৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love

Rnewsindia24.com Assam July 5/2023:- 

1. দিছপুৰত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক।
বৈঠকত গ্ৰহণ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহন কৰে।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বৈঠক।
বৈঠকত ৬ জনগোষ্ঠীৰ বাবে বিশেষ সংৰক্ষণৰ ব্যবস্থা গ্ৰহণৰ সিদ্ধান্ত।

2. জনতা ভৱনত নিযুক্তিপত্ৰ প্ৰদান অনুষ্ঠান।
উচ্চ শিক্ষা বিভাগৰ ৯৪ গৰাকী সহকাৰী অধ্যাপক, ৰাজ্যিক শিক্ষা, গৱেষণা পৰিষদৰ ১০গৰাকী প্ৰবক্তা আৰু দুগৰাকী পাঠ লেখকক প্ৰদান কৰা হয় নিযুক্তিপত্ৰ।
উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু বহু গণ্য মান্য ব্যক্তি।

3. সু-খবৰ।
অচিৰেই হ্ৰাস পাব পেট্ৰ’লৰ দাম।
১৫ টকাতে পাব ১ লিটাৰ পেট্ৰ’ল।
দূৰ হ’ব দেশৰ প্ৰদূষণৰ সমস্যা।
ঘোষণা কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীৰ।

4. গুৱাহাটীৰ জিলা পুথিভঁৰালত সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অসম উন্নতি সভা আৰু অসম সেনাৰ প্ৰথম অধিৱেশন।
গঠন হয় অসম উন্নতি সভাৰ কেন্দ্ৰীয় সমিতি।
ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যক অসম উন্নতি সভাৰ সভাপতিৰ দায়িত্ব।
সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় শৰৎ হাজৰিকা ।

5. মহানগৰীৰ সাতগাঁৱৰ মহিলা নিগ্ৰহৰ সংক্ৰান্তত ACP নীলোৎপল ডেকাক ডিমা হাছাওলৈ বদলি৷

6. এছিয়া কাপ ২০২৩ৰ ভাৰতীয় A দলত অসম সন্তান ৰিয়ান পৰাগ।
BCCIএ ঘোষণা কৰিছে শ্ৰীলংকা অভিমুখী ভাৰতীয় A’ দলটো।
১৩ জুলাইৰ পৰা শ্ৰীলংকাত অনুষ্ঠিত হ’ব এছিয়া কাপ ২০২৩।

7. ইংলিচ চেনেল সাঁতুৰিবলৈ সাজু হৈছে এলভিছ আলী হাজৰিকা।
৭ জুলাইত এলভিছে আৰম্ভ কৰিব এই অভিযান।
অনুষ্ঠিত হয় এলভিছৰ ইংলিচ চেনেল অভিযানৰ ফ্লেগঅফ কাৰ্যসূচী।
অসম অলিম্পিক সন্থাৰ তৰফৰ পৰা এলভিছলৈ ৫০ হাজাৰ টকা প্ৰদান কৰে।

8. গোচৰ দিবলৈ অহা মহিলাক অশ্লীল ব্যৱহাৰ কৰি গ্ৰেপ্তাৰ হ’ল SI হেৰন্দ্ৰ চন্দ্ৰ বিশ্বাস।
ধুবুৰীৰ বিএন কলেজৰোড আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেন্দ্ৰ চন্দ্ৰ বিশ্বাস।
SI গৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত সুৰাসক্ত অৱস্থাত থকা বুলি জানিব পৰা গৈছে।

9. “৩ গগৈ” সন্দৰ্ভত সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য কৰি আপৰ পৰা নিলম্বিন কৰা হ’ল ৰাজ্যিক আপৰ উপ সভাপতি কমল কুমাৰ মেধিক।
কংগ্ৰেছ ত্যাগ কৰি আম আদমি পাৰ্টীত যোগদান কৰিছিল কমল কুমাৰ মেধিয়ে।

10. অসম ৰাজ্যিক চিৰিয়াখানাৰ দাঁতিকাষৰীয়া অঞ্চলত নাহৰফুটুকীৰ বিচৰণক লৈ এক বিশেষ স্পষ্টীকৰণ৷
চিৰিয়াখানাৰ দাঁতিকাষৰীয়া অঞ্চলত কোনো নাহৰফুটুকীৰ বিচৰণ দেখা পোৱা নাই৷
পাহাৰীয়া অঞ্চলত কেইটামান ভৰিৰ খোজ নাহৰফুটুকীৰ বুলি সন্দেহ কৰা হৈছে৷ ইতিমধ্যে চিৰিয়াখানা কৰ্তৃপক্ষই এই সন্দৰ্ভত অঞ্চলবাসীৰ মাজত এক সতৰ্কতামূলক জাননী জাৰি কৰিছে৷
নিশা অঞ্চলটোত আহ-যাহ কৰাত সৱধানতা অৱলম্বন কৰাৰ লগতে শিশুসকলক অকলে এৰি নিদিবলৈ অভিভাৱকসকলক আহ্বান জনাইছে কৰ্তৃপক্ষই।

11. অংগনৱাড়ী কৰ্মীৰ পৰা ধন লৈ নিলম্বিত হ’ল ৰহাৰ সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া ডিম্বেশ্বৰ দাস৷
এগৰাকী অংগনৱাড়ী কৰ্মীৰ পৰা দাসে লৈছিল ১০ হাজাৰ টকা৷
ঘটনা পোহৰলৈ অহাত ওভতাই দিছিল ধন৷

12. ২০২৪ৰ পৰা HSত ৭৫ শতাংশ বা তাতকৈ বেছি নম্বৰ পোৱা ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিব স্কুটি।
এই বৰ্ষত উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৬০ শতাংশ বা তাতকৈ বেছি নম্বৰ পোৱা ছাত্ৰীক, ৭৫ শতাংশকৈ বেছি নম্বৰ পোৱা ছাত্ৰক দিয়া হ’ব স্কুটি।
ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকৰ অন্তত সংবাদমেল সম্বোধন কৰি এই কথা জনালে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই।

* MSMEত উদ্যোগ খোলাৰ বাবে আগতীয়া অনুমতিৰ প্ৰয়োজন নাথাকিব।
কেৱল অগ্নিনিৰ্বাপক আৰু শক্তি বিভাগৰহে ল’ব লাগিব অনুমতি।
উদ্যোগ খুলি কাগজ-পত্ৰ সাজু কৰিবৰ তিনি বছৰৰ সময় পাব উদ্যোগীয়ে।
ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক এই সিদ্ধান্ত।

*৬ জনগোষ্ঠীৰ বাবে সুখবৰ।
৬ জনগোষ্ঠীৰ বাবে কৃষি বিশ্ববিদ্যালয়ত আসন সংৰক্ষণ কৰাৰ সিদ্ধান্ত।
চাহ জনগোষ্ঠীৰ বাবে ৮খন, মৰাণসকলৰ বাবে ৩খন, মটক ৪খন, কোচ ৰাজবংশীৰ বাবে ৬খন, টাই আহোম ৪খন, চুতীয়া জনগোষ্ঠীৰ বাবে ৪খন আসন সংৰক্ষণ।
Bsc নাৰ্ছিং, ANM, GNMৰ ট্ৰেইনিং ইনষ্টিটিউটতো থাকিব সংৰক্ষণ।

13. আজিৰে পৰা আৰম্ভ নুনমাটিৰ ডাবল মাৰ্ডাৰ গোচৰৰ শুনানি প্ৰক্ৰিয়া।
আদালতত হাজিৰ হয় বন্দনা কলিতা।
আজিৰে পৰা ৭ জুলাইলৈ শুনানি গ্ৰহণ কৰিব সত্ৰ ন্যায়াধীশৰ আদালতে।
সাক্ষীৰ বাবে আদালতত উপস্থিত হয় তদন্তকাৰী বিষয়া।

14. ডিঙিত বিলাহীৰ মালা পিন্ধি মহানগৰত TMCৰ প্ৰতিবাদ।
অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী দামবৃদ্ধিৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে।

15. নলবাৰীৰ বৰভাগৰ পৰা ঘিল্লা সংযোগী পথৰ বিধ্বস্ত ৰূপ।
শীঘ্ৰে পথছোৱা মেৰামতিৰ দাবীত ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।
ডাম্পাৰৰ দৌৰাত্ম্যৰ বাবে পথছোৱা বিধ্বস্ত হোৱাৰ অভিযোগত পথ অৱৰোধ কৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।

16. অনিয়মীয়া বিদ্যুৎ যোগান, তাৰ পাছতো বেছিকৈ আহে বিদ্যুতৰ বিলক লৈ শক্তি বিভাগৰ বিৰুদ্ধে বৰপেটাৰ ক্ষুদ্ৰখোৱাত প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে।

17. গোলকগঞ্জৰ নান্দিনীপাৰৰ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা।
দ্ৰুতবেগী বাইকে মহটিয়ালে এজন পথচাৰীক।
থিতাতে মৃত্যু হ’ল পথচাৰী।
দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বাইকচালকজনক হাস্পতালত ভৰ্তি কৰোৱা হয়।

18. কাছাৰৰ শিলডুবিত নিশা গুলীচালনা।
ডকাইতৰ দুটা দলৰ মাজত হোৱা মাৰপিটৰ পাছতে সংঘটিত হয় এই ঘটনা।
আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি।

19. কলিয়াবৰৰ বৰঘূলিত বিধ্বংসী অগ্নিকাণ্ড।
ভস্মীভূত হয় বৰঘূলি বজাৰৰ ১০-১২ খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান।
দুখনকৈ অগ্নিনিৰ্বাহক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপণ কৰে।

29. পুনৰ বহিঃৰাজ্যত কৰ্মৰত অসমৰ যুৱকৰ কৰুণ মৃত্যু।
মৃত যুৱকজন দেৰগাঁও ছগুৰি চাপৰিৰ পবিত্ৰ টাউদ।
২৯ জুন তাৰিখে হায়দৰাবাদৰ কোম্পানীত কৰ্মসূত্ৰে গৈছিল যুৱকজন।
যুৱকজন ৰে’লৰ পৰা পৰি মৃত্যু হোৱা বুলি আৰক্ষীয়ে খবৰ দিয়াত সন্দেহ পৰিয়ালৰ লোকৰ।

Leave a Reply

Your email address will not be published. Required fields are marked *