Himanta Biswa Sarma

৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam April 4/2023:- 

1. আজি গুজৰাটৰ শ্ৰী নাগেশ্বৰ জ্যোতিলিংগ ধামত পূজা-অৰ্চনা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিণিকি ভূঞা শৰ্মাই।

 

2. ক’ভিডত আক্ৰান্ত ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলট আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেসিন্দিয়া।
দিল্লীত পুনৰ বৃদ্ধি ক’ভিডৰ সংক্ৰমণ৷
ক’ভিডত আক্ৰান্ত হৈ দুজনকৈ লোকৰ মৃত্যু৷
বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত ২৯৩ গৰাকী৷
সোমবাৰৰ দিনটোত ১,৫৮১ গৰাকীৰ হৈছিল ক’ভিড টেষ্ট৷
বৰ্তমান দিল্লীত ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা ১,৪০৬গৰাকীলৈ বৃদ্ধি৷

3. বড়োলেণ্ড আন্দোলনৰ ১৯৩গৰাকী শ্বহীদ পৰিয়াললৈ সাহায্য।
বডোফা সাংস্কৃতিক প্ৰকল্প প্ৰেক্ষাগৃহত প্ৰদান আৰ্থিক সাহায্য।
অনুষ্ঠানত উপস্থিত BTR প্ৰধান প্ৰমোদ বড়ো।

4. প্ৰতি সপ্তাহৰ মঙলবাৰে পৰ্যটকৰ বাবে বন্ধ থাকিব মানাহ ৰাষ্ট্ৰীয় উদ্যান৷
১০ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব এই সিদ্ধান্ত৷
এই ঘোষণা মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ৷
কেন্দ্ৰীয় পৰিৱেশ বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ নিৰ্দেশনা৷
জাননীযোগে তথ্য সদৰী উদ্যানৰ ক্ষেত্ৰ সঞ্চালক বৈভৱ চি মাথুৰৰ৷

5. অৰবিন্দ কেজৰিৱালক প্ৰত্যাহ্বান মন্ত্ৰী পীযূষ হাজৰিকাৰ৷
ভুল তথ্যৰে অসমবাসীক বিভ্ৰান্ত কৰাৰ অভিযোগ মন্ত্ৰীগৰাকীৰ৷
“ডেৰ লাখ চাকৰিয়াল থকা দিল্লীত ১২ লাখ চাকৰি ক’ৰ পৰা দিলে কেজৰিৱালে?’
আমি মে’ মাহৰ শেষৰ ফালে ৯৫ হাজাৰ চাকৰি দিয়াৰ তালিকাখন প্ৰকাশ কৰিম, কেজৰিৱালেও তেওঁৰ তালিকাখন আমাক দিয়ক” বুলি মন্তব্য কৰে মন্ত্ৰী পীযূষ হাজৰিকাই৷

6. ‘পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান ডাল মদাহী৷
অত্যধিক মদ সেৱনৰ বাবেই বিমানৰ পৰা নমাই দিয়া হৈছিল মানক৷
AAPয়ে অসমত ফ্লপ শ্ব’ পাতিছে, ২০ হাজাৰ মানুহ নহ’লে মই মোৰ সমষ্টিতে সভা নাপাটো’৷
আপৰ জনসভাক লৈ এইদৰে মন্তব্য কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই৷

7. NCERTৰ পাঠ্যক্ৰমত ব্যাপক পৰিৱৰ্তন৷
২০২৩-২৪ৰ শিক্ষাবৰ্ষৰ পৰা বুৰঞ্জীত নাথাকিব মোগলৰ ইতিহাস৷
দশমৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত নাথাকিব মোগলৰ ইতিহাস।
বাবৰ, আকবৰ, ঔৰংগজেৱ, হুমায়ুনৰ বিষয়ে পঢ়িবলৈ নাপাব শিক্ষাৰ্থীয়ে৷

8. ৰাজ্যৰ চৌদিশে ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি৷
হাজোৰ বামুন্দীতো আছুৰ উদ্যোগত অনুষ্ঠিত হৈছে বিহুৰ কৰ্মশালা।
বিহু কৰ্মশালাখন উদ্বোধন কৰে জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মা আৰু সদৌ অসম ছাত্ৰ সন্থাৰ উপদেষ্টা প্ৰকাশ দাসে৷

9. মণিপুৰৰ উখৰুলত IED বিস্ফোৰণ।
বিস্ফোৰণত আহত হয় ৫জনকৈ লোক।
ভিউলেণ্ড গীৰ্জা, এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ মাজত বিস্ফোৰণ।
আহত আটাইকেইজনকে উখৰুলৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
আহত এজনৰ অৱস্থা সংকটজনক।
১৫ দিন পূৰ্বেও উখৰুলৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত সংঘটিত হৈছিল বিস্ফোৰণ।

10. বৰপেটাৰ নগাঁৱত মাৰুতি ভান-ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ।
ট্ৰাকৰ খুন্দাত বাগৰি পৰিল যাত্ৰীবাহী এখন মাৰুতি।
কথমপি প্ৰাণ ৰক্ষা কেইবাগৰাকী যাত্ৰীৰ।
বৰপেটা অভিমুখে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত মাৰুতি ভানখন।
দুৰ্ঘটনাত আহত হয় কেইবাগৰাকীও লোক।

11. যোৰাবাট আৰক্ষীৰ গাঞ্জা বিৰোধী অভিযান৷
অভিযানত বৃহৎ পৰিমাণৰ গাঞ্জাসহ বিশেশ্বৰ ৰায় নামৰ সৰবৰাহকাৰীক আটক কৰা হয়।
আঠমাইলৰ কালিমন্দিৰৰ পৰা আৰক্ষীয়ে আটক কৰে লোকজনক৷
মেঘালয়ৰ ৰিভ’ইৰ বৰিদোৱাৰ পৰা খানাপাৰালৈ সৰবৰাহৰ চেষ্টা কৰিছিল এই গাঞ্জাখিনি৷

12. গুৱাহাটীৰ বৰাগাঁৱত দুই গাঞ্জা সৰবৰাহকাৰী আটক।
এখন স্কুটীৰে বহু পৰিমাণৰ গাঞ্জা সৰবৰাহৰ সময়তে আৰক্ষীৰ হাতত ধৰা পৰিল ফুলচান্দ আলী আৰু ইমৰান হুছেইন নামৰ দুজন ব্যক্তি।

13. কৰিমগঞ্জৰ অসম-ত্রিপুৰা সীমান্তত নিষিদ্ধ ঔষধ জব্দ কৰা হয়।
আৰক্ষীৰ অভিযানত জব্দ কৰে ২ হাজাৰ বটল ফেন্সিডাইল।
১০ লক্ষাধিক টকাৰ নিচাযুক্ত ঔষধসহ আটক এজনক।

14. চিৰাং জিলাৰ বিজনী বিষ্ণুপুৰত কেঁকোসাপসহ এজন যুৱক আটক।
আটকাধীন যুৱকজন বিজনী ছাতিয়ানগুৰীৰ তাপস ৰায় বুলি জানিব পৰা গৈছে।

15. কৰিমগঞ্জৰ ভাৰত-বাংলা সীমান্তত জব্দ নিচাযুক্ত টেবলেট।
জব্দ কাৰ হৈছে ২০ হাজাৰ য়াবা টেবলেট।
জব্দকৃত টেবলেট খিনিৰ মূল্য ৪০ লাখ টকা।

16. মহানগৰীৰ ভগদত্তপুৰত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
অভিযানত হেৰ’ইনসহ গ্রেপ্তাৰ ৩ সৰবৰাহকাৰী।
জব্দ কৰা হৈছে ৩ টা চিৰিঞ্জসহ ৩টা মবাইল ফোন।

17. জটিল ৰোগত আক্ৰান্ত ৰঙিয়াৰ বালিসত্ৰৰ খলিহামাৰীৰ উৎপল কলিতা নামৰ এগৰাকী কণ্ঠশিল্পী।
মঞ্চত গীত পৰিবেশন কৰি পৰিয়াল পোহপাল দি অহা একমাত্ৰ উপাৰ্জনকাৰী।
উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ উৎপলৰ লগতে পত্নীয়ে চৰকাৰ তথা হৃদয়ৱান লোকৰ পৰা বিচাৰিছে সহায়।

18. ‘হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু ৪০ বছৰ থাকিব, বিৰোধীয়ে নাকত তেল দি শুবলৈ কাৰ্যালয় বিচাৰিছে’।
কংগ্ৰেছৰ প্ৰস্তাৱক লৈ ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া।

19. নগাঁৱৰ বৰঘাটত ২ অস্ত্ৰ সৰবৰাহকাৰীক আটক৷
ধৃত ২ অস্ত্ৰ সৰবৰাহকাৰী ইমটা গুমপা, ইমনা৷
দুয়োৰে পৰা জব্দ 7.65MM পিষ্টল, ৫ জাঁই সক্ৰিয় গুলী৷
ধৃত দুয়োৰে ঘৰ নাগালেণ্ডৰ মুককচাঙত৷
অপৰাধ শাখাৰ ASP ৰূপজ্যোতি কলিতাৰ নেতৃত্বত চলিছিল অভিযান৷

20. মহানগৰীৰ জোনালীত বৃহৎ পৰিমাণৰ বিদেশী সুৰা জব্দ।
Koris নামৰ এখন কোৰিয়ান ৰেষ্টোৰাৰ পৰা জব্দ কৰে বিদেশী সুৰাখিনি।
আৱকাৰী বিভাগৰ অভিযানত জব্দ ৩১ কাৰ্টন কোৰিয়ান সুৰা।
অনুজ্ঞাপত্ৰহীনভাৱে ৰেষ্টোৰাত চলিছিল সুৰা বিক্ৰী।
আটক কৰা হৈছে ৰেষ্টোৰাৰ মেনেজাৰ সুৰজিৎ সিঙক।

Leave a Reply

Your email address will not be published. Required fields are marked *