বিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী ভাৰতীয় মহিলা পদ্মভূষণ অসীমা চেটাৰ্জীৰ জীৱনযাত্ৰাঃ
অসীমা চেটাৰ্জী ভাৰতৰ এগৰাকী খ্যাতনামা জৈৱ ৰসায়ন বিজ্ঞানী।
তেখেত জন্ম হৈছিল ১৯১৭ চনৰ ২৩ ছেপ্টেম্বৰ তাৰিখে কলিকতাত।
পিতৃৰ নাম ডাঃ ইন্দ্ৰ নাৰায়ণ মুখাৰ্জী আৰু মাতৃ নাম কমলা দেৱী।
অসীমা তেওঁলোকৰ জ্যেষ্ঠ সন্তান আছিল।
কলিকতাৰ এক মধ্যবিত্ত পৰিয়ালত তেওঁ শৈক্ষিক পৰিৱেশৰ মাজত ডাঙৰ হৈছিল।
তেওঁৰ পিতৃ উদ্ভিদ বিজ্ঞানৰ প্ৰতি বিশেষভাৱে আকৃষ্ট আছিল আৰু তেওঁৰ পৰাই অসীমায়ে এই বিষয়ৰ প্ৰতি আকৰ্ষিত হয়।
তেওঁ ১৯৩৬ চনত কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত স্কটিছ চাৰ্চ কলেজৰ পৰা ৰসায়ন বিজ্ঞানত সন্মানসহ স্নাতক ডিগ্ৰী লাভ কৰিছিল।
১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা জৈৱ ৰসায়নত স্নাতকোত্তৰ আৰু ১৯৪৪ চনত ডক্টৰেট ডিগ্ৰী লাভ কৰে।
বিজ্ঞান বিষয়ত ডক্টৰেট ডিগ্ৰী লাভ কৰা তেওঁ প্ৰথম গৰাকী ভাৰতীয় মহিলা।
তেওঁৰ ডক্টৰেট গৱেষণাৰ বিষয়বস্তু আছিল উদ্ভিদজাত দ্ৰব্যৰ ৰসায়ন আৰু কৃত্ৰিম জৈৱ ৰসায়ন।
তদুপৰি তেওঁ ৱিজকনচিন বিশ্ববিদ্যালয়, মেডিচন আৰু কেলটেকতো গৱেষণা কৰিবলৈ সুযোগ লাভ কৰিছিল।
তেওঁ গৱেষণাৰ দ্বাৰা কিম’থেৰাপিৰ, মেলেৰিয়া আৰু মৃগীৰ ঔষধ উদ্ভাৱন কৰিছিল।
তেওঁ প্ৰায় ৪০ বছৰ কাল বিভিন্ন এলকালয়ডৰ ওপৰত গৱেষণা কৰিছিল।
তেওঁৰ গৱেষণাৰ পৰা মৃগী ৰোগৰ এটি ঔষধ হল আয়ুষ-৫৬।
তেওঁ প্ৰায় ৪০০ খন গৱেষণা পত্ৰ বহু ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় জাৰ্নেলত প্ৰকাশিত হৈছে।
তেওঁ কৰ্মজীৱনৰ পাতনি মেলে কলিকতা বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত লেডী ব্ৰাবৌৰ্ণে কলেজত ৰসায়ন বিজ্ঞানৰ অধ্যাপক হিচাপে।
তেওঁ তাত পোন প্ৰথমবাৰৰ বাবে ৰসায়ন বিজ্ঞান বিভাগ আৰম্ভ কৰিছিল।
১৯৫৪ চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ ইউনিভাৰ্চিটি কলেজ অফ চাইন্সত বিশুদ্ধ ৰসায়নৰ ৰিডাৰ হিচাপে যোগদান কৰে।
১৯৬০ চনত অসীমা চেটাৰ্জী ভাৰতীয় ৰাষ্ট্ৰীয় বিজ্ঞান একাডেমীৰ ফেল’ হিচাপে নিৰ্বাচিত হয়।
১৯৬১ চনত তেওঁ প্ৰথম মহিলা হিচাপে ৰসায়ন বিজ্ঞানত শান্তি স্বৰূপ “ভাটনাগৰ বঁটা” লাভ কৰিছিল।
তেওঁৰ অৱদানৰ প্ৰতি স্বীকৃতি জনায় ভাৰত চৰকাৰে ১৯৭৫ তেওঁক ভাৰতৰ তৃতীয় সৰ্বোচ্চ অসামৰিক সন্মান “পদ্মভূষণ বঁটা” প্ৰদান কৰে।
একে বছৰে তেওঁ ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ প্ৰথম মহিলা সভাপতি হিচাপে নিৰ্বাচিত হয়।
১৯৮২ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা ১৯৯০ চনৰ মে’ মাহলৈ তেওঁ ৰাজ্যসভাৰ মনোনীত সাংসদ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
২০০৬ চনৰ ২২ নৱেম্বৰ তাৰিখে ৮৯ বছৰ বয়সত কলকাতাত মৃত্যুবৰণ কৰে।
তেখেতে জৈৱ ৰসায়ন আৰু উদ্ভিদ ৰসায়নৰ ক্ষেত্ৰখনলৈ যিখিনি অৱদান আগবঢ়াই থৈ গ’ল সেইয়া ভাৰতবাসীয়ে চিৰদিন মনত ৰাখিব আৰু নৱ প্ৰজন্মই অনুসৰণ কৰিব।
এনে মহান ব্যক্তিসকলৰ জীৱনযাত্ৰাৰ বিষয়ে জানি থাকিবৰ বাবে চাই থাকিব rnewsindia24.com
ধন্যবাদ।
Sangita Dutta News Editor Rnewsindia24.com