১৮৫৯ চনৰ আজিৰ দিনটোতে আনন্দৰাম ঢেকিয়াল ফুকন মৃত্যু হৈছিল।

Spread the love

Rnewsindia24.com

অসমীয়া জাতিক জীয়াই থকাৰ ভেটি স্থাপন কৰা ব্যক্তিজনেই আছিল আনন্দৰাম ঢেকিয়াল ফুকন।
তেখেতক অসমীয়া নৱজাগৰণৰ নায়ক বুলি অভিহিত কৰিব পাৰি।
ঊনবিংশ শতিকাৰ শিক্ষিত আৰু জাতি সচেতন অসমীয়াসকলৰ চিন্তাত বঙালী ভষাৰ আগ্ৰাসন প্ৰতিহত কৰা আৰু অসমীয়া ভাষা, সাহিত্য পুনৰ উদ্ধাৰ কৰা তথা প্ৰতিষ্ঠা কৰা এই জাতীয় মহাৰণখনৰ ৰণশিঙা বজাই দিয়া প্ৰথম আৰু প্ৰধান মানুহজনেই আছিল।

আধুনিক চিন্তা-চৰ্চাৰে অসমৰ সমাজ জীৱনলৈ এইগৰাকী স্বনামধন্য অসমীয়াই আগবঢ়াই থৈ যোৱা অনৱদ্য অৱদান প্ৰতিটো প্ৰজন্মই শ্ৰদ্ধাৰে স্মৰণ কৰি যাব।

জানো আহক আনন্দৰাম ঢেকিয়াল ফুকন জীৱন যাত্ৰাৰ বিষয়ে-

তেখেত জন্ম হৈছিল ১৮২৯ খ্ৰীষ্টাব্দৰ ২২ ছেপ্টেম্বৰত গুৱাহাটীৰ এটা সম্ভ্ৰান্ত পৰিয়ালত।
পিতৃ হলিৰাম ঢেকিয়াল ফুকন প্ৰথমে আহোম ৰজাৰ বিষয়া আছিল।
ব্ৰিটিছ ৰাজৰ দিনত তেওঁ কামৰূপৰ সহকাৰী হাকিম পদত আছিল।
হলিৰাম ঢেকিয়াল ফুকনে সংস্কৃত আৰু বঙালী ভাষাত দুখন কিতাপ লিখিছিল, এখনৰ বিষয় বস্তু আছিল কামাখ্যা আৰু আনখনৰ অসম।
আনন্দৰাম পাঁচ বছৰ বয়সত ঢেকিয়াল ফুকন উমানন্দৰ সংস্কৃত টোলত ভৰ্তি হয়।
ককাদেউতাক পৰশুৰামে আনন্দৰামৰ ইংৰাজীত শিক্ষা গ্ৰহণত আপত্তি কৰিছিল।
কিন্তু সেই আপত্তিক নেওচি খুড়াক যজ্ঞৰামৰ উদ্যোগত ১৮৩৭ চনত তেখেতে গুৱাহাটীৰ প্ৰথমখন ইংৰাজী বিদ্যালয়ত ভৰ্তি হয়।
জেম্‌ছ মেথিউ আৰু জেন্‌কিন্সৰ তত্বাৱধানত তেখেতে ইংৰাজী অধ্যয়ন কৰিছিল।
১৮৪১ চনত এই দুগৰাকী ব্ৰিটিছ বিষয়াই খৰছ বহন কৰি তেখেতক ইংৰাজীৰ উচ্চ শিক্ষাৰ বাবে কলিকতালৈ পঠিয়ায়।
সেই সময়ত ভাপ-নাও, বা ৰেল-গাড়ী নাছিল বাবে ঢেকিয়াল ফুকনে বঠা মৰা নাৱেৰে ২৫ দিনীয়া নৌ-যাত্ৰা কৰি কলিকতালৈ গৈছিল।
সংৰক্ষণশীল পৰিয়ালৰ লোক হোৱা হেতুকে তেওঁ লগত ৰান্ধনী আৰু লগুৱাও লৈ গৈছিল।
কলিকতাৰ কালুতলা পথত ঘৰ এটা ভাৰালৈ লৈ তেখেতে হিন্দু কলেজত নামভৰ্তি কৰে।
তেওঁ দুবছৰ অধ্যয়ন কৰাৰ পাছত শিক্ষা সম্পূৰ্ণ নকৰাকৈ ১৮৪৪ চনত ঘৰুৱা সমস্যাৰ বাবে গুৱাহাটীলৈ উভতি আহে।
উভতি আহিও তেখেতে সুধী বৃন্দৰ লগতে ইংৰাজী ভাষাৰ অধ্যয়ন চলাই যোৱাৰ লগতে, উৰ্দু আৰু ফাৰ্চী ভাষাৰো শিক্ষা গ্ৰহণ কৰে।

১৮৪৬ চনত গুৱাহাটীলৈ উভতি আহি ঢেকিয়াল ফুকন বিবাহ পাশত আবদ্ধ হয়।
পত্নী আছিল মাহেন্দ্ৰী দেৱী।

ঢেকিয়াল ফুকনে গুৱাহাটীতে আইনৰ অধ্যয়ন আৰম্ভ কৰে আৰু প্ৰথম অসমীয়া আলোচনী অৰুনোদইত নিয়মীয়াকৈ লিখিবলৈ আৰম্ভ কৰে।
১৮৪৭ চনত ঢেকিয়াল ফুকনক খাটা পৰগণাৰ ‘জিম্মাদাৰ’ নিযুক্ত কৰা হয়।
পাছৰ বছৰত তেখেতক মুন্সিফ পদলৈ পদোন্নতি দি নলবাৰীলৈ বদলি কৰা হয়।
নলবাৰীত থকা কালতে তেখেতে ‘ইংলেণ্ডৰ বুৰঞ্জী’ নামৰ পুথি এখন প্ৰকাশ কৰে।
১৮৪৯ চনত তেখেতে ‘সহকাৰী আয়ুক্ত’ৰ পৰীক্ষাত উত্তীৰ্ণ হয় আৰু ‘বিজনী ৰাজ এষ্টেট’ৰ’দেৱান’ পদত নিযুক্তি পায়।
সেই পদত থাকোঁতেই তেখেতে ‘Estate Administration’ নামৰ পুথি এখন ৰচনা কৰে।
ইয়াৰ পাছত তেখেতে নগাঁও আৰু গোৱালপাৰা জিলাৰ সদৰৰ ‘উপ-সহকাৰী আয়ুক্ত’ হিচাপে কাম কৰে।
এই কালছোৱাত ৰচনা কৰে, ‘সদৰেৰ মামলাৰ নিষ্পত্তি’।
১৮৫১ চনত বিজনীৰ ৰজাৰ আৰ্জি লৈ কলিকতালৈ যায়।
১৮৫২ চনত তেখেতক স্থায়ী ভাৱে বৰপেটাৰ ‘উপ-সহকাৰী আয়ুক্ত’ আৰু ‘উপায়ুক্ত’ নিযুক্তি দিয়া হয়।
তেখেতে ১৮৫২ চনত নগাঁৱত কিছুকাল এক্সট্ৰা এছিষ্টেন্ট কমিছনাৰ হিচাপে কটায়।
১৮৫২ চনত ‘কলিকতা নিউ প্ৰেছ’ নামেৰে কলিকতাত এটা প্ৰেছ বহুৱায় আৰু সম্পৰ্কীয় খুৰাক গুণাভিৰাম বৰুৱাক প্ৰেছত পৰিচালনাৰ দায়িত্ব দিয়ে।
১৮৫৩ চনত ঢেকিয়াল ফুকনে মি. এ. জে. মোফাট মিল্‌ছ চাহাবলৈ দেশৰ প্ৰশাসন উন্নত কৰাৰ বাবে কেবাটাও পৰামৰ্শ আগবাঢ়ায়।
ইয়াৰ পাছতে তেখেতক পদোন্নতি দি নগাঁওৰ ‘উপায়ুক্ত’ পদলৈ বদলি কৰা হয়।
১৮৫৫ চনত তেখেতৰ ‘দেৱানী মামলাৰ নিষ্পত্তি’ প্ৰকাশিত হয় ।
একে সময়তে তেখেতে এখন অসমীয়া অভিধান প্ৰণয়নৰ আঁচনি কৰে আৰু ‘A few remarks on the Assamese Language’ নামৰ গ্ৰন্থখন ৰচনা কৰে।
বেপ্টিষ্ট মিছন প্ৰেছ, শিৱসাগৰৰপৰা প্ৰকাশিত এই গ্ৰন্থখনত অসমত চৰকাৰীভাৱে বঙালী ভাষাৰ প্ৰচলনৰ বিৰোধ কৰি যুক্তি দাঙি ধৰা হয়।

তেওঁ প্ৰথমে ‘অৰুনোদই’ৰ বাবে লিখিবলৈ লৈছিল।
ইংৰাজী পাঠ্যপুথিৰ আধাৰত তেখেতে লিখিছিল ‘অসমীয়া ল’ৰাৰ মিত্ৰ’।
এই কিতাপখন শিৱসাগৰত ছপা কৰি অসমৰ বিদ্যালয়লৈ প্ৰেৰণ কৰা হৈছিল।
তেতিয়া অসমৰ বিদ্যালয়ত শিক্ষাৰ মাধ্যম আছিল বঙালী ভাষা।
আনন্দৰাম ঢেকিয়াল ফুকনে অসমীয়া বিদ্যালয়ত অসমীয়া ভাষা চলোৱাৰ পৃষ্ঠপোষকতা কৰিছিল।
১৮৫৩ চনত ব্ৰিটিছ গৱৰ্নৰ মোফাট মিল্‌ছ চাহাব অসমলৈ আহোঁতে ঢেকিয়াল ফুকনে অসমৰ বিদ্যালয়ত অসমীয়া ভাষা প্ৰচলনৰ বাবে যুক্তি ডাঙি ধৰি আবেদন কৰিছিল।
মিল্‌ছ চাহাবে তেখেতৰ যুক্তিক সমৰ্থন জনাইছিল বুলি জনা যায়।
নগাঁৱত চাকৰি কালত, ঢেকিয়াল ফুকন মিছনেৰী ব্ৰন্‌ছন (Bronson) আৰু ‘আয়ুক্ত’ বাটলাৰৰ সংস্পৰ্শলৈ আহে।
১৮৫৫ চনত তেখেতে ‘A few remarks on the Assamese language, and on the Vernacular education in Assam’ গ্ৰন্থখন লিখি উলিয়ায়।

১৮৫৯ চনৰ ১৬ জুনত মাত্ৰ ২৯ বছৰ বয়সত তেখেতৰ মৃত্যু হয়।

এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব www.rnewsindia24.com

আপুনি যদি লিখনিটো পঢ়ি ভাল পালে তেন্তে চেয়াৰ কৰিবলৈ একদম নাপাহৰিব।
আপোনালোকৰ উৎসাহ, প্ৰেৰণাই আমাক অধিক কর্মস্পৃহা যোগায়।

ধন্যবাদ।

 

News Editor Sangita Dutta R News India 24

Leave a Reply

Your email address will not be published. Required fields are marked *