৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - R News India 24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam April 9/2023:-
1. কৰ্ণাটকত নতুন ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
প্ৰজেক্ট টাইগাৰৰ ৫০ সংখ্যক বৰ্ষপূৰ্তি উপলক্ষে বান্দীপুৰ ব্যাঘ্ৰ প্ৰকল্পত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।
2. প্ৰধানমন্ত্ৰীৰ অসম আগমনক লৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল।
ব্ৰক্ষপুত্ৰৰ ওপৰত নিৰ্মাণ হ’বলগীয়া পলাশবাৰী-শুৱালকুছি সংযোগী দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷
৩১৯৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা হ’ব দলঙখন৷
সংবাদমেলত উল্লেখ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷
3. IIT গুৱাহাটীৰ উদ্যোগত হাফ মাৰাথন প্ৰতিযোগিতা।
IIT গুৱাহাটীৰ বাৰ্ষিক টেকনো মেনেজমেণ্ট উৎসৱ উপলক্ষে এই মাৰাথন।
নেহৰু ষ্টেডিয়ামত পুৱা ৫ বজাত প্ৰতিযোগিতাৰ ফ্লেগ অফ কৰে IGP নিতুল গগৈয়ে।
4. GNRCত চিকিৎসাধীন বিশিষ্ট বুৰঞ্জীবিদ পদ্মশ্ৰী সন্মান প্ৰাপক ড° যোগেন্দ্ৰনাথ ফুকন৷
উচ্চ ৰক্তচাপত আক্ৰান্ত বিশিষ্ট বুৰঞ্জীবিদগৰাকী ভৰ্তি কৰা হৈছে ICUত৷
5. ‘মাতৃভাষা ছাত্ৰ-ছাত্ৰীয়ে জানে, বিদ্যালয়ত নজনাতো হে গুৰুত্ব দিব লাগে।’
গনিত আৰু বিজ্ঞান বিষয়টো ইংৰাজী মাধ্যম কৰাক লৈ মন্তব্য শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ ।
6. সাত দিনত ৩০ কোটিটকীয়া ১৭ কিলোমিটাৰ পথ নিৰ্মাণ কৰা দেখুৱাই ধন আত্মসাত্ কৰাৰ অভিযোগ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পুত্ৰৰ বিৰুদ্ধে।
7. ইনষ্টাগ্ৰামত চাকৰিৰ বাবে আৱেদন কৰি দিল্লীৰ এগৰাকী মহিলাই হেৰুৱালে ৮.৬ লাখৰ অধিক টকা।
ভুৱা তথ্যৰ জৰিয়তে প্ৰৱঞ্চকৰ সৰকালে টকাখিনি।
ঘটনা সন্দৰ্ভত ভুক্তভোগীয়ে দাখিল কৰিছে এজাহাৰ।
8. গৌৰীপুৰত কমতাপুৰ প্ৰগ্ৰেচিভ পাৰ্টিৰ প্ৰতিবাদ।
পৃথক কমতাপুৰ, কমতাপুৰী ভাষাৰ ৰাষ্ট্ৰীয় স্বীকৃতিৰ দাবীত কমতাপুৰ প্ৰগ্ৰেচিভ পাৰ্টিৰ প্ৰতিবাদী সমদল।
9. ২০০ বছৰীয়া হ’ল অসমৰ চাহ উদ্যোগ।
অসমত চাহৰ পিতৃপুৰুষ চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছৰ প্ৰতাপগড়স্থিত সমাধিক্ষেত্ৰ সম্প্ৰতি অসংৰক্ষিত অৱস্থাত।
চাহ উদ্যোগৰ ২০০ বছৰীয়া জয়ন্তী উপলক্ষে চাৰ্লছ আলেকজেণ্ডাৰ ব্ৰুছৰ সমাধিক্ষেত্ৰ চৰকাৰীভাৱে সংৰক্ষিত কৰি ৰখাৰ আহ্বান।
10. ৰাজস্থান মুখ্যমন্ত্ৰী অশোক গেহলট আৰু শচীন পাইলটৰ মাজত সংঘাত৷
অশোক গেহলট চৰকাৰৰ বিৰুদ্ধে ১১ এপ্ৰিলত প্ৰতিবাদ কৰিব পাইলটে৷
পূৰ্বৰ চৰকাৰৰ কেলেংকাৰিৰ বিৰুদ্ধে কোনো ব্যৱস্থা নোলোৱাত অসন্তুষ্ট পাইলট৷
11. তেজপুৰৰ কপৌ ৰেষ্টুৰেণ্টত স্পেচিয়েল ব্ৰেকফাষ্টৰ এক অনুষ্ঠান৷
অনুষ্ঠানত মাষ্টাৰ চেফৰ ৰানাৰ আপ শান্তা শৰ্মা আৰু শোণিতপুৰ জিলাৰ আৰক্ষী অধীক্ষক সুশান্ত বিশ্ব শৰ্মা উপস্থিত থাকে৷
12. শিৱসাগৰ মহাবিদ্যালয় খেলপথাৰত মন্ত্ৰী অতুল বৰা আৰু সাংসদ তপন গগৈয়ে কান্ধত ঢোল লৈ বিহু জুৰিলে।
লগতে উপস্থিত থাকে দেৱব্ৰত শইকীয়া৷
13. লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখত থকা এম্বুলেন্সৰ পৰা সুৰা জব্দ কৰা হয়।
এম্বুলেন্স খনৰ পৰা জব্দ কৰে ভাঙৰ লগতে চোকা অস্ত্ৰ।
14. দুলীয়াজানত বোৱাৰী হত্যাক কেন্দ্ৰ কৰি ডিৰিয়াল চাহ বাগিচাৰ নতুন লাইনত উত্তপ্ত পৰিস্থিতি।
বাসন্তী গোৱালা নামৰ ন-বোৱাৰীৰ ৰহস্যজনক মৃত্যু।
তিনি মাহ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল বাসন্তী গোৱালা।
স্বামী ৰাজীৱ গোৱালা আৰু পিতৃক আটক কৰি জেৰা আৰক্ষীৰ।
15. দক্ষিণ থাইলেণ্ডত পুনৰ গুলীচালনাৰ ভয়ংকৰ ঘটনা।
গুলীচালনাত ৪জন লোকৰ মৃত্যু হয়।
16. বহিঃৰাজ্যৰ পৰা আমদানি কৰা ব্ৰয়লাৰ জব্দ কৰা হৈছে।
তামাৰহাটত ৰাইজে জব্দ কৰি ব্ৰয়লাৰ কঢ়িওৱা দুখনকৈ বাহন গতাই দিয়ে আৰক্ষীক।
17. কেৰালাৰ ক’ভিড সংক্ৰমণে উদ্বিগ্ন কৰিছে সমগ্ৰ দেশক।
দ্ৰুতগতিত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।
বিগত ২৪ ঘণ্টাত ১৮ শতাধিক লোকৰ দেহত ধৰা পৰিছে কৰ’ণাৰ অৱস্থিতি।
18. আজি অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষা।
৬,৩০০ পদৰ বাবে অনুষ্ঠিত হৈছে পৰীক্ষা।
মহানগৰীত মুঠ ৫০টা পৰীক্ষা কেন্দ্ৰত অনুষ্ঠিত হয় লিখিত পৰীক্ষা।
19. মহানগৰীৰ হাতীগাঁৱত বুজন পৰিমাণৰ ড্ৰাগছ জব্দ কৰা হৈছে।
লক্ষ্মীনগৰত আৰক্ষীৰ অভিযান।
অভিযানত ৮০০ গ্ৰাম ব্ৰাউন ছুগাৰ জব্দ কৰা হয়।
20. ফকিৰাগ্ৰামৰ তেঁতেলীগুৰিত অগ্নিকাণ্ড।
দুটাকৈ বাসগৃহৰ লগতে কেইবাটাও পশুধন জুইত ভস্মীভূত।
তেঁতেলীগুৰিৰ খয়বৰ আলীৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা।