৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 12/2023:- 

১/ আজিৰে পৰা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশন।
বিধানসভাৰ নতুন ভৱনৰ সন্মুখৰ মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি উন্মোচন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই।
উন্মোচন স্থলিত উপস্থিত থাকে অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, মন্ত্ৰী পীয়ুষ হাজৰিকা, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, মন্ত্ৰী যোগেন মহন আৰু বহু গণ্যমান্য ব্যক্তি।

২/ বিশিষ্ট লেখিকা, অগ্ৰণী সমাজ সেৱিকা, সাংস্কৃতিক কৰ্মী মীনা মহন্তলৈ লাৱণ্য হাজৰিকা আদৰ্শ মাতৃ বঁটা।
অসম সাহিত্য সভা চৌহদৰ লক্ষ্মীৰাম বৰুৱা সদনত আয়োজিত এক অনুষ্ঠানত বঁটা গ্ৰহণ কৰে মীনা মহন্তই।

৩/ সৰুসজাইৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইন্দোৰ ষ্টেডিয়ামত ৰাষ্ট্ৰীয় টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ।
সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা।

৪/ সীমান্ত পথৰ অতিৰিক্ত সঞ্চালক পিকেএিছ সিঙে সীমান্ত পথ সংস্থাৰ প্ৰকল্প পৰিদৰ্শন কৰে ।
ছিকিম আৰু উত্তৰ বংগত চলি থকা নিৰ্মাণ কাৰ্যৰ বুজ লয় অতিৰিক্ত সঞ্চালকগৰাকীয়ে।

৫/ টিহুৰ ৩১ নং ঘাইপথৰ ভাল্লা চ’কত নৈশবাছ দুৰ্ঘটনাগ্ৰস্ত।
ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দ খাৱৈত বাগৰি পৰে বাছখন।
বাছখনত শিশু-মহিলাসহ আছিল ৫৫জন যাত্ৰী।

৬/ দৰঙত জলজীৱন আঁচনিৰ ৬টাকৈ প্ৰকল্প উদ্বোধন কৰে সাংসদ দিলীপ কুমাৰ শইকীয়াই।
সাংসদগৰাকীৰ সৈতে উপস্থিত থাকে বিধায়ক পৰমানন্দ ৰাজবংশী, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়ববীয়াৰ লগতে স্থানীয় ৰাইজ।

৭/ মঙলদৈত ৩ নকল সোণৰ ব্যৱসায়ীক খেদি খেদি কৰায়ত্ত।
মেনাপাৰাৰ পৰা আৰক্ষীয়ে কৰায়ত্ত ৩ নকল সোণৰ ব্যৱসায়ীক।

৮/ জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত চেপা উত্তেজনা। শ্ৰীনগৰ-বাৰমূলা ৰোডত IED উদ্ধাৰ কৰে।
IEDটো নিষ্ক্ৰিয় কৰে সেনাৰ বোমা বিশেষজ্ঞৰ দলে।
হাঞ্জিৱাৰা পট্টনত IEDটো নিষ্ক্ৰিয় কৰে দলটোৱে।

৯/ লামডিং ৰে’ল ষ্টেচনত ৪৩০ গ্ৰাম ব্ৰাউন ছুগাৰসহ ৯জনক আটক কৰে।
ৰে’লৱে সুৰক্ষা বাহিনী, ৰে’ল আৰক্ষীয়ে জব্দ কৰে ড্ৰাগছখিনি।

১০/ যোৰাবাটত প্ৰায় ২১ কোটি টকাৰ হেৰ’ইন জব্দ কৰে।
১৯৮টা চাবোনৰ বাকচত আনিছিল হেৰ’ইনখিনি।
গাড়ীত গোপন চেম্বাৰ বনাই লুকুৱাই আনিছিল হেৰ’ইনখিনি।
মধ্য আৰু পূব গুৱাহাটী আৰক্ষীৰ অভিযানত জব্দ কৰে।

১১/ মহাৰাষ্ট্ৰৰ থানেত শোকাৱহ ঘটনা।
নিৰ্মীয়মান ৪০ মহলীয়া অট্টালিকাৰ লিফ্ট খহি ৭জন শ্ৰমিকৰ মৃত্যু হয়।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত আন দুজন শ্ৰমিকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

১২/ বৰপেটাৰ সুখোৱাৰঝাৰত ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে।
সৰবৰাহকাৰী দুটাৰ পৰা ৬টাকৈ ড্ৰাগছভৰ্তি কণ্টেইনাৰ জব্দ কৰে।

১৩/ কাছাৰৰ কালাইনত নৃশংস হত্যাকাণ্ড।
কম্বলেৰে সোপা দি ৪ দিনীয়া নৱজাতকক হত্যা কৰে পিতৃক।
কুৰকুৰি চাহ বাগিচাত এই ঘটনা সংঘটিত হৈছে।

১৪/ মহানগৰীৰ জালুকবাৰীত মৃতদেহ উদ্ধাৰ।
কাটিয়া দলঙৰ ৰে’ল লাইনৰ সমীপত উদ্ধাৰ কৰে মৃতদেহটো।

১৫/ নলবাৰীৰ সতীৰকুৰ দলঙৰ সমীপত ভয়ংকৰ ঘটনা।
নিচাযুক্ত দ্রব্য খুৱাই লুটে এগৰাকী যুৱ ব্যৱসায়ীক।
যুৱ ব্যৱসায়ীগৰাকীৰ নাম ৰিতু বৰ্মন।
নগদ ধনৰ লগতে বহু সামগ্রী লৈ উধাও দুৰ্বৃত্ত।

১৬/ চচলত সদৌ অসম চৰকাৰী চিকিৎসালয় অস্থায়ী স্বাস্থ্য কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ।
চাকৰিৰ নিয়মীয়াকৰণৰ লগতে চৰকাৰী চাকৰিয়ালৰ সমমৰ্যাদা প্ৰদানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে।

১৭/ বাক্সাৰ বাগানপাৰা বেংঞ্চিমাৰীত অঘটন।
জন্মদিনৰ বুটমাহ খাই অসুস্থ হয় ৩০ জনতকৈও অধিক লোক।
অসুস্থসকলৰ ভিতৰত আছে কেইবাটাও শিশু।
অসুস্থ লোকসকলক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

১৮/ কামপুৰ কচুৱাত CBIৰ কনিষ্টবলক আটক।
ধন দাবী কৰি আটক হয় শিৱসাগৰ ডিমৌৰ অনন্ত ভড়ালী।

১৯/ প্রদূষণ নিয়ন্ত্রণৰ বাবে কঠোৰ দিল্লী চৰকাৰ।
দিল্লীত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে ফটকা, আতচবাজি।
আতচবাজি প্রস্তুত আৰু বিক্রীৰ ক্ষেত্রতো নিষেধাজ্ঞা।

২০/ মহানগৰীত পুনৰ ধনলুটৰ ঘটনা।
আমবাৰীত সংঘটিত হৈছে এই ঘটনা।
গাড়ীৰ গ্লাছ ভাঙি ধন লৈ উধাও দুৰ্বৃত্ত।
এখন হোণ্ডা ইমেজ বাহনৰ পৰা নগদ ৩ লাখ টকা লুট দুৰ্বৃত্তৰ।

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *