2. আজি অগপৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস।
গোলাঘাট সমন্বয় ক্ষেত্ৰত আয়োজন কৰে কেন্দ্ৰীয় কাৰ্যসূচী।
উপস্থিত থাকে দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, জ্যেষ্ঠ নেতা ফণীভূষণ চৌধুৰী, কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতিসকল, সাধাৰণ সম্পাদকসকল, বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া, জিলা সমিতিৰ সভাপতি, সম্পাদক তথা অন্যান্য বিষয়ববীয়া, দলৰ ভাতৃ-ভগ্নী সংগঠনৰ সভাপতি, সম্পাদক, বিষয়ববীয়াকে ধৰি দলৰ সৰ্বস্তৰৰ কৰ্মকৰ্তাসকল।
3. কলাক্ষেত্ৰত সাহিত্যিক বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবৰ্ষ উদযাপন।
সাংস্কৃতিৰ শোভাযাত্ৰাৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে।
উপস্থিত থাকে বহু কেইগৰাকী গণ্যমান্য ব্যক্তি।
4. কটন বিশ্ববিদ্যালয়ত
এদিনীয়া শৈক্ষিক সন্মিলন।
উচ্চ শিক্ষা সন্মিলনৰ উদ্যোগত অনুষ্ঠিত হয় এই সন্মিলন।
সন্মিলনত উপস্থিত থাকে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, আৰু বহু গণ্য মান্য ব্যক্তি।
17. শোণিতপুৰৰ মালিজানত ভয়ংকৰ পথ দুৰ্ঘটনা।
বালিভৰ্তি ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় এজন লোক।
নিহত লোক জনৰ নাম ৰামনাথ ঘাতুৱাৰ।
উত্তেজিত ৰাইজে দুৰ্ঘটনা সংঘটিত কৰা বাহন খন জ্বলাই দিয়ে।
18. শ্ৰীমন্ত শংকৰদেৱ সংঘৰ উত্তৰ-পূৰ্বাঞ্চলীয় সাংস্কৃতিক সমন্বয় সমাৰোহ।
গহপুৰৰ ছয়দুৱাৰ মহাবিদ্যালয়ৰ প্ৰাংগনত অনুষ্ঠিত হয় এই সমাৰোহ।
হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰে গহপুৰ।
অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা, বিধায়ক উৎপল বৰা, শ্ৰীমন্ত শংকৰদেৱৰ শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দনাথ ডেকা বাপ, প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া, সংস্কৃতি শাখা সমিতি সভাপতি পৱিত্ৰপ্ৰাণ বৰাৰ লগতে, বহু বহু গণ্য মান্য ব্যক্তি।
19. আজি বিশ্ব মানক দিৱস।
Bureau of Indian Standards গুৱাহাটী শাখাৰ উদ্যোগত বশিষ্ঠৰ হোটেল ৰত্নমৌলীত এই দিৱস উদযাপন কৰা হয়।
মানকৰনৰ গুৰুত্ব সম্পৰ্কে নিয়ন্ত্ৰক, উদ্যোগ, উপভোক্তাক সজাগতাৰ লক্ষ্যৰে আয়োজন কৰে এই দিৱস।
অনুষ্ঠানত উপস্থিত থাকে অতিৰিক্ত মুখ্য সচিব বিশ্বৰঞ্জন শৰ্মা আৰু বহু কেইগৰাকী গণ্য মান্য ব্যক্তি।
20. মেঘালয়ৰ ৰাজধানী শ্বিলঙত ভয়ংকৰ অগ্নিকাণ্ড।
পায়ল চিনেমাগৃহৰ কাষত সংঘটিত হয় এই ঘটনা।
চৰ্ট চাৰ্কিতৰ ফলতেই জুইৰ সুত্ৰপাত হয়।
অগ্নি নিৰ্বাপন বাহিনী উপস্থিত হৈ জুই নিৰ্বাপন কৰে।