প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনযাত্ৰাঃ

“ৰূপান্তৰেহে মাথোঁ জগত ধুনীয়া কৰে এয়ে মোৰ গায়ত্ৰী মন্ত্ৰ”
জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হৈছিল ১৯০৩ চনৰ ১৭ জুনত ডিব্ৰুগড় জিলাত অৱস্থিত মদাৰখাত মৌজাৰ তামোলবাৰী চাহ বাগিছাত।
তেখেতৰ পিতৃ আছিল পৰমানন্দ আগৰৱালা আৰু মাক আছিল কিৰণময়ী আগৰৱালা।
চন্দ্ৰকুমাৰ আগৰৱালা তেওঁৰ বৰদেউতাক আছিল।
তেখেতৰ পূৰ্বপুৰুষ নবৰংগৰাম আগৰৱালা ১৮১১ চনত ৰাজস্থানৰ মাৰৱাৰ অঞ্চলৰ পৰা অসমলৈ আহিছিল।
তেখেতৰ পৰিয়ালৰে সদস্য হৰিবিলাস আগৰৱালাই কীৰ্তন পুথি সৰ্বপ্ৰথমে ছপা কৰি প্ৰকাশ কৰিছিল৷
জ্যোতিপ্ৰসাদ আগৰৱালা
একাধাৰে কবি, সাহিত্যিক, সংগীতজ্ঞ, নাট্যকাৰ, বোলছবি নিৰ্মাতা, সংগ্ৰামী ৰাজনীতিক আৰু প্ৰথমগৰাকী অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা আছিল।
অসমীয়া ভাষা-সাহিত্যৰ কবিতা, নাটক, প্ৰবন্ধ, সমালোচনা, শিশুসাহিত্য আদি সকলাে দিশতে তেখেতে বৰঙণি আগবঢ়াই গৈছে।
অসমীয়া সংস্কৃতিলৈ অনবদ্য অৱদানৰ বাবে তেখেতক “ৰূপকোঁৱৰ” বুলি কোৱা হয়।
জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া গীতৰ আধুনিকতাৰ প্ৰৱৰ্তক বুলি জনাজাত।
তেখেতৰ মৃত্যু তিথি ১৭ জানুৱাৰীক “শিল্পী দিৱস” ৰূপে পালন কৰা হয়।
প্ৰথম অৱস্থাত এই দিনটো ‘জ্যোতি দিৱস’ হিচাপে পালন কৰা হৈছিল।
পৰৱৰ্তী সময়ত জ্যোতি দিৱসক শিল্পী দিৱস হিচাপে নামকৰণ কৰা হয়।
১৯৫৩ চনত প্ৰথম বাৰৰ বাবে আয়োজিত এই দিৱস গুৱাহাটী আৰু বৰপেটাত পালন কৰা হৈছিল।
জ্যোতিপ্ৰসাদৰ দৰ্শনক ‘ৰূপান্তৰৰ দৰ্শন’হিচাপে আখ্যা দিব পাৰি৷
চিত্ৰৰঞ্জন দাসে প্ৰতিষ্ঠা কৰা জাতীয় বিদ্যালয়ৰপৰা তেওঁ ১৯২১ চনত দ্বিতীয় বিভাগত মেট্ৰিক পৰীক্ষাত উৰ্ত্তীণ হয় আৰু কলিকতাৰ নেচনেল কলেজৰ পৰা আই.এ. দ্বিতীয় বৰ্ষৰ পঢ়া সাং কৰে।
তাৰপিছত ১৯২৬ চনত জ্যোতিপ্ৰসাদে অৰ্থনীতিত উচ্চ শিক্ষাৰ বাবে এডিনবাৰ্গলৈ যায় কিন্তু পঢ়া শেষ নকৰাকৈয়ে ১৯৩০ চনত উভতি আহে।
ঘূৰি অহাৰ পথত জাৰ্মানীত তেখেতে সাত মাহৰ বাবে চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ লয়।
জ্যোতিপ্ৰসাদ আগৰৱালা ভাৰতৰ স্বাধীনতা আন্দোলনত যোগদান কৰে আৰু ১৯৩২ চনত ১৫ মাহৰ বাবে কাৰাবাস খাটে।
শিলচৰ জেইলত টাইফইড ৰোগত ভোগা সত্ত্বেও তেখেতে কাৰাবাস সম্পূৰ্ণ কৰে।
১৯৩৩ চনৰ শেষৰফালে তেখেতে ভোলাগুৰি চাহ বাগিছাত চিত্ৰবন ষ্টুডিঅ’ স্থাপন কৰি প্ৰথম অসমীয়া বোলছবি জয়মতীৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে।
লক্ষ্মীনাথ বেজবৰুৱাৰ কাহিনীৰ ওপৰত আধাৰিত এই ছবিখনে ১৯৩৫ চনত মুক্তি লাভ কৰে।
জয়মতীৰ পৰা হোৱা ব্যৱসায়িক লোকচানৰ জোৰা মাৰিবলৈ তেখেতে ১৯৩৯ চনত দ্বিতীয়খন অসমীয়া চলচ্চিত্ৰ ইন্দ্ৰমালতী নিৰ্মাণ কৰে।
১৯৪১ চনৰ পৰা জ্যোতিপ্ৰসাদ পুনৰ স্বাধীনতা আন্দোলনৰ লগত জড়িত হৈ পৰে ।
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনত তেখেতে সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ।
১৯৩৬ চনত ‘দেৱযানী ভূঞাৰ’ লগত তেখেতৰ বিবাহ পাশত আৱদ্ধ হয়।
গল্পঃ বগীতৰা, সোণতৰা, ৰূপহী, সোণটি, যুঁজাৰু,
সতীৰ সোঁৱৰণি, সন্ধ্যা,
শিলাকুটি, নীলাচৰাই আদি।
কবিতাঃ লুইতৰ পাৰৰ অগ্নিসুৰ, জ্যোতি ৰামায়ণ ।
উপন্যাসঃ আমাৰ গাঁও ।
অন্যান্য গ্ৰন্থঃ জ্যোতিৰ্ধাৰা,
চন্দ্ৰকুমাৰ আগৰৱালা আৰু
Background of Assamese Architecture.
শিশু-সাহিত্যঃ
তেখেতে কেইবাটাও শিশু উপযোগী কবিতা লিখি থৈ গৈছে।
ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে “কম্পুৰ সপোন”।
জ্যোতিপ্ৰসাদ আগৰৱালাক অসমীয়া চলচ্চিত্ৰৰ জনক বুলি অভিহিত কৰা হয়।
সম্পূৰ্ণ নাটকসমূহঃ
শোণিত কুঁৱৰী, কাৰেঙৰ লিগিৰী, লভিতা, ৰূপালীম,
নিমাতী কইনা, খনিকৰ ।
অসম্পূৰ্ণ নাটকসমূহঃ কনকলতা, সুন্দৰকোঁৱৰ
সোণপখিলী ।
১৯৫১ চনৰ ১৭ জানুৱাৰীত কৰ্কট ৰোগত আক্ৰান্ত হৈ তেজপুৰৰ পকীত ৪৮ বছৰ বয়সত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু হয়।
তেখেতৰ মৃত্যত হোমেন বৰগোহাঞিয়ে ‘অসম বাণী’ কাকতত তেওঁক অসমৰ ইতিহাসৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ দহজন অসমীয়াৰ এজন বুলি ঘোষণা কৰিছিল৷

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com
News Editor Sangita Dutta R News India 24