জোনাই মহকুমা খুঁটি পৰিচালনা সমিতিৰ সংবাদ মেল।

মাঝিআলি, মুনমুনি চৰণীয়া পথাৰ সংৰক্ষণৰ দাবীত ধেমাজি জিলাৰ জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত চঃব মেনজেগ দুগ্ধ উন্নয়ন সমবায় সমিতিৰ কাৰ্যালয়ত জোনাই মহকুমা খুঁটি পৰিচালনা সমিতিয়ে হাজাৰ হাজাৰ গৰু মহ লৈ সংবাদমেল আয়োজন কৰে।
জোনাই ৰাজহ চক্ৰৰ অন্তৰ্গত মাঝি আলি , মুনমুনি চাপৰিৰ ১ নং দাগৰ ২১৮৫ বিঘা ভূমি ১৯৯২ চনতে আৰু দুই নং দাগৰ ১৫৭৩৫ বিঘা ভূমি ।
মুঠ ১৭৯২০ বিঘা ভূমিক অসম চৰকাৰৰ ৰাজহ বিভাগে গো-পালক সকলৰ বাবে ২০১০ চনতে চৰণীয়া ভূমি হিচাপে স্বীকৃতি প্ৰদান কৰে ।
উক্ত ভূমিত একাংশ অবৈধ বেদখল কাৰীয়ে বে-আইনি ভাবে ৪১৩৫ বিঘা ভূমিত বিভিন্ন ধৰণৰ খেতি কৰি, বাসস্থান নিৰ্মান কৰি গো-পালকৰ চৰণীয়া ভূমি দখল কৰি অহাৰ ওপৰিও বিভিন্ন সময়ত গৰু মহক কাটি অনিষ্ট কৰি আহিছে বুলি সংবাদ মাধ্যমত প্ৰকাশ কৰে মহকুমা খুঁটি পৰিচালনা সমিতিয়ে।
সংবাদমেল যোগেদি গো-পালকসকলে জোনাই ৰাজহ বিভাগক সকীয়াই দিয়ে যে, ২০১৫ চনতে বেদখলকাৰিক উচ্ছেদ কৰিবৰ বাবে যি জাননী প্ৰেৰণ কৰিছিল সেয়া আজি লৈকে কিয় কাৰ্য্যকাৰী নহল।
আগন্তুক ১০ দিনৰ ভিতৰত মুঠ ৪১৮৫ বিঘা ভূমি বেদখলকাৰিক উচ্ছেদ কৰি গৰু মহৰ চৰণীয়া পথাৰ হিচাপে সংৰক্ষণ নকৰিলে জংগী আন্দোলনৰ
হুংকাৰ জোনাই মহকুমা খুঁটি পৰিচালনা সমিতিৰ।
Rnewsindia24.com

