৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam August 4/2023:- 

1. কংগ্ৰেছৰ বাবে ভাল খবৰ৷
ৰাহুল গান্ধীৰ শাস্তিৰ ৰায়দানত স্থগিতাদেশ উচ্চতম ন্যায়ালয়ৰ৷
ন্যায়ালয়ৰ ৰায়দানৰ পাছতে সংসদলৈ যাব পাৰিব ৰাহুল গান্ধী৷

2. কোকৰাঝাৰত অনুষ্ঠিত হ’বলগীয়া ডুৰাণ্ড কাপ মেচৰ প্ৰস্তুতি সম্পৰ্কে বুজ ল’লে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ লগতে BTC প্ৰধান প্ৰমোদ বড়োৱে।
“আমাৰ দিনত যে, ডুৰাণ্ড কাপ চাবলৈ সকলোৱে পাব সেয়া সৌভাগ্যৰ কথা বুলি মন্তব্য কৰে বিশ্বজিৎ দৈমাৰীয়ে।

3. মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিচিং স্বায়ত্ত শাসিত পৰিষদৰ এক প্ৰতিনিধি দলৰ বৈঠক।বৈঠকত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু,
মিচিং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য পৰমানন্দ চায়েঙীয়া, বিধায়ক ভূবন পেগু, পৰিষদৰ কাৰ্য্যবাহী সদস্য জহান দলে,
TMPK কেন্দ্ৰীয় সমিতিৰ সভাপতি তিলক দলে।

4. গৌৰীপুৰত APDCLৰ SDO, কৰ্মচাৰীক দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনা সন্দৰ্ভত বিশেষ টুইট জি পি সিঙৰ৷
ঘটনাৰ সৈতে জড়িত ৩জনক গ্ৰেপ্তাৰ কৰা হয়।
শীঘ্ৰে কঠোৰ ব্যৱস্থা লোৱাৰ কথা টুইটত উল্লেখ কৰে DGP জি পি সিঙে৷

5. আজিৰে পৰা গুৱাহাটীত ঐতিহ্যমণ্ডিত ডুৰাণ্ড কাপ।
উদ্বোধনী অনুষ্ঠানত প্ৰদৰ্শন কৰে সাংস্কৃতিক অনুষ্ঠান।
উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ লগতে ভাৰতীয় সেনা বিষয়া ৰাণা প্ৰতাপ কলিতা।

6. ১১ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন৷
পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হ’ব শৰৎকালীন অধিৱেশনৰ কাৰ্যসূচী৷

7. ডিব্ৰুগড়ত সন্ধানহীন দ্বাদশ শ্ৰেণীৰ ছাত্ৰ৷
নিৰুদ্দিষ্ট ছাত্ৰজন বৈৰাগীমঠৰ ঋষি বিশাল গগৈ৷
পুৱাই টিউচনলৈ বুলি ওলাই যোৱা ছাত্ৰজনৰ চাইকেলখন উদ্ধাৰ হৈছে বগীবিল দলঙৰ খুঁটাত৷

8. গুৱাহাটীৰ চচলত দলগাঁও ৰাজহ চক্ৰৰ অধীনত ভূমিহীন লোকক পট্টা দিয়াৰ দাবীত প্ৰতিবাদ।
সাংসদ দিলীপ শইকীয়া আৰু দলগাঁও সমষ্টিৰ বিধায়ক মজিবুৰ ৰহমানৰ বিৰুদ্ধে ভূমি কেলেংকাৰিৰ অভিযোগ অসমীয়া যুৱ মঞ্চৰ।
তদন্ত বিচাৰি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে সংগঠনটোৱে।

9. মণিপুৰত পুনৰ ভয়ংকৰ ঘটনা৷
আৰক্ষী বেটেলিয়নৰ মুখ্য কাৰ্যালয়ৰ পৰা ক্ষোভিত লোকে লুটিলে ২৮৫টাকৈ মাৰণাস্ত্ৰ, বুজন পৰিমাণৰ সক্ৰিয় গুলী৷
নাৰেন সেইনাৰ ২নং IRBn.ৰ মুখ্য কাৰ্যালয়ত এই ঘটনা সংঘটিত হয়।

10. কলিয়াবৰত জাপানীজ এনকেফেলাইটিছত মহিলাসহ ৩ গৰাকী আক্ৰান্ত হয়।

11. সোণাপুৰত চোৰাং গৰুভৰ্তি ট্ৰাকসহ এজনক আটক৷
চামগুৰিৰ পৰা মেঘালয়ৰ বৰ্ণিহাটলৈ সৰবৰাহ কৰাৰ সময়তে ৩৪টাকৈ গৰু জব্দ কৰে।
ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেনক আৰক্ষীয়ে আটক কৰে।

12. জোনাইত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান৷
এগৰাকী মহিলাসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ৷
আৰক্ষীয়ে জব্দ কৰে লক্ষাধিক টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ৷

13. যোৰহাটত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এটি শিশুসহ ৫ জনৰ মৃত্যু।
৪৫ জনৰ দেহত ধৰা পৰিছে জাপানীজ এনকেফেলাইটিছ ৰোগ৷

14. জুলাই মাহৰ আদ্ৰ জলবায়ুৰ বাবে গহপুৰত শতাধিক লোক আক্ৰান্ত চকুৰ ৰোগত৷
‘Conjunctivitis’ নামৰ ভাইৰাছবিধৰ লক্ষণ হৈছে চকুৰ খজুৱতি, চকু ৰঙা পৰা, বেছি পোহৰ সহিব নোৱাৰা, চকুৰ পতা ফুলি উঠা, চকুৰ পৰা পানী ওলোৱা ৷

15. কৰিমগঞ্জত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযান।
অভিযানত জব্দ কৰে ৭০ লাখ টকাৰ সন্দেহজনক হেৰ’ইন।
আৰক্ষীয়ে ৭৬৮ গ্রাম হেৰ’ইনসহ আটক কৰে এজনক।

16. টীয়কত বিদ্যুৎস্পৃষ্ট হৈ এজনৰ মৃত্যু৷
নিহত ব্যক্তিজন উত্তৰ দুলীয়াৰ উমেশ দত্ত৷
বাঁহ কাটি থাকোতে বিদ্যুৎ পৰিবাহী তাঁৰত লাগি ঘটনা হয়।

17. বহিঃৰাজ্যত বন্ধুৰ আক্ৰমণত প্ৰাণ গ’ল অসমৰ শ্ৰমিকৰ।
নিহত শ্ৰমিকজন চিৰাঙ বিজয়গাঁৱৰ অবিনাশ বৰ্মন।
কাঠৰ টুকুৰাৰে মূৰত কোবাই হত্যা কৰে অবিনাশ বৰ্মনক।
আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰী সুকোমল বৰ্মনক।

18. লখিমপুৰ পথালিপাহাৰত আবকাৰী বিভাগৰ অভিযান৷ এখন ট্ৰাকৰ পৰা জব্দ ১,১০০ কাৰ্টন সুৰা৷ সুৰাখিনিৰ মূল্য ৩০ লক্ষাধিক টকা৷ অৰুণাচলৰ পৰা গুৱাহাটীলৈ সৰবৰাহ কৰা হৈছিল সুৰাখিনি৷

19. শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ কেণ্টিনত এটা বৃহৎ আকাৰৰ অজগৰ উদ্ধাৰ কৰে।
সৰ্পবান্ধৱ, প্ৰকৃতিপ্ৰেমী সৌৰভ বৰকটকীৰ তৎপৰতাত উদ্ধাৰ কৰা হয় অজগৰটো।

20. গৌৰীপুৰৰ অনুৰূপ ঘটনা মেৰাপানীত।
বিদ্যুতৰ বিল আনিবলৈ যাওঁতে চন্দন গগৈ নামৰ মিটাৰ ৰীডাৰজনক আক্ৰমণ।
লক্ষী শইকীয়া নামৰ ব্যক্তিজনৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় কৰ্মচাৰীজন।
মেৰাপানীৰ চিবাংপাৰাত এই ঘটনা।

Leave a Reply

Your email address will not be published. Required fields are marked *