৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam May 17/2023:- 

1. মে’ মাহৰ ভিতৰতে ঘোষণা হ’ব মেট্ৰিক পৰীক্ষাৰ ফলাফল ।
HSপৰীক্ষাৰো ফলাফল ঘোষণা হ’ব চলিত মাহতে ।
ইংৰাজী মাধ্যমৰ বিদ্যালয় সমূহতো বাধ্যতামূলক হব অসমীয়া- সংবাদ মাধ্যমক জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

2. কৰ্ণাটকৰ নতুন মুখ্যমন্ত্ৰী হ’ব ছিদ্দাৰামায়া।
শীঘ্ৰেই আনুষ্ঠানিক ঘোষণা কৰিব কংগ্ৰেছে।
৪ দিন মন্থনৰ অন্তত AICCয়ে ল’লে সিদ্ধান্ত।
ডি কে শিৱকুমাৰ হ’ব পাৰে উপ-মুখ্যমন্ত্ৰী।
কাইলৈ কৰ্ণাটকৰ নতুন চৰকাৰৰ হব শপত গ্ৰহণ।

3. প্ৰাক্তন ক্ৰিকেটাৰ তথা BCCIৰ প্ৰাক্তন অধ্যক্ষ সৌৰভ গাংগুলীৰ নিৰাপত্তা বৃদ্ধি কৰিছে পশ্চিমবংগ চৰকাৰে।
সৌৰভ গাংগুলীক প্ৰদান কৰা হৈছে Z শ্ৰেণীৰ নিৰাপত্তা।
পূৰ্বে Y শ্ৰেণীৰ নিৰাপত্তা লাভ কৰিছিল ক্ৰিকেটাৰগৰাকীয়ে।

4. নলবাৰী জিলা বিজেপিৰ টাউন মণ্ডলৰ নেত্ৰীক নৃশংস হত্যা ।
স্বামীয়ে কোবাই কোবাই হত্যা কৰাৰ অভিযোগ উঠিছে।
নিহত চামচিয়াৰা বেগম বিজেপিৰ টাউন মণ্ডলৰ মহিলা মৰ্চাৰ সাধৰণ সম্পাদিকা আছিল।

5. ‘CIDক তদন্তৰ দায়িত্ব দিয়া হৈছে, মই একো মন্তব্য নকৰো।’
জোনমণি ৰাভাৰ মৃত্যুৰ পাছত সংবাদমেলত প্ৰথম প্ৰতিক্ৰিয়া নগাঁৱৰ SP লীনা দলেৰ।

6. আজি গুৱাহাটী প্ৰেছ ক্লাৱত এই বঁটা প্ৰদান অনুষ্ঠান।
‘দ্য ৱায়াৰ’ সংবাদ গোষ্ঠীৰ প্ৰখ্যাত সাংবাদিক, নেশ্যনেল এফেয়াৰ্ছ এডিটৰ আৰু চীফ অফ ব্যুৰ’ সংগীতা বৰুৱা পিছাৰটিক ‘পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা’ প্ৰদান কৰে।

7. লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগক বদলিৰ নিৰ্দেশ গৃহ বিভাগৰ।
গাঁওৰক্ষী বাহনীৰ মুখ্য নিয়ন্ত্ৰকৰূপে বদলি ৰুণা নেওগক।
দীৰ্ঘদিন ধৰি লখিমপুৰ সদৰ থানাতে আছিল নেওগ।

8. অচিৰেই অসমত বন্ধ হ’ব ৩০০ খন মাদ্ৰাছা, ইতিমধ্যে তালিকাভুক্ত হৈছে বন্ধ হ’বলগীয়া মাদ্ৰাছাৰ নাম।
তিনিচুকীয়াৰ বৰগুৰিত এক কাৰ্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য।

9. মণিপুৰলৈ আহিব কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
লগতে আহিব কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বও।
পৰ্যৱেক্ষণ কৰিব ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতি।

10. প্ৰতিখন আৰক্ষী চকীৰ ভিতৰে-বাহিৰে CCTV লগাব লাগে।
জোনমণি ৰাভাৰ মৃত্যুক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীলৈ এই আহ্বান কংগ্ৰেছৰ মুখপাত্ৰ বৰ্ণালী ফুকনৰ।
তেতিয়া বহুতো জোলোঙাৰ মেকুৰী ওলাই পৰিব।

11. পশ্চিম ৰ্কাবি আংলঙৰ খেৰণিত মনসা পুজাৰ প্ৰসাদত বিষক্ৰিয়া।
বুট-মাহ খাই অসুস্থ হৈ পৰে ৫০ৰো অধিক লোক।
ইয়াৰ ভিতৰত আছে শিশু তথা বয়োজ্যেষ্ঠও।

12. তেজপুৰত পথ দুৰ্ঘটনাত ছাত্ৰৰ কৰুণ মৃত্যু।
মৰাভৰলীৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই গছত খুন্দা বাইকৰ।
ফলত প্ৰাণ হেৰুৱালে তেজপুৰ মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ ইমাম আলীয়ে।

13. বিজুলী ভৱনৰ সন্মুখত আছাম ষ্টেট ইলেকট্রিচিটী ছাপ্লাই ৱর্কার্ছ ইউনিয়নৰ উদ্যোগত প্রতিবাদী কার্যসূচী।
অস্থায়ী বিদ্যুৎ কর্মচাৰীৰ চাকৰি নিয়মীয়াকৰণৰ দাবীত বিদ্যুৎ কর্মচাৰীৰ দিনজোৰা অৱস্থান কার্যসূচী।
NPS বাতিল কৰি OPS প্রৱর্তন, বিদ্যুৎ কর্মচাৰীৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ দাবীৰে প্রতিবাদ সাব্যস্ত কৰে শতাধিক বিদ্যুৎ কর্মচাৰীয়ে।

14. কলিয়াবৰত দুই ড্ৰাগছ আসক্তক কৰায়ত্ত।
জখলাবন্ধা মেডিকেল হাস্পতালত স্থানীয় ৰাইজে ড্ৰাগছ আসক্ত বিশাল বণি আৰু পুতলা শৰ্মাক ধৰি গতাই দিয়ে আৰক্ষীক।
দুয়োৰে পৰা জব্দ কৰা হৈছে ড্ৰাগছভৰ্তি কণ্টেইনাৰ।
ড্ৰাগছ সৰবৰাহতো জড়িত ধৃত বিশাল।

15. ৰাজ্যত পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ।
ধেমাজিৰ বঙালমাৰীত ডকাইতলৈ গুলী।
আৰক্ষীৰ গুলীত আহত হয় কেশৱ নাথ নামৰ ডকাইতটো।
আক্ৰমণ কৰি পলাবলৈ লওঁতেই ডকাইতটোক গুলীয়ালে আৰক্ষীয়ে।
সম্প্ৰতি ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন গুলীবিদ্ধ ডকাইতটো।

17. তিতাবৰৰ বান্দৰচলিয়াত বিধ্বংসী অগ্নিকাণ্ড।
নিশা প্ৰায় ১২ বজাত সংঘটিত এই ঘটনাৰ ফলত ভস্মীভূত ১৫খনৰো অধিক ব্যৱসায়িক প্ৰতিষ্ঠান।
জ্বলি ছাৰখাৰ হয় প্ৰায় ৪০ লাখ টকাৰ সা-সম্পত্তি।

18. বোকাখাতৰ বৰজুৰিত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰা হৈছে।
ব্ৰাউন ছুগাৰসহ আৰক্ষীৰ জালত পৰিল মহম্মদ আলী হুছেইন আৰু বিপুল দাস নামৰ সৰবৰাহকাৰী দুটা।
দুয়োৰে পৰা ড্ৰাগছৰ লগতে আৰক্ষীয়ে জব্দ কৰে এখন ছুইফট ডিজায়াৰ বাহনো।

18. কামপুৰৰ এখন বিদ্যালয়ত খাদ্যত বিষক্রিয়া।
ৰজাগাঁও দক্ষিণ জৰবাগান এল পি স্কুলত সংঘটিত এই ঘটনা।
মধ্যাহ্ন ভোজন গ্রহণ কৰাৰ পিছতে অসুস্থ ৫০ৰো অধিক ছাত্র-ছাত্রী।
শিঙিমাৰী ৰাজ্যিক চিকিৎলয়ত ভৰ্তি কৰোৱা হয়।

19. হাইলাকান্দিত জব্দ বুজন পৰিমাণৰ বাৰ্মিজ চুপাৰি।
আৰক্ষীয়ে জব্দ কৰে ২৩৩ বস্তা বাৰ্মিজ চুপাৰি।

20. বৰপথাৰৰ পাভজানত ছাত্ৰ অপহৰণৰ ঘটনা।
চাইকেলৰ চেইন উঠাই থকা অৱস্থাত অপহৰণ কৰে ছাত্ৰক।
বাহনৰ গ্লাছ ভাঙি পলায়ন কৰে অপহৃত ছাত্ৰই।

Leave a Reply

Your email address will not be published. Required fields are marked *