৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam May 20/2023:- 

1. নগাঁৱত নৱনীত মহন্তক আৰক্ষী অধীক্ষকৰ দায়িত্ব,
লখিমপুৰত আনন্দ মিশ্ৰক আৰক্ষী অধীক্ষকৰ দায়িত্ব আৰু লীনা দলেক হাইলাকান্দিৰ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে।

2. ৰাজ্যৰ শিক্ষক-শিক্ষয়িত্ৰীৰ ক্ষেত্ৰত শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
কৰ্তব্যৰত অৱস্থাত পৰিধান কৰিব নোৱাৰিব জিনছ, টি ছাৰ্ট, লেগিংছ।
এই নিৰ্দেশনা অমান্য কৰা শিক্ষকৰ বিৰুদ্ধে গ্ৰহণ কৰিব শাস্তিমূলক ব্যৱস্থা।
অৱশ্যে শিক্ষানুষ্ঠানত থকা সময়ছোৱাৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ’ব এই নিৰ্দেশনা।

3. আজি কৰ্ণাটকৰ নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান।
বাংগালুৰুৰ শ্ৰীকান্তিৰাভা ষ্টেডিয়ামত অনুষ্ঠিত হয় এই অনুষ্ঠান।
মুখ্যমন্ত্ৰীৰূপে শপত ল’লে সিদ্দাৰামায়াই।
উপ-মুখ্যমন্ত্ৰীৰূপে শপত ল’লে ডি কে শিৱকুমাৰে।
শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী৷

4. অসম আৰক্ষীৰ তৰফৰ পৰা আৰ্থিক সহায় আগবঢ়োৱা হ’ব SI জোনমণি ৰাভাৰ পৰিয়ালক৷
জোনমণিৰ মৃত্যু সন্দৰ্ভত DGP জি পি সিঙে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে৷

5. শংকৰদেৱ কলাক্ষেত্ৰত বিজেপিৰ বিশেষ ৰাজ্যিক কাৰ্যনিৰ্বাহক।
কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ভৱেশ কলিতা আৰু গণ্যমান্য ব্যক্তিয়ে।BJP

6. লখিমপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰুণা নেওগক তলব৷
২১/ ৫/২৩ ৰ ভিতৰত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত উপস্থিত হোৱাৰ নিৰ্দেশ ৰুণা নেওগক।

7. প্ৰথমবাৰৰ বাবে বিধানসভাত বড়ো ভাষাৰ প্ৰশিক্ষণ৷
প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰ বাবে এই প্ৰশিক্ষণৰ ব্যৱস্থা৷
১ জুনৰ পৰা দুটা শাখাত আৰম্ভ হ’ব এই প্ৰশিক্ষণ৷
ক শাখাই সামৰি ল’ব বিধানসভাৰ প্ৰতিগৰাকী বিষয়াক, খ শাখাই সামৰি ল’ব তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক৷
সপ্তাহত তিনিদিনকৈ অনুষ্ঠিত হ’ব এই প্ৰশিক্ষণ৷
সোমবাৰ, বুধবাৰ আৰু শুক্ৰবাৰে সন্ধিয়া ৫ বজাৰ পৰা হ’ব প্ৰশিক্ষণ৷
এই পদক্ষেপক আদৰণি BTRৰ প্ৰধান প্ৰমোদ বড়োৰ৷

8. কংগ্ৰেছৰ নিলম্বিত বিধায়ক শ্বেৰমান আলীৰ PSO প্ৰত্যাহাৰ৷
সংবাদমেলত এই কথা সদৰী কৰিলে DGP জি পি সিঙে৷
নিৰাপত্তা বিভাগৰ ADGPৰ সৈতে আলোচনাৰ অন্তত PSO প্ৰত্যাহাৰৰ সিদ্ধান্ত৷
দেহৰক্ষীক গুলী ফুটাই দিয়াৰ নিৰ্দেশ দিছিল শ্বেৰমান আলীয়ে৷

9. ৰিজাৰ্ভ বেংক অব ইণ্ডিয়াই প্ৰত্যাহাৰ কৰিব ২০০০ টকীয়া নোটৰ প্ৰচলন৷
২৩ মে’ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ সলনি কৰিব পাৰিব ২০০০ টকীয়া নোট৷

10. ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত ভয়ংকৰ ভূমিস্খলন৷
ভূমিস্খলনৰ ফলত লাচুং আৰু লাচেন উপত্যকালৈ যাত্ৰা কৰি থকা প্ৰায় ৫০০ পৰ্যটক চুংথাঙত আৱদ্ধ হৈ পৰে৷
ভাৰতীয় সেনাই আৱদ্ধ লোকসকল উদ্ধাৰ কৰি খাদ্য, আশ্ৰয় আৰু গৰম কাপোৰৰ ব্যৱস্থা কৰি দিয়ে৷
ভাৰতীয় সেনাৰ এই কাৰ্যক শলাগ জনাই পৰ্যটকসকলে৷
আৱদ্ধ লোকসকলৰ চিকিৎসাৰো ব্যৱস্থা কৰে ভাৰতীয় সেনাই৷

11. গোৱালপাৰাৰ কৃষ্ণাইৰ পাইকান-তুৰাত পথ দুৰ্ঘটনা৷
তীব্ৰবেগী বাহনৰ মাজত মুখামুখি সংঘৰ্ষ।
দুৰ্ঘটনাত আহত হয় চালকসহ ৪জনকৈ যাত্ৰী৷
বৰ্তমান আহত কেইগৰাকীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

12. শোণিতপুৰৰ অকাবস্তিত ড্ৰাগছসহ দুজনক আটক কৰা হৈছে।
অভিযানত জব্দ কৰে ১২টা ড্ৰাগছভৰ্তি কণ্টেইনাৰ।

13. জয়পুৰৰ Yojana Bhawanত জব্দ বৃহৎ পৰিমাণৰ ধন৷
ভৱনটোৰ পৰা ২কোটি ৩১লাখ টকাৰ লগতে ১ কিলোগ্ৰাম সোণ জব্দ কৰা হয়৷
জব্দকৃত ধন আৰু সোণ সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত৷
বিভাগটোৰ ৮গৰাকীকৈ বিষয়াক আটক কৰি আৰক্ষীয়ে সোধা-পোছা অব্যাহত ৰাখিছে।

14. সংবাদ মাধ্যমৰ আগত কথা কোৱাত বাধা।
DGPৰ অনুমতি অবিহনে যিকোনো ‘পলিচী’ৰ কথা ক’ব নোৱাৰিব সংবাদ মাধ্যমৰ আগত।
সকলো জিলাৰ আৰক্ষী অধীক্ষকলৈ জাৰি কৰিছে এই নিৰ্দেশনা।

15. কাজিৰঙাৰ হাতীখুলীত পথ দুৰ্ঘটনা।
বাইকৰ পৰা পৰি থিতাতে নিহত এজন যুৱক।
মৃত যুৱকজন দুৰ্গাপুৰৰ ৰাজ কৰ্মকাৰ বুলি চিনাক্ত কৰা হৈছে।
কৰ্মস্থলীৰ পৰা নিজ গৃহলৈ উভতি অহাৰ সময়তে বাইকৰ পৰা পৰি মৃত্যু হয়।

16. ডিব্ৰুগড়ৰ ব্যক্তিগত হাস্পতালত ভয়াৱহ ঘটনা৷
আৱৰ্জনাৰ সৈতে জীৱন্তে পানীত পেলালে সদ্যোজাতক৷
অপেক্ষা নামৰ ব্যক্তিগত হাস্পতালত এই কাণ্ড সংঘটিত হয়।
ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ কাষত জাবৰৰ মাজত ওলাল সদ্যোজাতক৷
ডিব্ৰুগড়ৰ পল্টনবজাৰত ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ কাষত উদ্ধাৰ হয় নৱজাতকটি৷
স্থানীয়লোকে পানীৰ পৰা উদ্ধাৰ কৰে নৱজাতকটিক৷
AMCHলৈ নিয়া হয় যদিও মৃত্যু ঘটে নৱজাতকটিৰ৷

17. ‘বীৰ লাচিত’ৰ কাহিনীৰে প্ৰকাশ পাব এখনী বিশেষ উপন্যাস৷
‘Brahmaputra – The Ahom Son Rises’ নামেৰে প্ৰকাশ পাব উপন্যাসখন৷
বাহুৱলী আৰু RRRৰ চিত্ৰনাট্যকাৰ বিজয়েন্দ্ৰ প্ৰসাদে ৰচনা কৰিছে উপন্যাসখন৷
উপন্যাসখনৰ সহযোগী ৰচনা কল্পকাহিনী লেখক কুলপ্ৰীত যাদৱ৷
উপন্যাসখনৰ পটভূমিত নিৰ্মাণ কৰা হ’ব ‘বীৰ লাচিত’ নামেৰে এখন বোলছবি৷
৩০মে’ত HarperCollins Publishers Indiaই প্ৰকাশ কৰিব এই উপন্যাসখন৷

18. ‘কংগ্ৰেছৰ দিনত ৫ টকাত পেট্ৰ’ল দিছিল নেকি?
কংগ্ৰেছৰ দিনত ৫ টকাত দাইল দিছিল নেকি?
কংগ্ৰেছৰ দিনত যদি এনে হৈছিল তেনেহলে দাম বৃদ্ধি হৈছে, ‘যদিহে দিয়া নাছিল, তেনেহলে দাম বৃদ্ধি হোৱা নাছিল’৷
দাম বৃদ্ধি প্ৰসংগত ভৱেশ কলিতাৰ মন্তব্য৷

19. হাইলাকান্দিৰ আব্দুল্লাপুৰত আৰক্ষীৰ অভিযান।
ছইদুল লস্কৰ নামৰ এজন লোকৰ ঘৰত এই অভিযান।
অভিযানত জব্দ কৰে ৫০ বস্তা বাৰ্মিজ চুপাৰী।

20. বঙাইগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বীৰংগনাৰ আত্মৰক্ষাৰ প্ৰশিক্ষণ প্ৰদান।
যুৱতীসকলৰ আত্মৰক্ষাৰ বাবে অসম আৰক্ষীয়ে আয়োজন কৰিছে এই বিশেষ প্ৰশিক্ষণ।
উপস্থিত থাকে অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱাল আৰু বহু গণ্যমান্য ব্যক্তি।

Leave a Reply

Your email address will not be published. Required fields are marked *