৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam May 18/2023:- 

1. দেশৰ আইনমন্ত্ৰী হিচাপে অৰ্জুন ৰাম মেঘৱালক নিযুক্তি।
কিৰেণ ৰিজিজুক দিয়া হৈছে ভূ-বিজ্ঞান মন্ত্ৰালয়ৰ দায়িত্ব।

2. তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি বুজ ল’লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
ৰাষ্ট্ৰীয় মেডিকেল আয়োগৰ স্বীকৃতিৰ বাবে ১০ ছেপ্টেম্বৰৰ ভিতৰত ৮০% কাম সম্পূৰ্ণ হ’ব লাগিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

3. উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ এগৰাকী চৰকাৰী বিষয়া।
চি এম ভিজিলেন্সৰ জালত পৰে সহকাৰী ৰাজ্যিক কৰ আয়ুক্ত মিনাক্ষী কাকতি কলিতা।
মহানগৰীৰ কৰ ভৱনৰ কাৰ্যালয়ৰ পৰা গ্ৰেপ্তাৰ কৰে আয়ুক্তগৰাকীক।
আনহাতে লাট মণ্ডল মহেন্দ্ৰ নাথক গ্ৰেপ্তাৰ চি এম ভিজিলেন্সৰ।
ধন লোৱাৰ সময়তে নগৰবেৰা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা হাতে-লোটে গ্ৰেপ্তাৰ মহেন্দ্ৰ নাথক।

4. হাৰিয়ানাৰ ৰাজনীতিৰ বাবে দুঃখবৰ।
প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী তথা আম্বালাৰ বিজেপি সাংসদ ৰতন লাল কাটাৰিয়াৰ মৃত্যু হয়।
পুৱা চণ্ডীগড়ৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বৰ্ষীয়ান ৰাজনৈতিক নেতাগৰাকীয়ে।

5. SI জোনমণি ৰাভাৰ মৃত্যুৰ পাছতে নগাঁও আৰক্ষীয়ে ১৪৮জন কনিষ্টবলক বদলি কৰে।

6. লখিমপুৰ বিজেপিৰ কোষাধ্যক্ষ পদত নকল সোণৰ বেপাৰী।
বেপাৰীটোৰ নাম আবু চহিদ ওৰফে লম্বু।
বৰ্তমান জিলা সংখ্যালঘু মৰ্চাৰ কোষাধ্যক্ষৰ পদত আবু চহিদ।

7. টীয়কৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাত এজনৰ মৃত্যু।
বাহনসহ জগদুৱাৰ নদীত সোমাই পৰে লোকজন।
ফলত ভাস্কৰজ্যোতি বৰ্মন নামৰ লোকজনৰ থিতাতে মৃত্যু হয়।
ONGCত কৰ্মৰত এজন বিষয়া ভাস্কৰজ্যোতি বৰ্মন।
শিৱসাগৰৰ পৰা যোৰহাটলৈ আহি থকা অৱস্থাতে সংঘটিত হয় দুৰ্ঘটনাটো।

8. গুৱাহাটী ছয়মাইলত TMCৰ প্ৰতিবাদী কাৰ্যসূচী।
গুৱাহাটী পৌৰ নিগমে বৃদ্ধি কৰা সম্পত্তি কৰৰ বিৰুদ্ধে প্ৰতিবাদ।
প্ৰতিবাদত অংশগ্ৰহণ কৰে TMCৰ সভাপতি ৰিপুণ বৰাই।

9. অসমবাসীৰ বাবে সুখবৰ।
ঝাৰখণ্ডত চলি থকা ২৬সংখ্যক ৰাষ্ট্ৰীয় ফেডাৰেচন কাপ ছিনিয়ৰ এথলেটিকছ চেম্পিয়নশ্বিপৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ পদক লাভ কৰে অম্লানৰ বৰগোহাঁয়ে।

10. শোণিতপুৰৰ চাৰিদুৱাৰত আৰক্ষীৰ অভিযান।
গুদামঘাটত এজন লোকৰ বাসগৃহৰ পৰা ১ কেজি নকল সোণ জব্দ কৰা হয়।
ছামচুল আলী নামৰ লোকজনৰ বাসগৃহৰ পৰা জব্দ কৰে আৰ গ্রেপ্তাৰ কৰে।
লখিমপুৰৰ বঙালমৰাৰ পৰা আনিছিল নকল সোণখিনি।

11. গোলাঘাটৰ চ’ক বজাৰত ভয়ংকৰ অগ্নিকাণ্ড।
এখন পাট-মুগাৰ কাপোৰৰ দোকানৰ পৰা জুইৰ সূত্রপাত হয়।
অগ্নিকাণ্ডত কেইবাখনো দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হয়।

12. কামপুৰৰ ৰজাগাঁও দক্ষিণ জৰবাগান LP স্কুলত ভয়ংকৰ ঘটনা।
ফেনাইলেৰে খাদ্য ৰান্ধিলে ৰান্ধনিয়ে।
খাদ্যৰ বিষক্ৰিয়াত অসুস্থ শতাধিক ছাত্ৰ-ছাত্ৰী।

13. গোৱালপাৰাত ড্ৰাগছসহ গ্ৰেপ্তাৰ হ’ল ৩টাকৈ সৰবৰাহকাৰী।
কৃষ্ণাই আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰিলে ৰাজ হুছেইন, দিলৱাৰ হুছেইন আৰু মইনাল হক নামৰ ড্ৰাগছ সৰবৰাহকাৰীকেইটাক।
তিনিওৰে পৰা জব্দ কৰা হৈছে হেৰ’ইন, এখন চাৰিচকীয়া বাহন, বাইকৰ লগতে মোবাইল ফোন।

14. মুষলধাৰ বৰষুণৰ ফলত ভয়ংকৰ বান।
ইটালীৰ ভিন্ন প্ৰান্তত হাহাকাৰ পৰিস্থিতি।
বানৰ ফলত মৃত্যু ঘটিছে ৮জনৰো অধিক লোকৰ।
আবদ্ধ হৈ আছে কেইবাহাজাৰ লোক।
অব্যাহত আছে উদ্ধাৰ অভিযান।

15. ‘ৰাৱণে সীতা হৰণ কৰিছিল, চৰকাৰে অসমৰ জনসাধাৰণৰ নিদ্ৰাহৰণ কৰিছে।
এইখন নিদ্ৰহৰণকাৰী চৰকাৰ।’ – মন্তব্য APCCৰ সভাপতি ভূপেন বৰাৰ।

16. মধ্যপ্ৰদেশৰ শ্বাহজাপুৰত এক মৰ্মান্তিক দুৰ্ঘটনা।
ট্ৰেক্টৰ ট্ৰলী আৰু যাত্ৰীবাহী বাছৰ মাজত সংঘটিত ভয়ংকৰ সংঘৰ্ষত নিহত হয় ৪ জন যাত্ৰী।
গুৰুতৰভাৱে আহত হয় বাছখনত থকা আন ১৫ জন যাত্ৰী।
দুৰ্ঘটনাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

17. ছুপাৰি কিলাৰে হত্যা কৰিলে ৩৫ বছৰীয়া মহিলাক।
৭১ বছৰীয়া স্বামীয়ে হত্যা কৰে।
বিগত বৰ্ষৰ নৱেম্বৰ মাহত বিয়া হৈছিল মহিলাগৰাকী।
ক্ষত-বিক্ষত অৱস্থাত উদ্ধাৰ কৰে মহিলাগৰাকীৰ মৃতদেহ।
বিশেষভাৱে সক্ষম ৪৫ বছৰীয়া পুত্ৰৰ চোৱা-চিতা কৰিব বুলিয়ে এছ কে গুপ্তা নামৰ লোকজনে বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকীৰ সৈতে।

18. “ভাৰতত বূল্যবৃদ্ধি কমেই হৈছে।
মূল্যবৃদ্ধিক লৈ আমেৰিকাইয়ো যুঁজিব লগা হৈছে”- মন্তব্য ৰূপজ্যোতি কুৰ্মীৰ।

19. ‘এজন বিধায়কৰ পৰা এনেকুৱা আচৰণ অসমবাসীয়ে কেতিয়াও নিবিচাৰে।
তেওঁৰ বিৰুদ্ধে গৃহবিভাগ, অসম আৰক্ষীয়ে বিহিত ব্যৱস্থা ল’ব লাগে।’
বিধায়ক শ্বেৰমান আলীয়ে দেহৰক্ষীক গুলী ফুটাবলৈ নিৰ্দেশ দিয়া সন্দৰ্ভত মন্তব্য জাকিৰ হুছেইন শিকদাৰৰ।

20. পল্টনবজাৰ আৰক্ষীয়ে আটক কৰে ভিক্টৰ দাসক।
ভিক্টৰৰ বিৰুদ্ধে প্ৰতিষ্ঠানৰ কৰ্মচাৰীক প্ৰহাৰ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হয় ভিক্টৰ দাস।

Leave a Reply

Your email address will not be published. Required fields are marked *