৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam April 28/2023:-
1. গুৱাহাটীৰ ৰাজভৱনত সম্প্ৰচাৰ হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ৰ ১০০তম খণ্ড।
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ উদ্যোগত ৩০ এপ্ৰিলত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
2. অৱসৰপ্ৰাপ্ত বাতৰি পৰিৱেশক হিৰণ দত্তৰ দেহাৱসান৷
ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হয় হিৰণ দত্তৰ ৷
আকাশবাণী দিল্লীৰ অসমীয়া বাতৰি পৰিৱেশক আছিল দত্ত৷
দিল্লীত ৭৬ বছৰ বয়সত শেষনিশ্বাস ত্যাগ কৰে হিৰণ দত্তই।
3. সাংসদ পুঁজি কেলেংকাৰীৰ গোচৰত ইতিমধ্যে সাংসদ অজিত কুমাৰ ভূঞালৈ জাননী প্রেৰণ CM ভিজিলেন্সৰ।
লগতে জাননী প্রেৰণ ৪ ACS বিষয়ালৈয়ো।
শীঘ্রেই জেৰাৰ সন্মুখীন হ’ব লাগিব সাংসদগৰাকীৰ লগতে ৪ ACS বিষয়া।
4. ৭ মে’ৰ পৰা বন্ধ থাকিব ডিব্ৰুগড়ৰ প্ৰথমখন উৰণ সেতু৷
নতুনকৈ নিৰ্মাণ হ’ব চৌকিডিঙী সংযোগী উৰণ সেতুখন৷
পূৰ্বতকৈ ওখ আৰু দীঘলকৈ কৰা হ’ব পুনৰ নিৰ্মাণ৷
অনিৰ্দিষ্টকালৰ বাবে বন্ধ থাকিব উৰণ সেতুখন৷
৪ মাহৰ বাবে বন্ধ থাকিব ডিব্ৰুগড়ৰ টাউন ৰে’লৱে ষ্টেচন৷
5. ‘হিমন্ত বিশ্ব শৰ্মা over confidence হৈ আছে, ইমান over confidence হ’ব নালাগে।’
হিমন্ত বিশ্ব শৰ্মাই মুছলিম বিৰোধী এটিটিউড লৈ আছে, এইটোৱে তেখেতক এদিন ক্ষতি কৰিব”- মন্তব্য বদৰুদ্দিন আজমলৰ।
6. দুলীয়াজানৰ টেঙাখাতস্থিত ১৯নং অসম আৰক্ষীৰ চাউনীত সশস্ত্ৰ আৰক্ষী শাখাৰ ১১৭ সংখ্যক গোটৰ দীক্ষান্ত পেৰেড সমাৰোহ।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা আৰু বহু গণ্য মান্য ব্যক্তি।
7. ‘বধাই দো’ ছবিৰ বাবে শ্ৰেষ্ঠ কাহিনী আৰু শ্ৰেষ্ঠ চিত্ৰনাট্যৰ শিতানত ফিল্মফেয়াৰ বঁটা লাভ কৰিলে অসম সন্তান সুমন অধিকাৰীয়ে।
8. CCE MAINS পৰীক্ষা পিছুৱাবলৈ APSCৰ কৰ্তৃপক্ষলৈ আছুৰ পত্ৰ৷
জুন মাহত বিশ্ববিদ্যালয়সমূহত চলি থাকিব স্নাতকোত্তৰ পৰীক্ষা৷
যাৰ বাবে পৰীক্ষা পিছুৱাবলৈ APSCৰ কৰ্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰে আছুৱে৷
9. কোকৰাঝাৰ জিলাৰ ফকিৰাগ্ৰামৰ শান্তি আশ্ৰম উঃ মাঃ বিদ্যালয়ৰ ৭৫সংখ্যক প্ৰতিষ্ঠা দিৱস।
উপস্থিত থাকে ফকিৰাগ্ৰাম পৰিষদীয় সমষ্টিৰ পৰিষদীয় সদস্য তথা BTR চৰকাৰৰ স্বাস্থ্য বিভাগৰ EM অৰূপ কুমাৰ দে’।
ঐতিহস্যমণ্ডিত বিদ্যালয়খনৰ শিক্ষক-শিক্ষাৰ্থীৰ সহায়ক হোৱাকৈ পাৱাৰ জেনেৰেটৰ প্ৰদান কৰাৰ কথা ঘোষণা কৰে EM গৰাকীয়ে।
10. চামগুৰিত কণ্ঠশিল্পী দীপলিনা ডেকাৰ বাদ্যযন্ত্ৰীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত।
নিশা লখিমপুৰৰ সংগীতানুষ্ঠানৰ পৰা গুৱাহাটীলৈ আহি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত ইন’ভা বাহন।
ভুল দিশেৰে আহি থকা ট্ৰাকৰ সৈতে বাহনখনৰ মুখামুখি সংঘৰ্ষ ।
দুৰ্ঘটনাৰ ফলত সামান্য পৰিমাণে আহত হয় দীপলিনাৰ ৪গৰাকী বাদ্যযন্ত্ৰী।
11. মনিপুৰৰ চোৰাছান্দপুৰ জিলাত উত্তপ্ত পৰিস্থিতি।
ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনত ইণ্টাৰনেট সেৱা কৰ্তন, জাৰি কৰা হৈছে সান্ধ্য আইন।
পুৱা ৮ বজাৰ পৰা ITLFৰ ৮ ঘণ্টীয়া জিলা বন্ধ ঘোষণা।
এই বন্ধৰ প্ৰাক সন্ধ্যা চোৰাছান্দপুৰত সৃষ্টি হয় উত্তেজনাৰ।
নৱনিৰ্মিত ৰাজহুৱা জিমখানাত অগ্নিসংযোগ কৰে ক্ষুব্ধ জনতাই।
12. সোণাপুৰৰ পূৰ্বাঞ্চল চিমেণ্ট উদ্যোগত প্ৰশাসনৰ উচ্ছেদ৷
সোণাপুৰ ৰাজহ চক্ৰ বিষয়াৰ নেতৃত্বত উচ্ছেদ অভিযান৷
উদ্যোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে ৩০ বিঘা ভূমি বেদখলৰ অভিযোগ৷
বেদখলীকৃত ভূমিত মজুত ৰাখিছিল চিমেণ্ট প্ৰস্তুতত ব্যৱহৃত কেঁচা সামগ্ৰী৷
13. চচলত ধৰ্ণা কাৰ্যসূচী৷
প্ৰতিবাদত বহিল ৮টাকৈ ছাত্ৰ সংগঠন৷
‘ছেবা ৰক্ষাৰ সংকল্প’ নামেৰে ধৰ্ণা কাৰ্যসূচী৷
ছেবাৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ তদন্তৰো দাবী প্ৰতিবাদকাৰীৰ৷
14. মাজবাটৰ গেৰুবাৰীত শোকাৱহ ঘটনা।
মাজবাটৰ গেৰুবাৰীত ৰে’লৰ খুন্দাত নিহত হয় ২ শিশুসহ মহিলা।
বৰ্তমানেও চিনাক্ত কৰিব পৰা হোৱা নাই নিহত শিশু দুটাৰ পৰিচয়।
15. “AIUDFৰ অক্সিজেন নাপালে বিজেপি অসমত জীয়াই থাকিব নোৱাৰে “- মন্তব্য লুৰিণজ্যোতি গগৈৰ
16. সুৰা বিপণিৰ অনুজ্ঞাপত্ৰৰ নামত প্ৰবঞ্চনা৷
প্ৰবঞ্চক পল্লবী ৰাভাক গ্ৰেপ্তাৰ কৰে ভৰলুমুখ আৰক্ষীয়ে।
কেইবাজনো লোকৰ পৰা অনুজ্ঞাপত্ৰৰ নামত লক্ষাধিক টকা সংগ্ৰহ কৰিছিল পল্লবীয়ে৷
উজ্জ্বল দাস নামৰ এজন লোকৰ এজাহাৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰে পল্লবী ৰাভাক৷
17. গুৱাহাটীত আন এক চাঞ্চল্যকৰ ঘটনা।
অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ কৰা হৈছে এজনৰ মৃতদেহ।
ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
18. নগাঁৱৰ কঠীয়াতলিত জব্দ কৰা হৈছে ম্যানমাৰৰ পৰা গোপনে সৰবৰাহ কৰা জেনেৰেটৰ।
কঠীয়াতলিৰ ৰেং বেঙত নিশা সীমা শুল্ক বিভাগে জব্দ কৰে সৰবৰাহ কৰা জেনেৰেটৰৰ লগতে অন্যান্য সামগ্ৰীসমূহ।
মণিপুৰৰ নৈশ বাছত সৰবৰাহ কৰা হৈছিল সামগ্ৰীসমূহ।
চীনত নিৰ্মাণ কৰা সামগ্ৰী ম্যানমাৰৰ মাজেৰে সৰবৰাহ কৰা হৈছিল গুৱাহাটীলৈ।
19. অসম কৃষি বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি।
‘জলবায়ুৰ পৰিৱৰ্তিত পৰিস্থিতিত জৈৱবৈচিত্ৰ, খাদ্য-সুৰক্ষা আৰু বহনক্ষমতা’ শীৰ্ষক সন্মিলনিত অংশগ্ৰহণ কৰে ২১খন দেশৰ শতাধিক বিজ্ঞানী, ছাত্ৰ-ছাত্ৰী, NGO কৰ্মী, বহুৰ্জাতিক কোম্পানী, প্ৰগতিশীল কৃষকে।
অনুষ্ঠানত উপস্থিত থাকে বাংলাদেশ ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ড° মহম্মদ আব্দুল লতিফ, প্ৰফেছৰ এইচ এছ শ্ৰীবাস্তৱ, প্ৰফেছৰ চি ৰাজশেখৰণ আৰু বহুকেইগৰাকী বিশিষ্ট ব্যক্তি।
20. ‘কলিয়াবৰত নৰেন্দ্ৰ মোদীয়ে প্ৰতিদ্বন্দ্বিতা কৰিলেও জিকিব গৌৰৱ গগৈ’- মন্তব্য সাংসদ আব্দুল খালেকৰ।
Post navigation
Go Top