৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam February 15/2023:-
1. পুনৰ সুস্থ হৈ আগৰ দৰেই বাঁহী বজোৱাৰ মন দীপক শৰ্মাৰ।
সেয়ে আকৌ চৰকাৰৰ পৰা সহায়ৰ আশা কৰিছে অসুস্থ দীপক শৰ্মাই।
লগতে জুবিন ফেন ক্লাৱকো সহায়ৰ বাবে আহ্বান জনাইছে বাঁহীবাদক গৰাকীয়ে।
2. আজি মিচিং জনগোষ্ঠী লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি-আঃয়ে-লৃগাং।চৰকাৰৰ উদ্যোগত লখিমপুৰত আলি-আঃয়ে-লৃগাঙৰ কেন্দ্ৰীয় কাৰ্যসূচী।
কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰম্পৰাগত খাদ্যৰ সোৱাদ ল’লে মন্ত্ৰী বিমল বৰা, সাংসদ প্ৰদান বৰুৱা, বিধায়ক মানৱ ডেকা আৰু বহু গন্যমান্য ব্যক্তিয়ে।
3. ‘এতিয়া গুৱাহাটীখন দেখিলে নিজৰ মনটোৱে ভাল লাগে।
লাহে লাহে আমি ভালৰ ফালে গৈ আছো।
গোটেই গুৱাহাটীত পানী ছটিয়াব পৰা ব্যৱস্থা আমাৰ হাতত নাই ‘।
মহানগৰীৰ প্ৰদূষণ বৃদ্ধি সন্দৰ্ভত এই মন্তব্য মন্ত্ৰী অশোক সিংঘালৰ।
4. মেট্ৰিক পৰীক্ষাৰ্থীলৈ SEBAৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
ঐচ্ছিক বিষয় ‘বৈচিত্ৰময় অসম’ৰ পৰা আহিব ৩টা অধ্যায়ৰ প্ৰশ্ন।
ন্যূনতম ৩টা অধ্যায় অধ্যয়নৰ আহ্বান SEBAৰ।
5. খানাপাৰাত পশুধন আৰু হাঁহ-কুকুৰা মেলা-২০২৩ ।
আজিৰে পৰা তিনিদিনীয়াকৈ পশু চিকিৎসা মহাবিদ্যালয়ৰ খেল পথাৰত আয়োজন কৰা হৈছে এই মেলা ।
উদ্বোধনী অনুষ্ঠানত উপস্থিত কৃষিমন্ত্ৰী অতুল বৰা আৰু বহু গণ্যমান্য ব্যক্তি।
6. নিখিল বড়ো ছাত্ৰ সন্থাৰ ৫৬ সংখ্যক প্ৰতিষ্ঠা দিৱস।
পশ্চিমবংগৰ আলিপুৰদুৱাৰত আয়োজন কৰা হৈছে।
জলেশ্বৰী উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত বিস্তৃত কাৰ্যসূচী ।
পতাকা উত্তোলন, স্মৃতি তৰ্পণেৰে আৰম্ভ কৰে প্ৰতিষ্ঠা দিৱস।
উপস্থিত থাকে এবছুৰ নেতৃবৰ্গৰ লগতে বহু বিশিষ্ট ব্যক্তি।
7. আজি নতুন মুখ্য ন্যায়াধীশৰ শপত গ্ৰহণ অনুষ্ঠান।
ৰাজভৱনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন মুখ্য ন্যায়াধীশ সন্দীপ মেহেতাই শপতগ্ৰহণ গ্ৰহন কৰে।
অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যৰ মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধান আৰু বহু গন্যমান্য ব্যক্তি।
8. অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিচাৰ বিভাগৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰিছে ইমদাদ হুছেইনে।
9. ছিংফৌ যুৱতীৰ নৃত্য-গীতত উদ্ভাসিত হৈছে নেফা পাহাৰ।
পাহাৰসমূহত ঠেকা খাইছে হাজাৰজনৰ ধ্বনি।
৩ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অৰুণাচলত স্বপং য়ং মানাও পয় উৎসৱ উদযাপন।
অৰুণাচলত বসবাস কৰা ছিংফৌসকলে বৰডুমচাত পালন কৰে এই উৎসৱ।
পৰম্পৰাগত সাজপাৰ পিন্ধি উৎসৱত অংশগ্ৰহণ কৰে ছিংফৌসকলে।
10. ‘মিঞা মানুহক উচ্ছেদৰ পাছত ৰকিবুল হুছেইনে এবাৰো খবৰ লোৱা নাই’।
মিঞাৰ ভোট নিৰ্বাচনত কেনেকৈ ল’ব লাগে ৰকিবুলে ভালদৰে জানে’।
ৰকিবুল হুছেইনৰ সন্দৰ্ভত প্ৰাক্তন বিধায়ক আব্দুল আজিজৰ মন্তব্য।
11. ICC ৰেংকিঙত টীম ইণ্ডিয়াৰ ইতিহাস।
ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ শীৰ্ষত ভাৰত।
১১৫ পইণ্টৰে ICC টেষ্ট ৰেংকিঙৰ শীৰ্ষত ভাৰত।
১১১ পইণ্টেৰে টেষ্ট ৰেংকিঙৰ ২য়লৈ অৱনমিত অষ্ট্ৰেলিয়া।
টেষ্ট ৰেংকিঙৰ তৃতীয় আৰু চতুৰ্থত ইংলেণ্ড, নিউজিলেণ্ড।
12. উচ্ছেদৰ বাবে সাজু বজালী জিলা প্ৰশাসন।
ভৱানীপুৰৰ গোপাল আতা সত্ৰৰ বেদখলীকৃত ভূমিত চলে উচ্ছেদ।
৩০০ বিঘা মাটি বেদখলমুক্ত কৰে প্ৰশাসনে।
13. ধূপধৰাত আৰক্ষীৰ জালত পৰিছে গো-মাফিয়াসহ ৩টা সৰবৰাহকাৰী।
কুখ্যাত গো-মাফিয়া চুলেম উদ্দিনক গ্ৰেপ্তাৰ কৰা হৈছে। আৰক্ষীয়ে তিনিওৰে পৰা জব্দ কৰে নগদ ৫৩ হাজাৰ টকা।
14. PDS আঁচনিৰ চোৰাং চাউলৰ বিৰুদ্ধে ফকিৰগঞ্জ আৰক্ষীৰ অভিযান।
যন্ত্ৰচালিত নাওসহ ৫০ বেগ চোৰাং চাউল জব্দ কৰে আৰক্ষীয়ে।
৪জন লোকক আটক ফকিৰগঞ্জ আৰক্ষীয়ে।
15. জামুগুৰিহাটত ঐতিহাসিক বাৰেচহৰীয়া ভাওনাৰ প্ৰস্তুতি।
২১খন খলাত পৰিৱেশন হ’ব গায়ন-বায়ন।
পকামূৰা পথাৰত ৬-৯ মাৰ্চলৈ বাৰেচহৰীয়া ভাওনাৰ আয়োজন কৰা হব।
এইবাৰ বাৰেচহৰীয়া ভাওনাত অগ্ৰাধিকাৰ দিয়া হৈছে যুৱ-প্ৰজন্মক।
16. ডিব্ৰুগড়ত নিশা গুলীচালনাৰ ঘটনা।
নিৰ্মীয়মাণ বাইপাছত শূন্যলৈ ২ জাঁই গুলীচালনা দুৰ্বৃত্তৰ।
ঘটনাৰে জড়িত কৌশিক গগৈ আৰু মুনিন গগৈ নামৰ দুজনক আটক কৰে আৰক্ষীয়ে।
17. বুঢ়াচাপৰি অভয়াৰণ্যত উচ্ছেদৰ আজি দ্বিতীয় দিন।
লাঠিমাৰি, গণেশ টাপু, শিয়ালি চাপৰি, আৰিমাৰী, চিতলমাৰী বিল, চিতলমাৰী পথাৰ, চিতলমাৰী এনচিত চলে উচ্ছেদ অভিযান।
প্ৰায় ৫১৩০ বিঘা মাটি বেদখল মুক্ত প্ৰথম দিনাৰ অভিযানত।
18. নতুন দিল্লীৰ পৰা গুৱাহাটী অভিমুখে অহা নৰ্থ ইষ্ট এক্সপ্ৰেছত অভিযান চলাই ৰে’ল আৰক্ষীয়ে জব্দ কৰে কেইবা লক্ষাধিক টকা কাছ’।
ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ২১ টা বস্তাৰ ভিতৰত ভৰাই সৰবৰাহ কৰা হৈছিল ১৫৭টা সৰু-বৰ কাছ’।
এই কাছখিনিৰ বজাৰ মূল্য ৫.২৮ লাখ টকা।
19. চিৰাঙৰ বিজনীৰ পুৰাণ বিজনীত আৰক্ষীৰ অভিযান।
নাছিৰ আলী নামৰ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে আৰক্ষীয়ে।
নাছিৰ আলীৰ পৰা ড্ৰাগছ ভৰ্তি এটা চাবোনৰ বাকচ জব্দ কৰা হয়।
লগতে As-01-AY-0063 নম্বৰৰ এখন হুণ্ডা ইয়ন গাড়ী, ৯,৯০০ টকা আৰু এখন স্কুটীও জব্দ কৰিছে।
20. কৰিমগঞ্জৰ বিজেপি নেতা বিশ্বৰূপ ভট্টাচাৰ্যক দলৰ পৰা অব্যাহতি।
কৰিমগঞ্জ জিলা যুৱ মৰ্চাৰ সভাপতি আছিল বিশ্বৰূপ ভট্টাচাৰ্য।
অসম বিশ্ববিদ্যালয়ত হোষ্টেলৰ ছাত্ৰক মাৰপিট কৰিছিল বিশ্বৰূপে।
হোষ্টেলত প্ৰৱেশ কৰি চলোৱা আক্ৰমণত আহত হৈছিল এজন ছাত্ৰ।
ঘটনাক লৈ ক্ষোভিত হৈছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ। পথ অৱৰোধতো নামিছিল বিশ্ববিদ্যালয়ৰ ছাত্ৰ।
শিলচৰ আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল অভিযুক্ত বিশ্বৰূপে।
অৱশেষত দলৰ পৰাও অব্যাহতি দিলে বিশ্বৰূপ ভট্টাচাৰ্যক।