৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।
মিচিং স্বায়ত্বশসিত পৰিষদৰ বিজ্ঞাপনৰ সবিশেষ।

Rnewsindia24.com Assam August 17/2023:-

1. আজি ডিফুত ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়া।
উজনিমুৱা জনশতাব্দী ৰে’লেৰে ডিফুত উপস্থিত হয় ৰাজ্যপালগৰাকী।
তাৰালাংছ’ত জিলা প্ৰশাসনৰে বৈঠকত বহে ৰাজ্যপাল গুলাব চান্দ কাটাৰীয়াই।

2. যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰ নিৰ্মীয়মান উৰণ সেতু পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
২০২৪ৰ ফ্ৰেব্ৰুৱাৰী মাহত ৰাইজৰ বাবে মুকলি কৰা হ’ব উৰণ সেতুখন।

3. ‘নেহৰুৰ পৰিচয় তেওঁৰ কামৰ বাবে, নামৰ বাবে নহয়।’
নেহৰু মেম’ৰিয়েল মিউজিয়াম এণ্ড লাইব্ৰেৰীৰ পুনৰ নামকৰণক লৈ মন্তব্য কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ।

4. ২৩-২৫ আগষ্টলৈ অনুষ্ঠিত হ’ব Assam Startup Fest-2023।
‘Assam Startup Fest-2023’ সন্দৰ্ভত আমবাৰীত সংবাদমেল সম্বোধন ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ।

5. গুজৰাটৰ গান্ধীনগৰত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সংস্থাৰ পৰম্পৰাগত ঔষধৰ গোলকীয় সন্মিলন।
উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালকপ্ৰধান, গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেল, কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ড০ মহেন্দ্ৰ মুঞ্জপাৰা।

6. উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হয় লোক নিৰ্মাণ বিভাগৰ হাফলঙৰ কাৰ্যকৰী অভিযন্তা মনোজ কুমাৰ শইকীয়া।
বিল মুকলিৰ নামত উৎকোচ লৈছিল শইকীয়াই।
দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰে কাৰ্যকৰী অভিযন্তাজনক।

7. আনহাতে উৎকোচ দাবী কৰি গ্ৰেপ্তাৰ হয় নলবাৰীৰ টিহু ৰাজহ চক্ৰৰ লাট-মণ্ডল দেৱাশিস বৰ্মন।
দালাল নয়ন বৰ্মনৰ জৰিয়তে লৈছিল ধন।
নয়ন বৰ্মনকো গ্ৰেপ্তাৰ কৰে দুৰ্নীতি নিবাৰক শাখাই।

8. CBIৰ DIG লাভলী কাটিয়াৰক মণিপুৰৰ ঘটনাৰ তদন্তৰ দায়িত্ব অৰ্পণ।
CBIৰ ৫৩জনীয়া দলে মণিপুৰত চলাব অনুসন্ধান।
জোনমনি ৰাভাৰ মৃত্যুৰ তদন্তৰ দায়িত্ব দিয়া হৈছিল DIG লাভলী কাটিয়াৰক।

9. জাগীৰোডৰ নেলীত পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত মৃত্যু হয় মালিগাঁও ৰে’ল ষ্টেচন ইউনিটৰ মুখ্য অভিযন্তা আনন্দ স্বৰূপৰ।
গুৱাহাটীৰ পৰা ডিমাপুৰৰ অভিমুখে গৈ থকাৰ অৱস্থাত নেলীত সংঘটিত হয় এই ঘটনা।
নিহত আনন্দ স্বৰূপৰ ঘৰ মুম্বাইত।

10. ডিব্ৰুগড়ত পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত দুই বাইক আৰোহীৰ মৃত্যু হয়।
বগীবিল দলঙৰ সমীপত ৰাষ্ট্ৰীয় ঘাইপথত এই দুৰ্ঘটনা সংঘটিত হয়।

11. ভৰলুমুখ আৰক্ষীৰ জালত ৪ দুৰ্ধৰ্ষ ডকাইত।
চাৰিওকে ছয়গাঁৱৰ পৰা আটক কৰে আৰক্ষীয়ে।
আৰক্ষীয়ে জব্দ কৰিছে এখন বলেৰ’ বাহন, ৪টা মোবাইল।

12. তামুলপুৰত চাঞ্চল্যকৰ ঘটনা।
চোৰৰ সন্দেহত এজন লোকক মৰিয়াই হত্যা কৰে।
নিহত যুৱকজন তিনিপুখুৰী গাঁৱৰ বিনোদ ব্রহ্ম।

13. কৰিমগঞ্জত আৰক্ষীৰ অভিযান।
জব্দ কৰে ৩ কোটি টকাৰ গাঞ্জা।
ট্রাকৰ গোপন চেম্বাৰৰ পৰা উদ্ধাৰ কৰে প্রায় ৬০০ কেজি গাঞ্জা।

14. কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়ত মৃতদেহ উদ্ধাৰ।
উলংগ অৱস্থাত উদ্ধাৰ কৰে এজন ব্যক্তিৰ মৃতদেহ।
কাৰ্যালয়ৰ প্ৰথম মহলাৰ VIP কোঠাত উদ্ধাৰ হয় মৃতদেহটো।
আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰিছে মৃতদেহটো।

15. ধুবুৰীৰ মানকাচৰত নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
ঝগৰাৰচৰৰ এখন ষ্টেচনাৰী দোকানৰ পৰা জব্দ কৰে ১,১৪০টা নিচাজাতীয় টেবলেট।
নিচাজাতীয় টেবলেটসহ এটা ড্ৰাগছ ব্যৱসায়ীক আটক আৰক্ষীয়ে।
ধৃত ড্ৰাগছ ব্যৱসায়ীটো ছাইফুল ইছলাম।

16. ছিপাঝাৰৰ পদ্মাঝাৰত নিশা উত্তেজনা।
গণপ্ৰহাৰত ছাগলী চোৰৰ মৃত্যু।
নিহত চোৰটো মজিবৰ আলী।
ঘটনাৰে জড়িত কেইবাজনো লোকক আটক কৰে ‌আৰক্ষীয়ে।
ঘটনাস্থলীত উপস্থিত হয় দৰঙৰ আৰক্ষী অধীক্ষক।

17. ভুৱা সাংবাদিকৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ অভিযান।
ভুৱা বাতৰি পৰিৱেশন কৰি কাছাৰত গ্ৰেপ্তাৰ হয় ২ ভুৱা সাংবাদিক।
ধৃত দুয়োৰে ঘৰ কাছাৰৰ উধাৰবন্দৰ পানগ্ৰামত।
ফেচবুক পেজ খুলি নিজকে সাংবাদিক বুলি পৰিচয় দিছিল দুয়োৱে।

18. হিমাচল আৰু উত্তৰাখণ্ডত অব্যাহত পাহাৰ স্খলন।
যোৱা ২৪ জুনৰ পৰা এই পৰ্যন্ত হিমাচলত ২১৪ আৰু উত্তৰাখণ্ডত মৃত্যু হৈছে ৫২জন লোকৰ।
চলিত সপ্তাহৰ প্ৰথম ৪টা দিনতে হিমাচলত মৃত্যু হৈছে ৬১ গৰাকীৰ।

19. কাৰ্বি আংলং জিলা আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ।
চৰকাৰ, স্বায়ত্তশাসিত পৰিষদে আদিবাসীসকলক প্ৰৱঞ্চনা কৰাৰ অভিযোগ।
বোকাজান মহকুমাৰ মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।

20. কাছাৰৰ লক্ষীপুৰত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ।
মাৰকুলিনৰ পৰা জব্দ কৰে প্ৰায় ৪৫ লাখ টকাৰ ড্ৰাগছ।

 

By : Sangita Dutta

Leave a Reply

Your email address will not be published. Required fields are marked *