৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
Rnewsindia24.com Assam August 3/2023:-
1. ‘LP, UP TET দুবছৰৰ বাবে অনুষ্ঠিত নহয়৷
C TETৰ বাবে যুৱক-যুৱতীয়ে আবেদন কৰিব পাৰে৷
দুবছৰৰ বাবে C TETক চৰকাৰে মান্যতা দিব’- এই কথা জনালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে।
2. আজিৰে পৰা কামৰূপ মহানগৰৰ সকলো শিক্ষানুষ্ঠানত ৭.৩০ বজাত আৰম্ভ হয় পাঠদান।
প্ৰাথমিক বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা ১২ বজালৈ আৰু মধ্য ইংৰাজী বিদ্যালয়ত পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ, উচ্চতৰ মাধ্যমিক পৰ্যন্ত পাঠদানৰ সময় পুৱা ৭.৩০ বজাৰ পৰা ১ বজালৈ পাঠদান।
প্ৰচণ্ড গ্ৰীষ্ম প্ৰৱাহৰ বাবে এই সিদ্ধান্ত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ।
জিলা আয়ুক্তৰ পৰামৰ্শত এই নিৰ্দেশনা জাৰি IS দীপিকা চৌধুৰীৰ।
১৫ আগষ্ট পৰ্যন্ত বাহাল থাকিব এই নিৰ্দেশনা।
3. প্রবীণ শিক্ষাবিদ, গীতিকাৰ ড০ বীৰেন্দ্র নাথ দত্ত অসুস্থ।
নেমকেয়াৰ হাস্পতালৰ ICUত চিকিৎসাধীন প্রবীণ শিল্পীগৰাকী।
4. কোকৰাঝাৰ কেন্সাৰ কেয়াৰ হাস্পতাল পৰিদৰ্শন কৰে হাগ্ৰামা মহিলাৰী তথা BPF নেতৃত্বই।
চিকিৎসালয়খনৰ আন্তঃগাঁথনি তথা চিকিৎসাসেৱাৰ মানদণ্ড দেখি সন্তুষ্টি প্ৰকাশ, স্বাস্থ্য বিভাগৰ কাম-কাজৰ প্ৰশংসা হাগ্ৰামা মহিলাৰীৰ।
চিকিৎসালয়খনৰ বিষয়ে উপযুক্ত প্ৰচাৰৰ ব্যৱস্থা কৰিবলৈ সংবাদ মাধ্যমলৈ আহ্বান জনাই।
5. উত্তৰ গুৱাহাটীত অঘটন।
প্রকাণ্ড গছ উভালি পৰি আহত হয় বোলছবি শ্বুটিঙৰ ৪জন লোক।
আহতসকলক উত্তৰ গুৱাহাটীৰ GNRCত ভৰ্তি কৰোৱা হয়।
6. মহানগৰীত আৰক্ষীৰ এনকাউণ্টাৰ।
চোৰলৈ লক্ষ্য কৰি আৰক্ষীৰ গুলীচালনা।
আৰক্ষীৰ গুলীত আহত হয় দুই চোৰ।
7. কাছাৰত ৪খন অবৈধ বাৰ্মিজ চুপাৰী ভৰ্তি ট্রাক জব্দ।
মিজোৰামৰ পৰা বহিঃৰাজ্যলৈ সৰবৰাহৰ সময়ত জব্দ কৰে ট্রাককেইখন।
8. তেজপুৰৰ ৰাজপথত শোণিতপুৰ কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ।
সামগ্ৰীৰ দাম বৃদ্ধি, ছিণ্ডিকেট আৰু ৰাষ্ট্ৰীয় বজৰং দলৰ অস্ত্ৰ প্ৰশিক্ষণৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছৰ সদস্যসকলে৷
9. বোকাখাতত আৰক্ষী বিষয়াৰ নিকৃষ্ট কাণ্ড৷
বনকৰা কিশোৰীক অকথ্য নিৰ্যাতন আৰক্ষী বিষয়াৰ৷
বিষয়া গৰাকী হৈছে নগাঁৱত কৰ্মৰত আৰক্ষী বিষয়া জয়ন্ত বৰা ।
10. বিশ্বনাথত দিন ডকাইতি কাণ্ড।
দুৰ্বৃত্তই গাড়ীৰ গ্লাছ ভাঙি লৈ গ’ল ২০ লাখ টকা।
পাভৈ পথৰ বিষ্ণু প্ৰিয়া বজাৰৰ সন্মুখত এই ঘটনা সংঘটিত হয়।
ৰৈ থকা বাহনৰ পৰা টকাৰ বেগ লৈ উধাও হয় ডকাইটো।
11. মণিপুৰৰ সংঘাতক লৈ মহানগৰীৰ ৰাজীৱ ভৱনত কংগ্ৰেছৰ প্ৰতিবাদ।
প্ৰধানমন্ত্ৰী মোদী, মণিপুৰৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
12. ধুবুৰীৰ গৌৰীপুৰ ডাঙিৰচৰত অগ্নিকাণ্ড।
জুইত ভস্মীভূত হয় ৮টাকৈ বাসগৃহ।
জাহ যায় লক্ষাধিকৰ টকাৰ সা-সম্পত্তি।
স্থানীয় ৰাইজৰ প্ৰচেষ্টাত জু নিৰ্বাপণ কৰে।
13. ৰাজ্যত অব্যাহত বাল্যবিৱাহ বিৰোধী অভিযান।
বাল্যবিৱাহ কৰি ৰঙাঘৰৰ আলহী হ’ল ১৯ বছৰীয়া যুৱক।
প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে কাৰাগাৰলৈ।
ডেৰ বছৰ পূৰ্বে ১৫ বছৰীয়া কিশোৰীক বিয়া কৰাইছিল যুৱকজনে।
পানীখাইতি গাঁও পঞ্চায়তৰ সচিবৰ গোচৰৰ ভিত্তিত আটক কৰে যুৱকজনক।
14. তিনিচুকীয়াৰ ফিল’বাৰীত নৃশংস হত্যাকাণ্ড।
মোমায়েকৰ হাতত প্ৰাণ গ’ল ভাগিনৰ।
ত্ৰিশূলেৰে হানি-খুঁচি হত্যা কৰে ভাগিনক।
ফিল’বাৰী পদুমপথাৰ মইলাপুংত সংঘটিত এই ঘটনা।
ঘটনাস্থলীত উপস্থিত হয় তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক।
15. কাছাৰৰ কাটিগড়াত ২ দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ।
ধৃত ডকাইত দুটা পাক্কি মিয়া, ফকৰুল ইছলাম।
বহুকেইটা ডকাইতি কাণ্ডৰে জড়িত আছিল ডকাইত দুটা।
16. মহানগৰীত চিটী বাছৰ দৌৰাত্ম্য।
ABC পইণ্টত চিটী বাছে মহটিয়ালে স্কুটী চালকক।
দুৰ্ঘটনাস্থলীত উপস্থিত হয় যান-বাহন আৰক্ষী।
চিটী বাছৰ ভুলৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ যাত্ৰীৰ।
17. কাছাৰত অব্যাহত বাৰ্মিজ চুপাৰিৰ চোৰাং সৰবৰাহ।
বিগত ২৪ ঘণ্টাত গুমৰাত চাৰিখনকৈ বাৰ্মিজ চুপাৰিভৰ্ত ট্ৰাক জব্দ কৰে।
ট্ৰাককেইখনৰ পৰা উদ্ধাৰ কৰে ১৭,৯০০ কেজি বাৰ্মিজ চুপাৰি।
ট্ৰাককেইখনৰ চালক-হেণ্ডিমেনসহ ৫জনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
18. বালিপৰাৰ বালিজুৰিৰ পৰা ২ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ কৰে।
নামেৰী ৰাষ্ট্ৰীয় উদ্যানৰ বাঘ হত্যাৰে জড়িত দুয়ো।
ধৃত চোৰাংচিকাৰী দুটা কানাই দৈমাৰী, ডদা বসুমতাৰী।
19. ডবকাত বাইক চোৰৰ গেঙৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
অভিযানত বাইক চোৰৰ গেঙৰ ৪ সদস্যক আটক কৰে।
চোৰকেইটাৰ পৰা জব্দ কৰে এখন ৰয়েল এনফিল্ড বাহন।
এখন ধাবাত অভিযান চলাই আটক কৰে ৪ দুৰ্ধৰ্ষ চোৰক।
জানিব পৰা নাই উদ্ধাৰ হোৱা বাইকখনৰ গৰাকীৰ পৰিচয়।
20. দিল্লীৰ যন্তৰ-মন্তৰত শিলসাঁকোৰ উচ্ছেদিত লোকৰ প্ৰতিবাদ।
উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে।
Post navigation
Go Top