আপোনাৰ মূৰত মাজে মাজে চুলি পকিছে নেকি? যদি পকিছে এইবিধ ফুল ব্যৱহাৰ কৰক।
আমাৰ স্বাস্থ্যৰ বাবে অপৰাজিতা ফুল অতি উপকাৰি।
এইবিধ ফুল খালে দেহৰ বহু বেমাৰ নাশ হয়।
অপৰাজিতা ফুল বহু পুষ্টিতত্বৰে ভৰপূৰ।
জানো আহক,
অপৰাজিতা ফুলত কি কি ঔষধী গুণ আছেঃ-
1. চুলি পকিলে নীলা অপৰাজিতা ফুলৰ ৰস চুলিত সানিলে চুলি পকা ভাল হয়।
2. পেটত পানী জমা হলে, অপৰাজিতাৰ শিপাৰ ৰস খালে সুফল পোৱা যায়।
3. অপৰাজিতাৰ শিপাৰ ৰস নাকেৰে উজালে মূৰৰ বিষ ভাল হয়।
4. গৰমত খুউব ঘাম ওলালে আৰু বহুত বেয়া দুৰ্গন্ধ ওলালে অপৰাজিতা পাতৰ ৰস আৰু আদাৰ ৰস মিহলাই খালে ভাল হয়।
5. নীলা অপৰাজিতাৰ শিপাৰ গোন্ধ ললে সুৰ্যকপালি ৰোগ আৰোগ্য হয়।
6. প্ৰস্ৰাৱ বন্ধ হৈ গলে বা কমকৈ প্ৰস্ৰাৱ হলে আৰু প্ৰস্ৰাৱৰ লগত তেজ ওলালে অপৰাজিতাৰ শিপা ৰস খালে সুফল পোৱা যায়।
7. কটা-চিঙাত অপৰাজিতাৰ পাত মিহিকৈ বটি সেই ঠাইত লগালে ভাল হয়।
গতিকে, আপুনি যদি এই সমূহ সমস্যাত ভুগি আছে অতিশীঘ্ৰে অপৰাজিতা ফুল ব্যৱহাৰ কৰক আৰু নিৰোগী হৈ থাকক।
বিঃদ্ৰঃ- এই তথ্যখিনি বিভিন্ন উৎসৰ পৰা সংগৃহীত। অধিক তথ্য জানিবৰ বাবে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব।
ধন্যবাদ।
News Editor Sangita Dutta R News India 24