Spread the love
Mising Autonomous Council
Mising Autonomous Council

Rnewsindia24.com Assam Oct 20/2023:- 

1. আজি পৰ্যটকৰ বাবে মুকলি কৰা হল পবিতৰা অভয়াৰণ্য৷
বনমন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী আৰু মন্ত্ৰী পীযূষ হাজৰিকায়ে মুকলি কৰে অভয়াৰণ্যখন৷

2. বি বৰুৱা কলেজলৈ NAACৰ A++ গ্ৰেডৰ স্বীকৃতি।
NAACৰ A++ গ্ৰেড লাভ কৰা বি বৰুৱা কলেজ ৰাজ্যৰ প্ৰথমখন কলেজ।

3. কামাখ্যাৰ পানী যোগান প্ৰকল্প পৰিদৰ্শন কৰে মন্ত্ৰী অশোক সিংঘালে।
লগত সংগ দিয়ে বিভাগীয় অভিযন্তা-বিষয়াসকলে।

4. কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত NLFB কেডাৰক পুনঃসংস্থাপনৰ অনুষ্ঠান৷
অনুষ্ঠানত অংশগ্ৰহণ কৰে DGP জি পি সিঙে, প্ৰমোদ বড়ো আৰু বহু গণ্যমান্য ব্যক্তিয়ে।

5. আজি মহাষষ্ঠী।
ধৰাৰ বুকুত পদাৰ্পণ কৰা দুৰ্গা মাক বেদীত প্ৰতিষ্ঠা কৰা হয়।
বেলবৰণেৰে আৰম্ভ পূজা-অৰ্চনাৰে দেৱীৰ আশীষ লয় ভক্তগণে।

6. উত্তৰপ্ৰদেশত মুকলি হ’ল ভাৰতৰ আটাইতকৈ বেগী ৰে’ল ‘নমো ভাৰত’।
ৰেলখনৰ শুভ উদ্বোধন কৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।

7. ৰাহুল গান্ধী আৰু ছোনিয়া গান্ধীকলৈ বিতৰ্কিত মন্তব্য কৰি বিপদত পৰে ড° হিমন্ত বিশ্ব শৰ্মা।
তৃতীয়বাৰলৈ আদলতৰ চমন জাৰি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা লৈ।

8. দুৰ্গা পূজা উপলক্ষে যান-বাহন শাখাৰ DCP জয়ন্ত সাৰথি বৰাৰ সংবাদমেল।
গধুৰ যান-বাহন পুৱা ৪ৰ পৰা ১০বজাত প্রৱেশ কৰিব পাৰিব মহানগৰীত।

9. ১০ হাজাৰ টকা উৎকোচ লৈ নিলম্বন হয় বিন্নাকান্দি উন্নয়ন খণ্ডৰ BDO শেৱালি চক্ৰৱৰ্তী।

10. দুলীয়াজানৰ অইলৰ তৈলখাদত অব্যাহত প্ৰাকৃতিক গেছৰ নিৰ্গমন৷
জৰুৰীকালীন পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি OIL কৰ্তৃপক্ষৰ নিৰ্দেশনা জাৰি কৰে৷
বাতিল কৰা হয় সকলো বিষয়া-কৰ্মচাৰীৰ ছুটী৷
পৰৱৰ্তী নিৰ্দেশনা নহা পৰ্যন্ত বাহাল থাকিব নিৰ্দেশ৷
সকলো বিভাগীয় কৰ্মচাৰীক সেই স্থান ত্যাগ নকৰাৰ আদেশ OIL কৰ্তৃপক্ষৰ৷

11. বিশিষ্ট সাহিত্যিক, সাংবাদিক প্ৰফুল্ল দত্তৰ দেহাৱসান৷
নতুন দিল্লীৰ RML হাস্পতালত মৃত্যু প্ৰফুল্ল দত্তৰ৷
দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল বিশিষ্ট সাংবাদিকগৰাকী৷

12. গোৱালপাৰাত চাঞ্চল্যকৰ চুৰিকাণ্ড৷
ঐতিহাসিক শ্ৰীশ্ৰী মা শ্যামা কালী মন্দিৰত চুৰি৷
মন্দিৰৰ গ্ৰীলৰ তলা ভাঙি চোৰে লুটে নগদ ধনসহ ১৫ লাখ টকাৰ সোণ-ৰূপৰ অলংকাৰ৷

13. মুম্বাই-আহমেদাবাদ হাইৱেত অঘটন৷
ৰাজপথতে দপদপাই জ্বলি উঠে এখন বাছ৷
বাছখনত আছিল সৰ্বমুঠ ১৬ জন যাত্ৰী, সুকলমে উদ্ধাৰ হয় যাত্ৰীসকল৷
ভালছাদ জিলাৰ পাৰ্দী গাঁও অঞ্চলত সংঘটিত হয় এই ঘটনা৷

14. যোৰহাটৰ দৰঙী চুকত বিধ্বংসী অগ্নিকাণ্ড৷
এটা পৰিয়ালৰ গোসাঁই ঘৰত জুইৰ সূত্ৰপাত৷
জুইত জাহ যায় স্কুটীসহ এখন চাৰিচকীয়া বাহন, লক্ষাধিক টকাৰ সা-সামগ্ৰী ভস্মীভূত হয়।

15. মণিপুৰত উদ্ধাৰ বুজন পৰিমাণৰ মাৰণাস্ত্ৰ৷
দুষ্কৃতিকাৰীয়ে লুটি নিয়া মাৰণাস্ত্ৰ উদ্ধাৰ কৰে নিৰাপত্তাৰক্ষীয়ে।

16. ফটাশিল আমবাৰীত চোৰৰ লুটপাট৷
এখন স্কুটাৰসহ উদ্ধাৰ কৰে ৮টাকৈ চুৰি মোবাইল৷
মহানগৰ আৰক্ষীৰ জালত নাবালকসহ ৭টাকৈ চোৰ৷
ধৃত চোৰকেইটা পৃথ্বী গুপ্তা, ৰোহন ৰয়, অমন গীল, চালাম মিঞা, জিয়াৰুল হক, সজল হক৷

17. বোকাখাতৰ ৬ নং ৱাৰ্ডৰ লাট মণ্ডল প্ৰণৱ বৰাৰ বাসগৃহত ডকাইতি কাণ্ড।
৪ ডকাইতে কাঢ়ি নিয়ে ৩ টাকৈ ম’বাইল ফোন৷

18. ৰেগে ডান্স ফ্লৰৰ উদ্যোগত নৰ্থ ইষ্ট হুনৰবাজ 2023 প্ৰতিযোগিতা সম্পন্ন।
উক্ত প্ৰতিযোগিতাত নৃত্য, গীত,চিত্ৰাংকণ, ফেচন প্ৰতিযোগিতা অনুষ্ঠিত হয়।
প্ৰতিযোগিতা খনি অনুষ্ঠিত হয় জ্যোতি চিত্ৰবনত।
প্ৰতিযোগিতাত ১৭০ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে।

19. নামনীমূৱা ড’নি পঃলঃ ৰেলৰ পৰা জব্দ কৰে চোৰাং ফলা চেগুণ কাঠ।

20. কাৰ্বি আংলঙৰ হাওৰাঘাট নগৰ সাৰ্বজনীন পূজাবাৰীৰ মহাৰজত জয়ন্তী বৰ্ষৰ আয়োজন।
ধ্বজা উত্তোলন, মহাৰজত জয়ন্তীৰ তোৰণ উদ্বোধন আৰু সাংস্কৃতিক শোভাযাত্ৰাৰে কাৰ্যসূচী শুভাৰম্ভণি কৰে ।

 

Sangita Dutta

Sangita Dutta News Editor Rnewsindia24.com

Leave a Reply

Your email address will not be published. Required fields are marked *