৫ মিনিটত ২০টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 17/2023:- 

1. মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মালৈ আন্তঃৰাষ্ট্ৰীয় ফেল’শ্বিপ।
ছিংগাপুৰৰ বেচৰকাৰী সংস্থা লী কুৱান য়েও এক্সচেঞ্জে আগবঢ়াইছে এই বিশেষ ফেল’শ্বিপ।
উন্নয়নত বিশেষ পাৰদৰ্শিতাৰ বাবে এই ফেল’শ্বিপ মুখ্যমন্ত্ৰীলৈ।

2. অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ।
জনতা ভৱনত গছপুলি ৰোপণ কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত শৰ্মাই।

3. বিশ্বনাথত গছপুলি ৰোপণ কৰি অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰে মন্ত্ৰী মন্ত্ৰী পীযূষ হাজৰিকাই।

4. নলবাৰীত অমৃত বৃক্ষ আন্দোলনৰ শুভাৰম্ভ কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই।
এম চি মিলন হাইস্কুল খেলপথাৰত গছপুলি ৰোপণ কৰে মন্ত্ৰীগৰাকীয়ে।

5. সোণাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে।Ranoj Pegu
লগতে ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীৰেও মত বিনিময় কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

6. অমৃত বৃক্ষ আন্দোলন সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ প্ৰধানমন্ত্ৰীৰ পত্ৰ।
এনে কাৰ্যসূচী হাতত লোৱা বাবে অসম চৰকাৰক ধন্যবাদ জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

7. নতুন সংসদ ভৱনত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে।

8. কলাক্ষেত্ৰত PM বিশ্বকৰ্মা আঁচনিৰ শুভ উদ্বোধন।
ভাৰ্চুৱেলী এই আঁচনিৰ শুভ উদ্বোধন অনুষ্ঠানত অংশগ্ৰহণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী য়ে।Sarbananda Sonowal
অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বহু গণ্যমান্য ব্যক্তি।Sarbananda Sonowal

9. গোলাঘাটৰ আঠাবাৰীত ভয়ংকৰ ঘটনা।
চাহ ফেক্টৰীলৈ গেছ পৰিবাহী পাইপত ফাট।
গেছৰ পাইপ ফুটি অহৰহ নিৰ্গত হয় গেছ।
কৰ্মচাৰীয়ে JCBৰে গাঁত খান্দি থকাৰ সময়তে ফুটে পাইপ।

10. মৰাণৰ খোৱাঙত ভয়ংকৰ পথ দুৰ্ঘটনা।
ডিভাইডাৰত খুন্দা মাৰি পথৰ ওপৰতে বাগৰিল অল্ট’ ৮০০ বাহন।
দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় শিশুসহ ৩গৰাকী লোক।

11. যোৰাবাটত জব্দ গো-ধনভৰ্তি ট্ৰাক।
ট্ৰাকখনৰ পৰা উদ্ধাৰ কৰে ৪২টা গো-ধন।
লগতে চালক আৰু হেণ্ডিমেন আটক কৰে।

12. শোণিতপুৰৰ বৰছলাত অবৈধ মাৰণাস্ত্ৰসহ চোৰাং চিকাৰীক গ্ৰেপ্তাৰ।
মুছলিম চাপৰিৰ পৰা মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ কৰে ২ চোৰাং চিকাৰীক।

13. জোনাইৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা।
দুৰ্ঘটনাত থিতাতে নিহত হয় এজন যুৱক।
বাইকেৰে ঘৰলৈ আহি থকা অৱস্থাত নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাটো।

14. ব্ৰাজিলৰ আমাজানৰ বাৰ্চেলোচ প্ৰভিন্সত ভয়ংকৰ বিমান দুৰ্ঘটনা।
দুৰ্ঘটনাত চালকসহ মৃত্যু হয় ১৪জন যাত্ৰীৰ।

15. শিৱসাগৰৰ চিন্তামণিগড়ত ভয়ংকৰ কাণ্ড।
সুৰাপায়ী পুত্ৰৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত হয় পিতৃ।
গুৰুতৰভাৱে আহত লোকজনক জয়সাগৰস্থিত মেডিকেলত ভৰ্তি কৰোৱা হয়।

16. গুৱাহাটীৰ বামুণীমৈদামত ৬ মহলীয়া অট্টালিকাৰ পৰা পৰি মেঘালয়ৰ যুৱতীৰ মৃত্যু।
‘সোৱণশিৰি এপাৰ্টমেণ্ট’ত সংঘটিত হয় এই ঘটনা।

17. কোকৰাঝাৰত ভয়ংকৰ ঘটনা।
ঝাৰবাৰীত বনকৰ্মীৰ গুলীত নিহত হয় এজন লোক।
নিহত লোকজনৰ নাম হেমন্ত বসুমতাৰী।
ঘটনাৰ উচিত তদন্ত আৰু ন্যায় বিচাৰি ৰাইজৰ প্রতিবাদ।

18. উত্তৰাখণ্ডৰ মৌচুৰিত ভয়ংকৰ অগ্নিকাণ্ড।
কেমেল ৰোডৰ এখন হোটেলত সংঘটিত হয় এই ঘটনা।
শ্বৰ্ট চাৰ্কিটৰ ফলতে জ্বলে হোটেলৰ কেইবাটাও কোঠা।

19. ধুবুৰীৰ আগমণি ৰে’ল ষ্টেচনত প্রতিবাদ।
আছু, আক্রাছুকে ধৰি কেইবাটাও সংগঠনে সাব্যস্ত কৰে প্রতিবাদ।
নিউ জলপাইগুৰি-গুৱাহাটী যাত্রীবাহী ৰে’ল ষ্টেচনটোত ৰখোৱাৰ দাবী।

20. ঢেকীয়াজুলিৰ ৰাক্ষসমাৰীত ট্ৰেক্টৰ ধুবলৈ গৈ পুখুৰীত সলিল সমাধি ২ যুৱকৰ।
মৃত যুৱক দুজন প্ৰীতম গৌড়, জোৱালা গৌড়।

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *