৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam July 19/2023:- 

1. উত্তৰাখণ্ডত শোকাৱহ ঘটনা।
এটা নিৰ্মীয়মাণ প্ৰকল্পথলীত বৈদ্যুতিক ট্ৰেন্সফৰ্মাৰ বিস্ফোৰণত নিহত হয় ১৫জনকৈ লোক, আহত হয় ২০গৰাকী।
ঘটনাৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰীৰ।

2. অসমবাসীৰ বাবে গৌৰৱৰ খবৰ।
ইংলিছ চেনেল টু-ৱেজৰ ৭৮ কিঃমিঃ অতিক্ৰম কৰা প্ৰথমগৰাকী অসমীয়া সাতাঁৰবিদ হৈ পৰিল এলভিছ আলী হাজৰিকা।

3. কাইলৈৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন।
২০ জুলাইৰ পৰা ১৭ আগষ্টলৈ চলিব এইবাৰৰ অধিৱেশন।
অধিৱেশনত আলোচনা হ’ব মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ।
দিল্লীত সৰ্বদলীয় বৈঠকত বিৰোধীৰ দাবীৰ পাছত কেন্দ্ৰৰ সন্মতি।
সদনত প্ৰধানমন্ত্ৰীৰ পৰা বিবৃতিৰ দাবী কংগ্ৰেছৰ।
লগতে অধিৱেশনত উত্থাপিত হ’ব ৩১ খনকৈ বিধেয়ক।

4. দিল্লী, মহাৰাষ্ট্ৰ, গুজৰাট, উত্তৰ প্ৰদেশত মুষলধাৰ বৰষুণ।
মুম্বাইত অৰেঞ্জ এলাৰ্ট, আগ্ৰাত তাজমহলৰ ভেটি স্পৰ্শ কৰে যমুনাৰ বাঢ়নী পানীয়ে।
গুজৰাটৰ ৰাজকোট জিলাত জাৰি কৰা হয় ৰেড এলাৰ্ট।

5. অভিনেত্ৰী ৰবীনা টেণ্ডনলৈ ড° ভূপেন হাজৰিকা বঁটা।
বান্দ্ৰাস্থিত বাসগৃহত গুৱাহাটীৰ বেলতলা ব’হাগী উৎসৱ সমিতিয়ে অভিনেত্ৰীগৰাকীক প্ৰদান কৰে এই সন্মান।

6. পাকিস্তানত আন এক শোকাৱহ ঘটনা।
দেৱাল খহি ১১জন শ্ৰমিকৰ মৃত্যু।
এখন দলং নিৰ্মাণ কৰি থকাৰ সময়তে অঘটন।
প্ৰবল বৃষ্টিপাতৰ বাবেই দেৱালখন খহি পৰাৰ সন্দেহ।
ইছলামাবাদৰ গুলৰাহ ম’ৰ এলেকাত এই ঘটনা সংঘটিত হৈছে।
ঘটনাত আন ৬ জন লোক গুৰুতৰভাৱে আহত হয়।

7. সমষ্টি পুনঃনিৰ্ধাৰণৰ খচৰাৰ শুনানিৰ বাবে কলাক্ষেত্ৰত নিৰ্বাচন আয়োগৰ দল।
সমষ্টি পুনঃনিৰ্ধাৰণৰ ওজৰ-আপত্তিৰ শুনানি গ্ৰহণ কৰে নিৰ্বাচন আয়োগে।
২০ জুলাইত ৰাজনৈতিক দলসমূহৰ মতামত ল’ব আয়োগে।
একেদিনাই নামনি অসমৰ আটাইকেইখন জিলাৰ বাবে হ’ব শুনানি।
২১ জুলাইত উজনি অসমৰ আটাইকেইখন জিলাৰ বাবে হ’ব শুনানি।

8. পুৰুষৰ এছিয়া কাপ ২০২৩ প্ৰতিযোগিতাৰ সূচী প্ৰকাশ।
৩০ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া এই প্ৰতিযোগিতাৰ চূড়ান্ত মেচ আছে ১৭ ছেপ্টেম্বৰত।

9. ৰে’লত দীঘলীয়া যাত্ৰা কৰা সকলৰ বাবে টোপনি যোৱাৰ ক্ষেত্ৰত নতুন নিয়ম বান্ধি দিয়া হৈছে ৰে’লৱেৰ তৰফৰ পৰা।
এতিয়াৰে পৰা ৮ ঘণ্টা সময় শুব পাৰিব যাত্ৰীসকলে।
পূৰ্বে নিশা ৯ বজাৰ পৰা পুৱা ৬ বজালৈকে দিয়া হৈছিল শুবলৈ।
পিছে এঘণ্টা সময় কমাই নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈকেহে শুবলৈ দিব যাত্ৰীক।
শোৱাৰ ব্যৱস্থা থকা ৰে’লতহে প্ৰযোজ্য হ’ব এই নিয়ম।

10. গুৱাহাটীৰ জি এছ ৰোডত বিধ্বংসী অগ্নিকাণ্ড।
এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ কাৰ্যালয় চৌহদত লাগিল জুই।
ঘটনাস্থলীত অগ্নিনিৰ্বাপকৰ দল উপস্থিত হয়।

11. নগাঁও আমোলাপট্টিৰ শিল্পী প্ৰদীপ মজুমদাৰলৈ ডক্টৰেট ডিগ্ৰী।
৩৭ বছৰে নিৰবিচিন্নভাৱে কাম কৰি আছিল চিত্ৰ কলা আৰু মিশ্ৰিত শিল্পকলাৰ ক্ষেত্ৰতখনত।
ইনষ্টিটিউট অৱ এন্টাৰপ্ৰেনিউৰশ্বিপ এণ্ড মেনেজমেন্ট ষ্টাডিজ ইউ এছ এ ( আই ই এম এছ ) য়ে প্ৰদান কৰে এই স্বীকৃতি।

12. জন্মদিন উপলক্ষে বান্ধৱীৰ ঘৰলৈ ফুৰিবলৈ গৈ পুখুৰীত সলিল সমাধি যুৱতীৰ।
মৃত যুৱতীগৰাকী টীয়কৰ দক্ষিণ দুলীয়া গাঁৱৰ প্ৰাৰ্থনা হাজৰিকা।
মাছ ধৰি পথাৰৰ মাজত থকা পুখুৰীত গা ধুবলৈ গৈ সংঘটিত হয় ঘটনাটো।

13. MGNREGA আঁচনিৰ কামত দুৰ্নীতি কৰি চাকৰিৰ পৰা নিলম্বন দুই পঞ্চায়ত কৰ্মচাৰী।
মানকাচৰ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ সহঃ খণ্ড উন্নয়ন বিষয়া জামিৰুল ইছলাম আৰু কালাপানী গাঁও পঞ্চায়তৰ সচিব ছায়েদুল হাছান।

14. HIVৰ ভয়ংকৰ সংক্ৰমণ।
ধুবুৰীত ৭গৰাকী শিশু, ২৭গৰাকী মহিলা আৰু ৭১গৰাকী স্বাস্থ্যকৰ্মী আক্ৰান্ত HIVত।
ড্ৰাগছৰ অবাধ প্ৰচলনৰ বাবেই সংক্ৰমণ বৃদ্ধিৰ আংশকা স্বাস্থ্য বিভাগৰ।

15. “আছু সদায় আছুৱে”।

“আছু এটা অ-ৰাজনৈতিক সংগঠন, আমাক ৰাজনৈতিক দলৰ সৈতে লিংক নকৰিব”- মন্তব্য ড° সমুজ্জল কুমাৰ ভট্টাচাৰ্যৰ।

16. ডিফুত ডেংগুত আক্ৰান্ত হয় ৫৬৯ গৰাকী লোক।
কিছুদিন পূৰ্বে ডেংগু জ্বৰত আক্ৰান্ত হৈ মৃত্যু হৈছিল ৰমিলা টেৰপনী নামৰ এগৰাকী মহিলা।

17. ৰূপহীহাটত ৰে’ল বিভাগৰ উচ্ছেদ অভিযান।
বেদখল কৰি একাংশই দীৰ্ঘদিনৰ পৰা কৰি আহিছিল ব্যৱসায়।
আৰক্ষী থানাৰ সন্মুখতে আৰম্ভ কৰে উচ্ছেদ অভিযান।

18. SI জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত অব্যাহত।
জোনমণি ৰাভাৰ মৰিকলং থানাৰ চৰকাৰী আৱাসত CBI এ অভিযান চলাই
বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ উদ্ধাৰ কৰে।

19. ৰাজপথত ট্ৰাকৰ পৰা নিৰ্লজ্জভাৱে ধন সংগ্ৰহ কৰি চাকৰিৰ পৰা বৰ্খাস্ত কনিষ্টবল ৰুদ্ৰ সিনহা।

20. পিতৃয়ে টকা দিবলৈ মান্তি নোহোৱাৰ বাবেই নিজৰ ঘৰতে বোমা নিক্ষেপ কৰিলে এজন যুৱকে।
যাৰ ফলত আহত হয় যুৱকজনৰ খুৰায়েক আৰু ভগ্নী।
অৰুণ নামৰ যুৱকজনে ৬০ বছৰীয়া পিতৃৰ পৰা বিচাৰিছিল ৩ লাখ টকা।
পিছে সেই ধনৰাশি দিবলৈ অমান্তি হয় পিতৃ।
এই ঘটনা সংঘটিত হৈছে চেন্নাইত।

 

Leave a Reply

Your email address will not be published. Required fields are marked *