাগাৰ মাৰ্কেটিং টাৰ্মিনেলত অঘটন।
ট্ৰাকৰ চেপাত এজন অস্থায়ী শ্ৰমিকৰ মৃত্যু হয়।
মৃত শ্ৰমিকজনৰ নাম ইছুক পানি।
দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখনৰ নম্বৰ হৈছে- Up 23 At 3704
19. ধুবুৰীৰ গোলকগঞ্জত ১৭নং ৰাষ্ট্রীয় ঘাইপথ অৱৰোধ আক্রাছুৰ।
কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণ, ৰাজবংশী ভাষাক স্বীকৃতি প্রদান আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ দাবীত শাতাধিক আক্রাছু কৰ্মীয়ে ঘাইপথ অৱৰোধ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে ৰাজপথ।
প্রতিবাদকাৰীক লাঠিচালনা কৰাৰ লগতে কেইবাজনকো আটক কৰে আৰক্ষীয়ে।
20. বিদ্যালয়ৰ পোছাক পৰিধান কৰি ৰীল বনাই বিপদত কৰিমগঞ্জৰ ছাত্রী।
‘পটলী কমৰিয়া’ গানৰ তালত ৰীল বনাই ৰাজ্যত বাৰে বাৰে বহিষ্কাৰ হৈছে শিক্ষাৰ্থী।
এইবাৰ ১০ ছেকেণ্ডৰ ৰীল বনাই কৰিমগঞ্জত বাহিৰ হ’ল ৪গৰাকী ছাত্রী।