৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ। - RnewsIndia24
Skip to content
Rnewsindia24.com Assam August 10/2023:-
1. লোকসভাত অনাস্থা প্ৰস্তাৱৰ প্ৰত্যুত্তৰ দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰীৰ প্ৰত্যুত্তৰৰ সময়ত সংসদত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পীযূষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা।
2. ভক্তসকলৰ সুবিধাৰ্থে কামাখ্যা মন্দিৰত নিৰ্মাণ কৰা হ’ব ৰোপৱে।
টুইটযোগে ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ।
3. পুনৰ দুৰ্নীতি নিবাৰকৰ জালত পৰি গ্ৰেপ্তাৰ হল পৰিদৰ্শক নীৰেন ভট্টাচাৰ্য।
4. লেখিকা, সাংবাদিক মাইনী মহন্তলৈ গুণ মহন্তদেৱ বঁটা ঘোষণা।
২৭ আগষ্টত বিশিষ্ট লেখিকাগৰাকীক প্ৰদান কৰা হ’ব এই বিশেষ বঁটা।
5. “পাম খেতিক লৈ মানুহৰ মাজত ভ্ৰান্ত ধাৰণাৰ সৃষ্টি হৈছে, ধানতকৈ কম পানী লাগে পাম খেতিত” – মন্তব্য মন্ত্ৰী অতুল বৰাৰ ।
6. ডিগাৰু ৰে’লৱে ষ্টেচনৰ সমীপৰ কুৰকুৰীয়াত ৰে’লৰ খুন্দাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ গজৰাজৰ মৃত্যু হয়।
7. পুৱা ১০.৩০ বজাতে পানী এৰে নীপকোৱে।
দুয়োখন গেটেৰে পানী এৰাৰ কথা সদৰী নীপকো কৰ্তৃপক্ষই
8. গহপুৰৰ দক্ষিণাঞ্চলত ব্ৰহ্মপুত্ৰৰ প্ৰবল খহনীয়া।
নদীৰ বুকুত জাহ যায় হাজাৰ হাজাৰ বিঘা ভূমি।
খহনীয়া পৰিদৰ্শন কৰে TMPKৰ কেন্দ্ৰীয় সভাপতি তিলক দলেয়ে।
9. শিলচৰত অবৈধ সুৰাৰ ঘাটিত যুৱকৰ ৰহস্যজনক মৃত্যু।
মৃত যুৱকজন দয়াল তাঁতী। শিলচৰৰ হালটিয়াত এই ঘটনা সংঘটিত হৈছে।
10. নলবাৰী জিলাৰ আৰক্ষী অধীক্ষকৰ খেলপথাৰত পেৰেডৰ অনুশীলন।
পেৰেডত অংশগ্ৰহন কৰে অসম আৰক্ষীৰ জোৱান, শিক্ষাৰ্থীৰ ১৩টাকৈ প্লাটুনে।
11. সলনি হ’ল খাদ্য, অসামৰিক যোগান বিভাগৰ নাম।
খাদ্য, ৰাজহুৱা বিতৰণ আৰু উপভোক্তা পৰিক্ৰমা বিভাগৰূপে নামকৰণ কৰা হয়।
খাদ্য সুৰক্ষা নিয়ম ৰূপায়ণ কৰিব নতুন বিভাগটোৱে।
ৰাজহুৱা বিতৰণ প্ৰণালী, খাদ্য সুৰক্ষা সম্পৰ্কীয় বিধিও প্ৰস্তুত কৰিব।
দিল্লীৰ ৰাজ্যিক কেবিনেটত লোৱা হয় এই সিদ্ধান্ত।
12. মহানগৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
নিয়ন্ত্ৰণ হেৰুৱাই নলাত সোমাই এখন বাহন।
বাহনখনৰ ভিতৰৰ পৰা উদ্ধাৰ কৰে সুৰাৰ বটল।
সচিবালয়ৰ নতুন গেটৰ সমুখত এই দুৰ্ঘটনা।
13. ধেমাজিৰ চিমেন চাপৰিত ৫ লাখ টকাসহ ২ যুৱকক আটক।
জালনোটৰ বেহা চলোৱাৰ সন্দেহত আটক কৰে যুৱক দুজনক।
আৰক্ষীয়ে আটক কৰি জেৰা চলাই যুৱক দুজনক।
14. মহানগৰীত চাঞ্চল্যকৰ অপহৰণ, হত্যাকাণ্ড।
দশম শ্ৰেণীৰ অপহৃত ছাত্ৰ নিতেশ কুমাৰক হত্যা। পদপথৰ দোকানীয়ে হত্যা কৰে ছাত্ৰজনক।
বোন্দাত উদ্ধাৰ কৰে অপহৃত ছাত্ৰ নিতেশ কুমাৰ মৃতদেহ।
15. ৰাজ্যত অবৈধ স্বামীৰ বিৰুদ্ধে অব্যাহত আছে আৰক্ষীৰ অভিযান।
দক্ষিণ কামৰূপৰ জোৰশিমুলী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ শুকুৰ আলী।
১৫ বছৰীয়া নাবালিকাক পলুৱাই বিবাহ কৰিছিল শুকুৰ আলীয়ে।
16. বাক্সাৰ আল্লিয়াত ১১টা পৰিয়াললৈ উচ্ছেদৰ জাননী।
ৰাজহ চক্ৰ বিষয়াৰ পৰা জাননী লাভ পৰিয়ালকেইটাৰ।
১৫ দিনৰ ভিতৰত ঘৰৰ মাটি খালী কৰাৰ নিৰ্দেশ।
17. মালিগাঁও কামাখ্যা ৰে’ল ষ্টেচনৰ পৰা গাঞ্জা জব্দ।
ৰে’লৰ চীটৰ তলৰ পৰা উদ্ধাৰ কৰে বুজন পৰিমাণৰ গাঞ্জা।
RPF আৰু GRPৰ যৌথ অভিযানত জব্দ কৰে গাঞ্জাখিনি।
18. এদিনীয়া বিশ্বকাপৰ মেচৰ বাবে ২৫ আগষ্টৰ পৰা মুকলি হ’ব প্ৰথম পৰ্যায়ৰ টিকট বিক্ৰী।
BOOK MY SHOWৰ জৰিয়তে লাভ কৰিব পাৰিব টিকট।
19. বঢ়মপুৰৰ বালিজুৰিত উদ্ধাৰ কৰে প্ৰকাণ্ড অজগৰ।
অজগৰটোৰ দৈঘ্য প্ৰায় ১৫ ফুট, প্ৰায় ৫০ কিলোগ্ৰাম।
প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰাই উদ্ধাৰ কৰে অজগৰটো।
20. ‘ভাৰতত ধৰ্মৰ নামত অপপ্ৰচাৰ চলিছে,
নাৰী নিৰ্যাতনৰ বিৰুদ্ধে ব্যৱস্থা লওক, অপৰাধীক শাস্তি দিয়ক”- মন্তব্য বদৰুদ্দিন আজমলৰ।