ৰাজপথত তাণ্ডৱ চলোৱা ধেমাজি জিলাৰ যুৱক ৰঙাঘৰৰ আলহী হ’ল।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত বাহনৰ বনেতত ওলমি সৃষ্টি কৰা উদণ্ড যুৱকক গ্ৰেপ্তাৰ।

যোৱা ২৮ মাৰ্চত চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত কুলাজানস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত চলন্ত বাহনৰ বনেতত ওলমি সৃষ্টি কৰা উদণ্ড যুৱককেইজনক চিচিবৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

চিলাপথাৰৰ কুলাজান আৰক্ষী টহলদাৰী চকীৰ সমীপত উদ্ভণ্ডালি সৃষ্টি কৰিছিল ৯ জনকৈ যুৱকে ।

পথচাৰীৰ হাতত উদণ্ড যুৱককেইজনৰ ভিডিঅ বন্দী হৈছিল লগে লগে সামাজিক মাধ্যমত ভাইৰেল হয় ৷

ধেমাজি আৰক্ষী আৰু চিচিবৰগাঁও আৰক্ষীৰ যুটীয়া অভিযানত বুধবাৰে সন্ধিয়া চিচিবৰগাঁওৰ চৌকামটিংত AS22F5685 নম্বৰ যুক্ত বাহনসহ গ্ৰেপ্তাৰ কৰা হ’ল ৯ জন কিশোৰ যুৱকক ৷

বাহনখনৰ স্বতাধিকাৰ বনমালী শইকীয়াৰ সন্তানহ ক্ৰমে দুজন মেট্ৰিক পৰীক্ষা দিয়া ছাত্ৰ , দুজন নৱম শ্ৰেণীৰ, দুজন দশম শ্ৰেণীৰ, দুজন একাদশ আৰু এজন বি এ পঢ়ি থকা ছাত্ৰ আছিল।

এওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিছে ধেমাজিৰ আৰক্ষীয়ে ৷

Leave a Reply

Your email address will not be published. Required fields are marked *