৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।
Rnewsindia24.com Assam August 28/2023:-
1. আজি দেশজুৰি অনুষ্ঠিত হয় প্রধানমন্ত্রী ৰোজগাৰ মেলা।
দেশৰ ৪৫টা স্থানত আয়োজন কৰা হয় এই ৰোজগাৰ মেলাৰ।
উক্ত মেলাত ৫১ হাজাৰতকৈও অধিক যুৱক-যুৱতীক নিযুক্তিপত্র প্রদান কৰা হয়।
ভিডিঅ’ কনফাৰেন্সিঙৰ জড়িয়তে নিযুক্তিপ্রাপ্ত সকলৰ সৈতে বাৰ্তালাপ কৰে প্রধানমন্ত্রী নৰেন্দ্ৰ মোডীয়ে।
উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহু গণ্যমান্য ব্যক্তি।
2. সু- খবৰ।
চিকাগো ছাউথ এছিয়ান চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ‘সত্য দ্য ট্ৰুথ’।
২৪ ছেপ্তেম্বৰত আমেৰিকাৰ চিকাগো চহৰৰ আইকন থিয়েটাৰত প্ৰদৰ্শিত হ’ব ছবিখন।
ছবিখনৰ পৰিচালনা কৰে ৰূপজ্যোতি বৰঠাকুৰে।
3. বিশ্ব এথলেটিকছ চেম্পিয়নশ্বিপত নীৰজ চোপ্ৰাৰ স্বৰ্ণ জয়।
৮৮.১৭ মিটাৰ জেভলিন থ্ৰ’ কৰি স্বৰ্ণপদক অৰ্জন কৰে চোপ্ৰাই।
4. ডিচেম্বৰৰ পৰা Jio 5G ব্ৰডবেণ্ড উপলব্ধ হ’ব।
ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ লিমিটেডৰ অধ্যক্ষ তথা পৰিচালন সঞ্চালক মুকেশ আম্বানীয়ে এই কথা ঘোষণা কৰে।
*ৰিলায়েন্স বোৰ্ডৰ দ্বায়িত্বৰ পৰা আঁতৰিল নীতা আম্বানী।
ঈশা আম্বানী, আকাশ আম্বানী, অনন্ত আম্বানীক কোম্পানীৰ নতুন দ্বায়িত্ব অৰ্পন।
ৰিলায়েন্স ফাউণ্ডেচনৰ অধ্যক্ষ পদত থাকিব নীতা আম্বানী।
5. প্ৰয়াত দেৱেন দত্তৰ বাসগৃহত উপস্থিত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
দেৱেন দত্তৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে মন্ত্ৰীগৰাকীয়ে।
লগতে ‘দেৱেন দত্তৰ আদৰ্শ অসমীয়া সমাজ-জীৱনত সদায় জিলিকি থাকিব’ বুলি মন্তব্য কৰে সৰ্বানন্দ সোণোৱালে।
6. ‘বিজেপি এতিয়া এখন ডুবন্ত জাহাজ’।
বিভিন্ন পৰ্যায়ত বিজেপিৰ বিপৰ্যয় আৰম্ভ হৈছে”- এই মন্তব্য অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।
7. ডিব্ৰুগড়ত ভয়াবহ ভাৱে বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলস্তৰ।
বান পৰিস্থিতিৰ বুজ ল’লে বিধায়ক প্ৰশান্ত ফুকনে লগতে সৰ্তক হৈ থকাৰ আহ্বান জনাই বিধায়ক গৰাকী এ।
8. কাইলৈৰ পৰা বন্ধ গুৱাহাটী-উত্তৰ গুৱাহাটী ফেৰী সেৱা।
ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি হোৱা বাবে এই সিদ্ধান্ত আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ।
9. মহানগৰীৰ জালুকবাৰী সাতমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা।
তীব্ৰবেগী ডাম্পাৰে মহটিয়ালে এখন স্কুটাৰ।
আহত হয় স্কুটাৰ আৰোহী গৰাকী।
10. বকোত আৰক্ষীৰ জালত ATM চোৰৰ গেং।
৩টাকৈ গভাইত চোৰক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে।
জব্দ কৰে ৰে’ল বিভাগত ব্যৱহৃত এখন স্ক’ৰপিঅ বাহন।
11. পশ্চিমবংগৰ ফটকা কাৰখানাত বিস্ফোৰণ।
বিস্ফোৰণত নিহত হয় ৮জনকৈ কৰ্মচাৰী।
গুৰুতৰভাৱে আহত হয় আন বহুকেইজন কৰ্মচাৰী।
উত্তৰ ২৪ পৰগনা জিলাত সংঘটিত হয় দুৰ্ঘটনাটো।
12. নামেৰী ৰাষ্ট্ৰীয় উদ্যানত সুগৰী পহুৰ মাংসসহ দুজনক আটক।
কন্যকা ইক’ ৰিজ’ৰ্টৰ পৰা উদ্ধাৰ কৰে পহুৰ মাংস।
জব্দ কৰে দুটাকৈ হৰিণৰ শিং, লাওখোলা আৰু কেইবাটাও ম’বাইল।
ধৃত জয় কুমাৰ কন্যকা ইক’ ৰিজ’ৰ্টৰ ব্যৱস্থাপক।
13. মায়ঙৰ হিলৈখুন্দাত পথৰ পৰা ব্ৰহ্মপুত্ৰ নৈত বাগৰিল বাহন।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক।
বাহনখনত আছিল ৪জন যুৱক-যুৱতী।
14. মহানগৰীৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় দুৰ্গেশ্বৰ দাসৰ নামৰ এজন ব্যক্তি ।
15. তিতাবৰত চাহ বাগিচাৰ কলঘৰত আহত শ্ৰমিকৰ মৃত্যু।
আজি পুৱা JMCHত মৃত্যু হয় শ্ৰমিক ভাস্কৰ মহান্তিৰ।
তাইৰুণ চাহ বাগিচাত সংঘটিত হৈছিল এই ঘটনা।
16. নগাঁও জিলাৰ আঞ্জুকপানীত নৃশংস ঘটনা।
পুত্ৰৰ প্ৰহাৰত প্ৰাণ হেৰুৱালে পিতৃয়ে।
নিহত বৃদ্ধজনৰ নাম কুদ্দুছ আলী।
পুত্ৰ আনোৱাৰে গছৰ ডালেৰে আক্ৰমণ কৰে পিতৃক।
সুৰাৰ ৰাগীতে আনোৱাৰে আক্ৰমণ কৰে পৰিয়ালৰ আন সদস্যসকলক।
আহতসকলক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
17. বালিপৰাৰ মানশিৰি নৈত আবদ্ধ হৈ থকা ৮টাকৈ পৰিয়ালক উদ্ধাৰ কৰে SDRF এ।
বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত তেওঁলোকক খাদ্য সামগ্ৰী বিতৰণ কৰে ।
18. মণিপুৰৰ চুড়াচান্দপুৰত জব্দ জব্দ কৰে ৭টা মাৰণাস্ত্ৰ।
লগতে ১১১ ৰাউণ্ড সক্ৰিয় গুলী।
19. ওদালগুৰিত পুনৰ বনৰীয়া হাতীৰ মৃত্যু।
বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয় এটা হাতী।
ভাৰত-ভূটান সীমান্তৰ হাতীগড়ত সংঘটিত হয় এই ঘটনা।
20. মৰিয়নিৰ নকচাৰীত খাদ্য সামগ্রীত বিষক্রিয়াৰ ঘটনা।
বিষক্রিয়া হৈ আক্রান্তৰ সংখ্যা ১৫০লৈ বৃদ্ধি হয়।
আক্রান্তৰ ভিতৰত মহিলা আৰু শিশুৰ সংখ্যা সৰ্বাধিক।
আক্রান্তসকলক JMCHলৈ প্রেৰণ কৰা হয়।
By:- Sangita Dutta News Editor Rnewsindia24.com