৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam April 30 / 2023:- 

1. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মন কী বাত’ অনুষ্ঠানৰ আজি শততম খণ্ড।
বিজেপি ৰাজ্যিক কাৰ্যালয়ত আয়োজন কৰা হয় ‘মন কী বাত’ অনুষ্ঠান।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা আৰু বহু গণ্যমান্য ব্যক্তি।

2. উত্তৰ-পূৱত প্ৰথমবাৰৰ বাবে ‘North East Regatta Festival 2023’ ৷
শ্বিলঙৰ উমিয়াম ৱাটাৰ স্প’ৰ্টচ কমপ্লেক্সত অনুষ্ঠিত হব এই মহোৎসৱ৷
ক্ৰীড়া আৰু পৰ্যটনৰ প্ৰসাৰৰ লক্ষ্যৰে চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হব এই মহোৎসৱ৷

3. ৩-৪ মে’ত ঘোষণা হব তৃতীয়-চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাৰ ফলাফল৷
৯ মে’ত বিতৰণ কৰা হ’ব বিভাগ৷
১১ মে’ত একেলগে ৫০ হাজাৰ চৰকাৰী চাকৰিৰ নিযুক্তি পত্ৰ বিতৰণ কৰা হব।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিলে এই তথ্য৷

4. মানকাচৰৰ কানাইমাৰা, ফুলেৰচৰত জল জীৱন মিছন আঁচনিৰ শুভাৰম্ভ৷
শুভাৰম্ভ কৰে জিলা উপায়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে৷
এই আচঁনিখনৰ পৰা উপকৃত হব ৮ শতাধিক পৰিয়াল।

5. ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীৰ বাবে ১০ শতাংশ সংৰক্ষণৰ ব্যৱস্থা।
অৰ্থনৈতিকভাৱে পিছ পৰা শ্ৰেণীক সুবিধা দিয়াৰ বাবে এই সিদ্ধান্ত।
অৱশ্যে ৰাজহ চক্ৰ বিষয়াই দিয়া EWSৰ প্ৰমাণ পত্ৰ সংশ্লিষ্ট বিত্তীয় বৰ্ষৰ বাবে প্ৰযোজ্য হ’ব।
নিৰ্দেশনা কৰ্মচাৰী বিভাগৰ প্ৰধান সচিব নীৰজ বাৰ্মাৰ।

6. সোণাৰিত অনুষ্ঠিত বীৰাংগনা মূলাগাভৰু স্মৃতি দিৱস।
উলিওৱা হৈছে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা।
শোভাযাত্ৰাত অংশগ্ৰহণ কৰে কণ্ঠশিল্পী জ্যোতিমালা বুঢ়াগোহাঁই, অভিনেতা নয়ন নীলিমে।
উক্ত অনুষ্ঠানত লাভলীনা বৰগোঁহাইক “বীৰাংগনা মূলাগাভৰু বঁটা” প্ৰদান কৰে।

7. ডিব্ৰুগড়ৰ INDORE SPORTS HALLত ৩ দিনীয়াকৈ অনুষ্ঠিত হৈছে সদৌ অসম আন্তঃবিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা।
উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিধায়ক প্ৰশান্ত ফুকন আৰু বহু গণ্যমান্য ব্যক্তি।

8. দুলীয়াজান মহাবিদ্যালয়ত তিনিদিনীয়া কাৰ্যসূচীৰে অসম বিজ্ঞান সমিতিৰ ৫৪সংখ্যক অধিৱেশন।
আয়োজন কৰা হৈছে গ্ৰন্থমেলা, বিজ্ঞান প্ৰদৰ্শনীৰ।
গ্ৰন্থমেলা মুকলি কৰে বিধায়ক তেৰছ গোৱালাই, বিজ্ঞান প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে।
অধিৱেশনত অংশগ্ৰহণ কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও বিজ্ঞানী, শিক্ষাবিদৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে।

9. ‘সকলো সমষ্টিত হ’ব জিলা উপায়ুক্তৰ কাম৷
প্ৰতিটো সমষ্টিত স্থাপন কৰা হ’ব উপায়ুক্ত কাৰ্যালয়৷
১২৬টা সমষ্টিতে স্থাপন হ’ব ১২৬টা উপায়ুক্ত কাৰ্যালয়৷
প্ৰতিটো কাৰ্যালয়ৰ দায়িত্বত থাকিব অতিৰিক্ত উপায়ুক্ত৷
১২, ১৩, ১৪ তাৰিখে তিনিচুকীয়াত এই সম্পৰ্কে বিশদ আলোচনা হ’ব।
ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।

10. গোৰেশ্বৰৰ বাঙালীপাৰাত অঘটন৷
কুঁৱা খান্দি থকা অৱস্থাত দুজন শ্ৰমিক মৃত্যু হয়।
প্ৰায় ২০ ফুট দ’ কুৱাত সংঘটিত হয় এই ঘটনা।

11. ডবকাৰ নীলবাগানত বুজন পৰিমাণৰ জাল নোট উদ্ধাৰ কৰা হৈছে।
নীলবাগান আৰক্ষীৰ তালাচীত উদ্ধাৰ কৰে নকল নোটখিনি।
আটক কৰা হৈছে এজন যুৱকক।

12. ‘AIUDF কংগ্ৰেছৰ ভাই ভাই।
গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, আব্দুল খালেকক হৰুৱাৰ ক’ৰ পৰা চলিছে গভীৰ ষড়যন্ত্ৰ’।- মন্তব্য পীয়ুষ হাজৰিকাৰ।

13. নগাঁও আৰু ধিং আৰক্ষীয়ে যুটীয়াভাৱে চলোৱা অভিযানত জব্দ কৰে ২৩,৪৯০ টকা।
ধিঙৰ লালিপথাৰ গাঁৱত বহু পৰিমাণৰ ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে মহিলা সৰবৰাহকাৰীক।
৩টা চাবোনৰ বাকচভৰ্তি ড্ৰাগছৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মজিদা খাতুন নামৰ মহিলাগৰাকীক।

14. এইবাৰ ড্ৰাগছ ব্যৱসায়ী ৰূপত গৃহৰক্ষী জোৱান।
ছটাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰসহ গ্ৰেপ্তাৰ কৰে গৃহৰক্ষী জোৱানক।
গ্ৰেপ্তাৰ হয় গৃহৰক্ষী জোৱান গুঞ্চুলা ওৱাৰী, হৃষণ খাকলাৰী।

15. উন্নয়নৰ নামত পুনৰ গুৱাহাটীৰ ৰাধা গোবিন্দ বৰুৱা পথত থকা গছ কাটি তহিলং৷
পথটোত নিৰ্মীয়মান উৰণ সেতুৰ বাবে নিশাই কাটিলে গছ৷
কাটি পেলোৱা হয় কেইবাজোপা গছ৷
বন মন্ত্ৰীৰ গছ ৰোপণৰ আহ্বানৰ বিপৰীতে কাটি তহিলং কৰিছে গছ৷

16. পঞ্জাৱৰ লুধিয়ানাৰ গিয়াচপুৰাত ভয়ংকৰ ঘটনা৷
গেছ নিৰ্গত হোৱাৰ ফলত মৃত্যু হয় ৬জন ব্যক্তি আৰু অসুস্থ হয় ১০জনৰো অধিক লোক৷

17. বৰ্ণিল সাংস্কৃতিক শোভাযাত্রা নলবাৰী জিলাৰ শোলমাৰা৷
অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতিৰে উলিওৱা হয় এই শোভাযাত্ৰা৷
সদৌ অসম অনুসূচিত জাতি ছাত্র সন্থা আৰু অনুসূচিত জাতি সংগ্রামী যুৱ পৰিষদৰ উদ্যোগত উলিওৱা হয় এই শোভাযাত্রা৷

18. ‘ছিণ্ডিকেট কৰিবলৈ মোৰ সময় নাই৷
হাগ্ৰামা মহিলাৰীৰ দিনতহে ছিণ্ডিকেট চলিছিল৷
এদিন দুয়ো শ্ৰীৰামপুৰলৈ যাম, তাত কোনে, কি কৰে তেতিয়া ওলাই পৰিব’৷
BTRৰ ছিণ্ডিকেট সন্দৰ্ভত প্ৰমোদ বড়োৰ মন্তব্য৷

19. কাছাৰৰ বিন্নাকান্দিত আৰক্ষীৰ জালত এজন পঞ্চায়ত সচিব।
চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগত গ্রেপ্তাৰ হয় সচিবজন।
ধৃত বোয়ালিচেংজুৰ জি পিৰ পঞ্চায়ত সচিব ৰতিশ ধৰ ।

20. বৰপেটাৰোডত ৩ দুৰ্ধৰ্ষ চোৰাং চিকাৰীক গ্রেপ্তাৰ কৰা হৈছে।
ধৃত চিকাৰীকেইটাৰ পৰা বাঘৰ ছাল, হাড় উদ্ধাৰ কৰা হয়।
মানাহ ৰাষ্ট্রীয় উদ্যানৰ লাবদাংগুৰি অঞ্চলৰ পৰা গ্রেপ্তাৰ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *