৫ মিনিটত ২০ টা গুৰুত্বপূৰ্ণ খবৰ।

Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Sept 23/2023:- 

1. আজি বাৰানসীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ হাজাৰ আসনবিশিষ্ট আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে।

2. আমিনগাঁৱত অনুষ্ঠিত হৈ থকা অতি ৰুদ্ৰ মহাযজ্ঞস্থলীত আহুতি প্ৰদান কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু পত্নী ৰিনিকি ভূঞা শৰ্মাই। Himanta Biswa Sarma

 

3. জনতা ভৱনত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ শুভাৰম্ভণি।
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে বিশেষ প’ৰ্টেল।
যোগ্য হিতাধিকাৰীয়ে লাভ কৰিব চৰকাৰী অনুদান আৰু ঋণ।
দুটা কিস্তিত ২, ৩ আৰু ৫ লাখকৈ লাভ কৰিব সূতবিহীন ঋণ।
নিৰ্বাচিত হিতাধিকাৰীয়ে দক্ষতা প্ৰশিক্ষণ প্ৰতিষ্ঠানত ল’ব লাগিব প্ৰশিক্ষণ।
প্ৰশিক্ষণৰ সময়ত ১০,০০০ টকাৰ বৃত্তিও প্ৰদান কৰিব চৰকাৰে।

4. শিল্পী অৰুণ দাসৰ স্বাস্থ্যৰ বুজ ল’বলৈ GMCHত উপস্থিত হয় মন্ত্ৰী বিমল বৰা।
শিল্পীগৰাকীৰ চিকিৎসাৰ সম্পূৰ্ণ খৰছ বহন কৰিব ৰাজ্য চৰকাৰে।

5. কাইলৈ গুৱাহাটীত বন্ধ থাকিব সুৰাৰ বিপণী।
২৪ ছেপ্টেম্বৰত গুৱাহাটীত ড্ৰাই দে’ ঘোষণা।
শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱ উপলক্ষে ড্ৰাই দে’ ঘোষণা কামৰূপ (মেট্ৰ’) জিলা আয়ুক্তৰ।

6. দীৰ্ঘ বিৰতিৰ অন্তত মণিপুৰত ইণ্টাৰনেট সেৱা মুকলি।
ৰাজ্যখনত ৩ মে’ৰ পৰা বন্ধ হৈ আছিল ইণ্টাৰনেট সেৱা।
প্ৰায় ৪ মাহৰ বিৰতিৰ পাছত সম্পূৰ্ণ ৰূপে খুলি দিয়া হয় ইন্টাৰনেট সেৱা।

7. ৰাজ্যৰ সকলো আৰক্ষী অধীক্ষকলৈ জৰুৰী পত্ৰ।
পত্ৰ প্ৰেৰণ কৰিছে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ে।
বদলি আৰু পদোন্নতি হোৱা বিষয়াক তাৎক্ষণিকভাৱে এৰি দিবলৈ নিৰ্দেশ দিয়ে।

8. ভাল খবৰ।
১৮ টকাকৈ বৃদ্ধি কৰা হৈছে চাহ শ্ৰমিকৰ মজুৰি।
১ অক্টোবৰৰ পৰা কাৰ্যকৰী হ’ব চাহ শ্ৰমিকৰ বৰ্ধিত মজুৰি।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ চাহ শ্ৰমিকে লাভ কৰিব ২৫০ টকা, ইয়াৰ বিপৰীতে বৰাক ভেলীৰ চাহ শ্ৰমিকে লাভ কৰিব ২২৮ টকা।
২৫ ছেপ্টেম্বৰত কৰম পূজাৰ নিঃচৰ্ত বন্ধ ঘোষণা।

9. চোৰাং গৰুৰ বিৰুদ্ধে হাজো আৰক্ষীৰ অভিযান।
অভিযানত জব্দ কৰে ১৪টাকৈ চোৰাং গৰুসহ বাহন।
মঙলদৈৰ পৰা সৰ্থেবাৰী অভিমুখে আহিছিল গৰুভৰ্তি বাহনখন।
আৰক্ষীয়ে আটক কৰে বাহনখনৰ চালক আৰু হেণ্ডিমেনক।
জব্দকৃত গৰুকেইটা গোশালালৈ প্ৰেৰণ কৰে হাজো আৰক্ষীয়ে।

10. ড্ৰাগছৰ বিৰুদ্ধে খানাপাৰাত STFৰ অভিযান।
খানাপাৰাৰ উৰণ সেতুৰ তলৰ পৰা STF-এ গ্ৰেপ্তাৰ কৰে ৭টা ড্ৰাগছ সৰবৰাহকাৰীক।

11. নাগপুৰত বানত প্লাৱিত নাগপুৰ বিমান বন্দৰ, বিস্তীৰ্ণ আৱাসিক এলেকা।
নিৰাপদ স্থানলৈ স্থানান্তৰ বন্যাক্ৰান্তক।
বিদ্যালয় বন্ধ ঘোষণা কৰিছে প্ৰশাসনে।

12. ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত অমৃত কলহ যাত্ৰা।
পুৰণি গুদামত যাত্ৰাত অংশগ্ৰহণ কৰে স্থানীয় বিধায়ক জিতু গোস্বামী আৰু বহু গণ্যমান্য ব্যক্তি।

13. বোকাজানৰ বৰপথাৰ আৰক্ষীৰ অভিযান।
জব্দ কৰে ইউৰিয়া সাৰ,অবৈধভাৱে কঢ়িয়াই অনা ৩০০ বেগ ইউৰিয়া সাৰ।

14. মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে প্ৰদেশ মহিলা কংগ্ৰেছৰ এজাহাৰ দাখিল৷
দিছপুৰ থানাত এজাহাৰ দাখিল সভানেত্ৰী মীৰা বৰঠাকুৰৰ৷
মধ্য প্ৰদেশত অসমৰ মুখ্যমন্ত্ৰীয়ে দিয়া উচটনিমূলক মন্তব্যৰ বিৰোধিতা৷
১০ জনপথ জ্বলাই দিবলৈ মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে৷

15. চাকৰিৰ নামত ধন লৈ আটক বিজেপি যুৱ মৰ্চাৰ নেতা৷
আৰক্ষীৰ জালত পৰে হোজাই ধলপুখুৰী যুৱ মৰ্চাৰ মণ্ডল সভাপতি সৌৰভ চৌধুৰী৷
এগৰাকী মহিলাৰ পৰা চাকৰি দিয়াৰ নামত লৈছিল ধন।

16. গোলাঘাট জিলাৰ বিভিন্ন প্ৰান্তত ডেংগুৰ ভয়াৱহ প্ৰাদুৰ্ভাৱ।
৪৩জন ৰোগী আক্ৰান্ত হৈছে ডেংগু ৰোগত।

17. জোনাইৰ চিগাত ভয়ংকৰ দুৰ্ঘটনা৷
ৰে’লে মহটিয়াই নিলে চাৰিচকীয়া বাহন৷
কথমপি প্ৰাণ ৰক্ষা বাহনখনৰ চালকসহ যাত্ৰী।

18. ধেমাজিত আছুৰ প্ৰতিবাদী সমদল।
চৰকাৰে ৰাজ্যৰ বহু বিদ্যালয় বন্ধ কৰি দিয়া সিদ্ধান্ত বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ।
দাহ কৰে শিক্ষা মন্ত্ৰী, মুখ্যমন্ত্ৰীৰ পুত্তলিকা।

19. হামচফৰ এক্সপ্ৰেছত অগ্নিকাণ্ড।
গুজৰাটৰ ভালচাড়ৰ অঞ্চলত সংঘটিত হৈছে এই অগ্নিকাণ্ড।
তিৰুচিৰাপল্লীৰ পৰা শ্ৰীগংগানগৰলৈ গৈছিল ৰেল খন।

20. মুখ্যমন্ত্ৰী পৰিয়ালৰ বিচাৰ দুখন হ’ব এখন ৰাইজৰ আদালতত, এখন ন্যায়ালয়ত’।
‘গৌৰৱ গগৈৰ বিৰুদ্ধে মানহানি গোচৰক আদৰণি জনাইছো’- মন্তব্য ভূপেন বৰাৰ।

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *