৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
Mising Autonomous Council.
Rnewsindia24.com Assam March 4/2023:-
1. ২০২৩-২৪ বৰ্ষৰ বিনামূলীয়া পাঠ্যপুথি বিতৰণ অনুষ্ঠান।
নাৰেংগীৰ কেন্দ্ৰীয় ভঁৰালত এই পাঠ্যপুথি বিতৰণ অনুষ্ঠান আয়োজন কৰা হৈছে।
অনুষ্ঠানত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু শিক্ষা বিভাগৰ কেইবাগৰাকী শিক্ষা বিষয়া।
2. গুৱাহাটীৰ দৰে ৰাজ্যৰ সকলো জিলাতে চলিব পাৰে উচ্ছেদ।
বিগত ১৫ বছৰত কোনে, ক’ত, কেনেদৰে বেদখল কৰিছে তথ্য লাগে মুখ্যমন্ত্ৰীক।
ৰাজ্যৰ সকলো উপায়ুক্তলৈ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ জৰুৰী নিৰ্দেশ।
3. গুৱাহাটী মহকুমাৰ বিদ্যালয়সমূহৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান।
উৎকোচ লৈ গ্ৰেপ্তাৰ হয় উপ-পৰিদৰ্শক বুদ্ধ কটকী।
4. বিশ্ব ঐতিহ্য হোৱাৰ দিশে চৰাইদেউ মৈদাম।
ইউনেস্ক’ৰ আনুষ্ঠানিক ঘোষণাৰ পাছতে উৎফুল্লিত চৰাইদেউবাসী।
চৰাইদেউ মৈদামত উপস্থিত হয় মন্ত্ৰী যোগেন মহন।
শীঘ্ৰেই ঐতিহ্য ক্ষেত্ৰ পৰিদৰ্শনৰ বাবে আহিব ইউনেস্ক’ৰ দল।
5. ‘কেন্দ্ৰত পদ পৰিৱৰ্তন হোৱাৰ লগে লগে দেখিব ১০০ দিনৰ ভিতৰত উত্তৰ-পূবত পদ পৰিবৰ্তন হ’ব’।
মেঘালয়, নাগালেণ্ডৰ, ত্ৰিপুৰা নিৰ্বাচনত কংগ্ৰেছৰ পৰাজয়ৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া ভূপেন বৰাৰ।
6. সদৌ টাই আহোম ছাত্ৰ সন্থাৰ পৰৱৰ্তী কেন্দ্ৰীয় সমিতি গঠন।
সভাপতিৰূপে নিৰ্বাচিত হয় মিলন বুঢ়াগোহাঁই।
পৰৱৰ্তী কাৰ্যকৰী সভাপতি দেৱজিৎ গগৈ।
ভাস্কৰ বৰগোহাঁই আৰু অচ্যুৎ বুঢ়াগোহাঁইক যুটীয়া সম্পাদকৰূপে নিৰ্বাচিত।
উপসভাপতিৰ দায়িত্বত থাকিব মনোজ গগৈ, বসন্ত গগৈ।
7. ‘শিলসাকোত উচ্ছেদ হবই ।গুৱাহাটীবাসীয়ে উশাহ ল’বলৈ হ’লে শিলসাঁকো-দীপৰ বিল উচ্ছেদমুক্ত হ’ব লাগিব।’
শিলসাঁকোৰ উচ্ছেদক লৈ কঠোৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা।
8. চাবুৱাৰ বায়ুসেনা ছাউনীত ভয়ংকৰ ঘটনা।
মিক্সাৰ মেচিনত সোমাই কৰুণ মৃত্যুক সাৱটিবলগীয়া হ’ল প্ৰণৱ দত্ত নামৰ এজন শ্ৰমিকে।
লোমা ইনফ্ৰা প্ৰাঃ লিঃ কোম্পানীত কৰ্মৰত আছিল প্ৰণৱ।
কাম কৰি থকা সময়তে মেচিনত সোমাই যায়।
ঘটনাৰ পাছতে ক্ষুব্ধ গাঁওবাসীয়ে মৃতদেহ লৈ ঘেৰাও কৰে চাবুৱা থানা।
9. মুকালমুৱাৰ ভাংনামাৰীৰ চৈয়দ আলী চৰত নিশা অগ্নিকাণ্ড।
জুইত জাহ গ’ল ৩খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে এটা বাসগৃহ।
চৈয়দ আলী চৰৰ দেওবৰীয়া বজাৰত হোৱা এই অগ্নিকাণ্ডৰ ফলত প্ৰায় ৭ লাখ টকাৰ সা-সামগ্ৰী ভস্মীভূত হয়।
বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাতৰ হয় সন্দেহ স্থানীয় ৰাইজৰ।
10. চাকৰিৰ নামত ধন সংগ্ৰহ কৰি জালত পৰিল বিজেপিৰ কিষাণ মৰ্চাৰ উপ-সভাপতি।
পশ্চিমবংগ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল ভাস্কৰ চক্ৰৱৰ্তী।
উত্তৰ-পূবৰ বৃহৎ গৰু ছিণ্ডিকেটৰো মাষ্টাৰ মাইণ্ড আছিল ভাস্কৰ।
11. নিশা মহানগৰীৰ ৰুক্মিণীগাঁৱত দুৰ্ঘটনা।
পথৰ দাঁতিত ৰখাই থোৱা বাহনত প্ৰচণ্ড খুন্দা মাৰে ৱাগনাৰ বাহনে।
ৱাগনাৰৰ খুন্দাত ৰাজপথতে ছিটিকি পৰে এল্ট’বাহনখন।
দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ৱাগনাৰৰ দুই মহিলাসহ তিনি আৰোহী।
আহত কেউগৰাকীকে ভৰ্তি কৰোৱা হৈছে ডাউন টাউন হাস্পতালত।
12. দৰঙৰ ধূলা থানাৰ তদানীন্তন OCক উৎপল বৰাক পুনৰ গ্ৰেপ্তাৰ।
আয় বৰ্হিভূত সম্পত্তিৰ গোচৰত CID-এ গ্ৰেপ্তাৰ কৰে উৎপল বৰা আৰু পত্নীক।
দুয়োকে ৫ দিনৰ CIDৰ জিম্মালৈ প্ৰেৰণ ন্যায়াধীশ আদালতৰ।
13. গুৱাহাটীত অনুষ্ঠিত অসম টেবুল টেনিচ সন্থাৰ বাৰ্ষিক সাধাৰণ সভাত ৰাজ্যিক সদস্যসকলৰ লগতে জিলা সন্থাৰ বিষয়ববীয়া তথা প্ৰতিনিধিবৰ্গৰ উপস্থিতিত দ্বিতীয়বাৰলৈ সন্থাৰ সভাপতি পদত নিৰ্বাচিত হয় মন্ত্ৰী পীযূষ হাজৰিকা।
ইয়াৰ বাবে সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে সন্থাৰ সকলো সদস্যৰ সহযোগিতাত ৰাজ্যখনৰ টেবুল টেনিচৰ ক্ষেত্ৰখনক শীৰ্ষ পৰ্যায়লৈ আগুৱাই নিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী পীযূষ হাজৰিকাই।
14. পেৰিছ ফেশ্বন উইকত চিকমিকাই উঠিল সংযুক্তাৰ ‘চিকি-মিকি’।
বিশ্বৰ ভিতৰতে প্ৰসিদ্ধ পেৰিছ ফেশ্বন উইকত উজলিল অসমৰ হস্ততাঁত শিল্প।
প্ৰতিষ্ঠিত ডিজাইনাৰ সংযুক্তা দত্তৰ অন্য এক সফলতা।
পেৰিছ ফেশ্বন উইক ২০২৩ত সংযুক্তা দত্তৰ অন্য এক প্ৰয়াস।
15. কাছাৰৰ গুমড়াত জব্দ কৰা হৈছে বাৰ্মিজ চিগাৰেট ভৰ্তি বাহন।
মিজোৰামৰ পৰা সৰবৰাহ কৰিছিল ৩ হাজাৰ পেকেট চিগাৰেট।
জব্দকৃত চিগাৰেট খিনিৰ মূল্য ৩ লক্ষাধিক টকা।
16. বাক্সাৰ গোৱৰ্ধনাত পিষ্টলসহ আটক দুই দুৰ্বৃত্ত।
আৰক্ষীৰ অভিযানত জব্দ কৰা হয় এখন অল্ট’ বাহনো।
লগতে ৪ জাই সক্ৰিয় গুলি আৰু দুটা মবাইল ফোন।
17. কলিয়াবৰৰ জখলাবন্ধাত পথ দুৰ্ঘটনা।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত পতিত এখন মালবাহী ট্ৰাক ।
থিতাতে নিহত ট্ৰাকখনৰ গৰাকী অমৃত ৰয়।
ঘটনাস্থলিত আৰক্ষী বিষয়া উপস্থিত হয়।
18. হোজাই আৰক্ষীয়ে অভিযান চলাই লংকা থানাৰ অন্তৰ্গত উদালীৰ পৰা গ্ৰেপ্তাৰ কৰে এটা গভাইত চোৰক।
ধৃত চোৰটোৰ নাম অমৰ ৰাজকুমাৰ বুলি জানিব পৰা গৈছে।
চোৰটোৱে হোজাই চহৰৰ এটা ছোৱালী হোষ্টেলত প্ৰৱেশ কৰি চুৰি কৰিছিল মহিলাৰ কাপোৰ।
তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই চোৰটোক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।
19. হাৰিয়ানাৰ ফৰিদাবাদ-
গুৰুগ্ৰাম পথত এক মৰ্মান্তিক দুৰ্ঘটনা সংঘটিত হৈছে।
বন্ধুৰ জন্মদিন উদযাপন কৰি উভতি অহাৰ পথতে তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় ৬ বন্ধু।
দুৰ্ঘটনাত নিহত সকল হৈছে- পুনিট মংলা, যতীন, আকাশ ওৰফে নোনু গুলাটি, সন্দীপ, বলজিত আৰু বিশাল ছেঠী বুলি চিনাক্ত কৰা হৈছে।
ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ মৃতদেহ কেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
20. গুৱাহাটীৰ ডাবল মাৰ্ডাৰৰ দুই অভিযুক্তক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।
অৰূপ ডেকা, ধনটি ডেকাক প্ৰেৰণ কৰা হ’ল ন্যায়িক জিম্মালৈ।
আজি হাজিৰ কৰোৱা হৈছিল CJM আদালতত।
শেহতীয়াকৈ দুদিনৰ আৰক্ষীৰ জিম্মাত আছিল ২ অভিযুক্ত।
নুনমাটি আৰক্ষীৰ জিম্মাত আছিল অৰূপ ডেকা, ধনটি ডেকা।
পূৰ্বে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল বন্দনা কলিতাক।