৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam/ April 22/2023:-
1. দিল্লীত নতুন আছাম হাউছৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
দ্বাৰকা ছেক্টৰ-১৩ত নিৰ্মাণৰ আধাৰশিলা স্থাপন আছাম হাউছৰ।
অসমৰ পৰা অহা ৰোগী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা হৈছে এই ভৱন।
2. ব্ৰক্ষ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্যবৰ্দ্ধন প্ৰকল্প পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংঘালে।
লগতে নেহৰু পাৰ্ক, ফাঁচি বজাৰৰ পুৰণি কাৰাগাৰ চৌহদো পৰিদৰ্শন কৰে মন্ত্ৰী গৰাকীয়ে।
3. ৬ বছৰৰ বাবে কংগ্ৰেছৰ পৰা অংকিতাক বহিষ্কৃত হল অংকিতা দত্ত।
4. আজি পবিত্ৰ ঈদ-উল-ফিতৰ।
ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত আনন্দ-উছাহৰ ঢল।
সমগ্ৰ দেশৰ লগতে অসমতো পালন কৰা হৈছে পৱিত্ৰ ঈদ।
5. জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকলৈ CBIৰ চমন।
২৭, ২৮ এপ্ৰিলত CBIৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ। দুটাকৈ দুৰ্নীতিৰ গোচৰত চমন জাৰি CBIৰ।
6. আজি বিশ্ব ধৰিত্ৰী দিৱস।
বগীবিল কাৰেং চাপৰিত TMPK ৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস উদযাপন কৰে।
বিশ্ব ধৰিত্ৰী দিৱসৰ লগত সংগতি ৰাখি এক লাখ বৃক্ষ ৰোপন কৰা হয়।
7. হত্যাৰ গোচৰত অভিযুক্ত তেজপুৰৰ ভাস্কৰ নাথক চণ্ডীগড়ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।
প্ৰায় ১বছৰ পূৰ্বে বিশ্বনাথ কাৰাগাৰৰ পৰা পলায়ন কৰিছিল ভাস্কৰ নাথে।
হত্যা, ধৰ্ষণ আদি বিভিন্ন গোচৰত অভিযুক্ত ভাস্কৰ নাথ বন্দী হৈ আছিল বিশ্বনাথ কাৰাগাৰত।
8. নগাঁৱৰ মিছাত ড্ৰাগছ মাফিয়ালৈ আৰক্ষীৰ গুলীচালনা।
পলাবলৈ চেষ্টা কৰোঁতেই আৰক্ষীয়ে গুলীয়ালে ছাদ্দাম হুছেইন নামৰ ড্ৰাগছ মাফিয়াটোক।
9. কংগ্ৰেছত চলে নেপ’টিজ’ম।
কুকুৰৰ সন্মান আছে, নাৰীৰ সন্মান নাই কংগ্ৰেছত।
অংকিতা দত্তক কংগ্ৰেছৰ পৰা বহিষ্কাৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জুৰি শৰ্মা বৰদলৈৰ ।
10. জম্মু-কাশ্মীৰ পুঞ্চত ৫ ভাৰতীয় সেনাক হত্যা সন্ত্ৰাসবাদীৰ।
ইফতাৰৰ বাবে ফল লৈ গৈছিল সেনা জোৱানসকলে।
যিখন গাৱৰ বাবে ফল লৈ গৈছিল সেই গাঁওখনে আজি পালন কৰা নাই ঈদ।
11. বৰঝাৰ বিমান বন্দৰত জব্দ কৰা হৈছে ডেৰ কিলোগ্ৰাম সোণ।
গুৱাহাটীৰ পৰা দিল্লীলৈ সৰবৰাহৰ সময়তে জব্দ কৰে সোণখিনি।
এয়াৰ এছিয়াৰ বিমান যোগে সৰবৰাহৰ চেষ্টা কৰিছিল।
12. শিলচৰত আৰক্ষীৰ অভিযান।
চোৰাং গৰুসহ আৰক্ষীৰ জালত গভাইত গৰুচোৰ।
অভিযানত জব্দ কৰে ৬টাকৈ গৰুসহ এখন মেজিক বাহন।
13. ৰাজ্যত পুনৰ এনকাউণ্টাৰৰ ঘটনা।
কলিয়াবৰৰ হাটবাগনত আৰক্ষীৰ গুলীত আহত হয় ড্রাগছ সৰবৰাহকাৰী।
নিশা আন্ধাৰৰ সুযোগ লৈ পলাবলৈ চেষ্টা কৰিছিল সৰবৰাহকাৰীটোৱে।
14. ২৬,২৭,২৮ মে’ত অনুস্থিত হ’ব সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ পঞ্চদশ কেন্দ্ৰীয় অধিৱেশন।
সংবাদমেলযোগে এই কথা জনালে অধিৱেশনৰ অভ্যৰ্থনা সমিতিয়ে।
15. ‘বিজেপিৰ সৈতে অংকিতা দত্তৰ কোনো সম্পৰ্ক নাই আৰু অদূৰ ভৱিষ্যতেও থাকিব বুলি মই নাভাবো’।
কংগ্ৰেছ পৰা অংকিতা দত্তক বহিষ্কাৰৰ পাছতে এই মন্তব্য মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
লগতে কংগ্ৰেছে নিজৰ সমস্যা সমাধান নকৰিলে যিহেতু পুলিচে এতিয়া পুলিচৰ কাম কৰিবই বুলিও উল্লেখ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
16. দিল্লী-মুম্বাইত স্থাপন কৰা হ’ব ৰংঘৰ, কাৰেংঘৰৰ আৰ্হি।
অসমৰ গাঁৱৰ পৰিৱেশ সৃষ্টি কৰা হ’ব দিল্লী-মুম্বাইত।
দিল্লীত সাংবাদিকৰ সন্মুখত প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
17. অসম কৃষি বিশ্ববিদ্যালয়ত ‘জলবায়ু পৰিৱৰ্তিত পৰিস্থিতিত জৈৱবৈচিত্ৰ, খাদ্য-সুৰক্ষা আৰু বহনক্ষমতা ‘ শীৰ্ষক আন্তঃৰাষ্ট্ৰীয় সন্মিলন।
২৫-২৮ এপ্ৰিললৈ চাৰিদিনীয়াকৈ অনুষ্ঠিত হ’ব সন্মিলন।
১৭খন ৰাষ্ট্ৰৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰাৰ লগতে সমগ্ৰ বিশ্বৰ ২০০খন প্ৰতিষ্ঠানৰ পৰা ৯৫০খন গৱেষণা পত্ৰ উপস্থাপন কৰা হ’ব সন্মিলনত।
উপস্থিত থাকিব অসমৰ ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া, ফিলিপাইনছৰ আন্তঃৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড: জীন বেলী, বাংলাদেশ ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক প্ৰধান ড: ছাহজাহান কবীৰ।
18. বৈঠালাংছ’ৰ তুম্প্ৰক গাঁৱত বুজন পৰিমাণৰ চোৰাং কাঠ জব্দ কৰা হয়।
বন বিভাগৰ অভিযানত টাটা মোবাইলসহ জব্দ কৰে কাঠখিনি।
অভিযানকাৰী দলটোক দেখি বাহন এৰি পলায়ন চালক-সৰবৰাহকাৰীৰ।
19. পঞ্চভূতত বিলীন হ’ল পুঞ্চৰ পঞ্চ শ্বহীদ।
বৃহস্পতিবাৰে কাশ্মীৰৰ পুঞ্চ জিলাৰ ৰাজৌৰী ছেক্টৰত সংঘটিত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনাত শ্বহীদ হৈছিল ৫জনকৈ জোৱান।
আজি নিজ নিজ গৃহভূমিলৈ আনি সামৰিক মৰ্যাদাৰে সম্পন্ন কৰা হয় বীৰ জোৱানসকলৰ অন্ত্যেষ্টিক্ৰিয়া।
20. তৃতীয় বাৰ্ষিক মাতৃ ৰঙালী বিহু সন্মিলন।
গুৱাহাটীৰ বামুণীমৈদামস্থিত আৰপি এফ খেলপথাৰত অনুষ্ঠিত হৈছে এই সন্মিলনখন।
পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰে বিধায়ক অতুল বৰাই।